নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পুলৱামা আক্রমণৰ অভিযোগনামাত মাছুদ আজহাৰ

নিয়মীয়া বাৰ্তা ২৬ আগষ্টঃ জম্মু–কাশ্মীৰৰ পুলৱামাত ২০১৯ চনৰ ১৪ ফেব্রুৱাৰীত সন্ত্রাসবাদীৰ আত্মঘাতী আক্রমণৰ অভিযোগনামা দাখিল কৰিছে ৰাষ্ট্রীয় অনুসন্ধান সংস্থা চমুকৈ নিয়াই৷ পুলৱামা আক্রমণক লৈ জম্মুৰ বিশেষ নিয়াৰ আদালতত দাখিল কৰা অভিযোগনামাত পাকিস্তানস্থিত সন্ত্রাসবাদী সংগঠন জইছ–ই–মহম্মদৰ মুৰব্বী মাছুদ আজহাৰ, আজহাৰৰ ভাতৃ আব্দুল ৰৌফ আজগৰ, নিহত সন্ত্রাসবাদী মহম্মদ ওমৰ ফাৰুক, আত্মঘাতী বোমাৰু আদিল আহমেদ ডৰ আৰু পাকিস্তানত থকা সন্ত্রাসবাদী সংগঠনৰ কেইবাটাও কমাণ্ডাৰৰ নাম সন্নিৱিষ্ট কৰিছে৷ ইয়াৰ উপৰি নিয়াই অভিযোগনামাত এই গোচৰত জড়িত ইতিমধ্যে গ্রেপ্তাৰ কৰা ৬জনৰ নাম সন্নিৱিষ্ট কৰিছে৷ পাকিস্তানৰ পৰা কিদৰে কাশ্মীৰত এই ভয়াৱহ আত্মঘাতী আক্রমণটোৰ পৰিকল্পনা আৰু সফল কৰি তুলিবলৈ সক্ষম হৈছিল সেই সন্দর্ভতো অভিযোগনামাখনত নিয়াই বিতংভাৱে উল্লেখ কৰিছে৷

৫০০০ পৃষ্ঠাৰ এই অভিযোগনামাত পুলৱামাৰ আক্রমণক লৈ সকলো তথ্য, সাক্ষ্য সন্নিৱিষ্ট কৰিছে নিয়াই৷ উল্লেখ্য যে বিগত বর্ষৰ ফেব্রুৱাৰী মাহত এখন কাৰেৰে চি আৰ পি এফৰ কনভয়ত আত্মঘাতী আক্রমণ চলোৱাত ৪০তকৈ অধিক চি আৰ পি এফৰ জোৱান শ্বহীদ হৈছিল৷ কাশ্মীৰৰ অন্যতম ভয়াৱহ আক্রমণ হিচাপে পুলৱামা ঘটনাৰ তদন্তৰ ভাৰ নিয়াই গ্রহণ কৰাৰ পিছতে তদন্তকাৰী সংস্থাটোৱে জম্মু–কাশ্মীৰৰ বিভিন্ন প্রান্তৰ পৰা ৬জন লোকক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল৷ জুলাই মাহত বাডগামৰ পৰা ২৫ বছৰীয়া মহম্মদ ইকবাল আথাৰ নামৰ সন্ত্রাসবাদী এটাক নিয়াই গ্রেপ্তাৰ কৰাৰ পিছতেই আক্রমণ সন্দর্ভত বিভিন্ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে৷ আথাৰে জে ই এমৰ সন্ত্রাসবাদী মহম্মদ ওমৰ ফাৰুকক সকলো ক্ষেত্রতে সহায়–সহযোগিতা কৰিছিল৷ এই ফাৰুকেই আক্রমণৰ অন্যতম পৰিকল্পনাকাৰী আছিল৷

You might also like