বিজেপিৰ ৪২ লাখ সদস্যই নিজৰ লগত এটাকৈ ভোট আনিলেই আমাৰ চৰকাৰ
পুনৰ বিজেপিৰ চৰকাৰ কেনেকৈ? ৰঞ্জিত দাসৰ ফর্মূলা
নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ আসন্ন বিধানসভা নির্বাচনত ১০০ প্লাছ আসন দখলৰ লক্ষ্য বান্ধি লোৱা বিজেপিয়ে পুনৰ ৰাজ্যত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসৰ৷ মঙলবাৰে মহানগৰীৰ হেঙেৰাবাৰীস্থিত বাজপেয়ী ভৱনত আয়োজিত এটা যোগদান কার্যসূচীত অংশগ্রহণ কৰি দাসে দলটোৱে কেনেধৰণৰ সমীকৰণেৰে পুনৰ ক্ষমতা দখলৰ প্রচেষ্টা চলাই আছে, তাৰ আভাস দাঙি ধৰি কয় যে বর্তমান ৰাজ্যত বিজেপিৰ ৪২ লাখ সদস্য আছে৷ সেই ৪২ লাখ সদস্যই নিজৰ লগতে পৰিয়াল বা বন্ধু–বান্ধৱৰ এটাকৈ ভোট সংগ্রহ কৰিবলৈ সক্ষম হ’লেই দল পুনৰ ক্ষমতালৈ অহাটো নিশ্চিত৷ দলৰ ৩,২৪,০০০ পৃষ্ঠাপ্রমুখৰ প্রতিজনকে ৬০জন ভোটাৰৰ দায়িত্ব দিয়া হৈছে৷ এই পৃষ্ঠাপ্রমুখসকলেও দলৰ জয়ত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব৷ দাসে কয় যে অসমৰ দুই কোটি ভোটাৰৰ ৭৫ শতাংশ অর্থাৎ ১.৫ কোটি ভোটাৰে ভোটদান কৰে৷ বিজেপিৰ ৪২ লাখ সদস্যৰ লগত আৰু এটাকৈ ভোট যোগ হ’ল দলে ৮৪ লাখ ভোট লাভ কৰিব৷ ১.৫ কোটি ভোটৰ ৮৪ লাখ ভোট লাভ কৰিলে দলে পুনৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’ব৷ তেওঁ আৰু কয় যে ২০১৪ চনৰ লোকসভা নির্বাচনত বিজেপিয়ে অসমত অকলশৰে প্রতিদ্বন্দ্বিতা কৰি ৮খন আসন লাভ কৰাৰ লগতে বিধানসভা সমষ্টিৰ ৭৯টা সমষ্টিৰ প্রথম স্থানত আছিল৷ সেই অনুসৰি ২০১৬ চনত দলে মিছন ৮৪ লক্ষ্য লৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ ২০১৯ চনৰ লোকসভা নির্বাচনত দলে ১০খন আসন লাভ কৰাৰ লগতে মুঠ ৬৪ লাখ ভোট লাভ কৰে৷ সেই সমীকৰণ অনুসৰিয়েই এইবাৰ বিজেপিয়ে ১০০ প্লাছৰ লক্ষ্য স্থিৰ কৰিছে৷ সাংগঠনিকভাৱে বিজেপি এতিয়া যথেষ্ট শক্তিশালী৷ দলৰ ৩৯খন জিলাত ২৮ হাজাৰ বুথ কমিটী আছে৷ এই বুথ কমিটীসমূহ চোৱাচিতা কৰিবলৈ ৬ হাজাৰ শক্তিকেন্দ্র তত্ত্বাৱধায়ক আছে৷ তদুপৰি দলে ইতিমধ্যে ৩ লাখ ২০ হাজাৰ পৃষ্ঠাপ্রমুখ নিযুক্তি দিছে৷ আনহাতে বিৰোধীয়ে মহাজোঁট গঠনৰ কুচকাৱাজ আৰম্ভ কৰাৰ বিপৰীতে বিজেপিয়ে অহা ছেপ্ঢেম্বৰ মাহৰ পৰাই নির্বাচনী ৰণক্ষেত্রত নামি পৰিবলৈ সাজু হৈছে৷ এই লক্ষ্যৰে কাইলৈ গুৱাহাটীত উপস্থিত হ’ব দলৰ ৰাষ্ট্রীয় সাংগঠনিক সম্পাদক বি এল সন্তোষ৷ সন্তোষৰ উপস্থিতিতে ২৭ আগষ্টত ৰাজ্যিক বিজেপিৰ বিষয়ববীয়াৰ এখন সভা অনুষ্ঠিত হ’ব৷ সভাপতি দাসে প্রকাশ কৰা অনুসৰি সেই সভাৰ পিছতেই অহা চাৰি ছেপ্ঢেম্বৰত শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত নতুন কার্যনির্বাহক সদস্য আৰু বিষয়ববীয়াসকলৰ উপস্থিতিত আন এখন সভা অনুষ্ঠিত হ’ব৷ ইপিনে, বিজেপিৰ এটা সূত্রই প্রকাশ কৰা মতে, তিনিদিনীয়া কার্যসূচীৰে গুৱাহাটীত উপস্থিত হ’ব লগা বি এল সন্তোষে এই ভ্রমণৰ সময়তে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, সভাপতি ৰঞ্জিত কুমাৰ দাসৰ সৈতে পৃথকে পৃথকে বৈঠকত মিলিত হৈ নির্বাচনৰ বিভিন্ন দিশ আলোচনা কৰিব৷
ৰাজ্যিক বিজেপিৰ মুখপাত্র–পেনেলিষ্ট– কোষৰ কার্যকর্তাসকলৰ সৈতে মুখ্যমন্ত্রীৰ মত বিনিময়
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে আজি তেওঁৰ চৰকাৰী বাসভৱনত ৰাজ্যিক বিজেপিৰ মুখপাত্র, পেনেলিষ্ট আৰু মিডিয়া কোষৰ নৱনিযুক্ত কার্যকর্তাসকলৰ সৈতে মত বিনিময় কৰে৷ মুখ্যমন্ত্রীয়ে নৱনিযুক্ত কার্যকর্তাসকলক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কর্মই ধর্ম নীতি সাৰোগত কৰি নতুন উদ্যমেৰে নিজ নিজ কর্তব্যত মনোনিৱেশ কৰাৰ আহ্বান জনায়৷ মুখ্যমন্ত্রী সোণোৱালে কয় যে খিলঞ্জীয়াসকলৰ স্বাভিমানৰ আধাৰ মাটি–ভেটি, কৃষ্টি–সংস্কৃতি, ভাষা সাহিত্য, ঐতিহ্য ৰক্ষাৰ বাবে চৰকাৰ দৃঢ় প্রতিশ্রুতিবদ্ধ৷ এইক্ষেত্রত চৰকাৰখনে বিৰামহীনভাৱে কাম কৰি আহিছে আৰু ভৱিষ্যতেও কৰি যাব৷ খিলঞ্জীয়াসকলক ভূমিপট্টা প্রদানৰ জৰিয়তে তেওঁলোৰ মাটি–ভেটিৰ অস্তিত্ব ৰক্ষাত ব্রতী হোৱাৰ লগতে সত্র–নামঘৰ, মঠ–মন্দিৰৰ মাটি বেদখলমুক্ত কৰি খিলঞ্জীয়াসকলৰ কৃষ্টি–সংস্কৃতি সুৰক্ষিত কৰিছে৷ ভাষা–সাহিত্য সংৰক্ষণৰ বাবে ৰাজ্য চৰকাৰে ভাষা গৌৰৱ আঁচনিৰ অধীনত ৩৩খন সাহিত্য সভালৈ আর্থিক অনুদান আগবঢ়োৱাৰ লগতে শিক্ষানুষ্ঠানত মাতৃভাষা বাধ্যতামূলক কৰি জাতীয়তাবাদৰ বিৰল নিদর্শন দাঙি ধৰিছে৷ অসম চুক্তিক কাগজৰ পৃষ্ঠাৰ পৰা সংসদলৈ কঢ়িয়াই নিয়া বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে অসম চুক্তি ৰূপায়ণৰ কাম–কাজৰ বাবে সুকীয়া কার্যালয় স্থাপন কৰাৰ লগতে শ্বহীদসকলৰ প্রতি শ্রদ্ধা জনাই গুৱাহাটীত ১১০ বিঘা মাটি সামৰি এখন শ্বহীদ উদ্যানৰ কাম হাতত লৈছে৷ শ্বহীদসকলৰ পৰিয়ালক ৫ লাখ টকাকৈ এককালীন সাহায্য প্রদান কৰাৰ লগতে গুলীবিদ্ধ হোৱা শ্বহীদসকলক ২ লাখ টকাৰ সাহায্য আগবঢ়াইছে৷ বৰাক নদীৰ খনন সম্পূর্ণ কৰাৰ ফলত বৰাক উপত্যকাৰ তিনিখন জিলাত বানপানীৰ প্রকোপ হ্রাস পাইছে৷ মুখ্যমন্ত্রীৰ সৈতে হোৱা আজিৰ এই আলোচনাত ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম গোস্বামী, মিডিয়া কোষৰ মুখ্য আহ্বায়ক দেৱান ধ্রুৱজ্যোতি মৰল আদিও উপস্থিত থাকে৷