নিয়মীয়া বাৰ্তা, ১ নবেম্বৰ : পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত দেবীতোলা যোগানীঘাটত পৰ্বতঝোৰা মন্ডল বিজেপিৰ উদ্যোগত আজি বুট সন্মিলন অনুষ্ঠিত হয়। পৰ্বতঝোৰা মন্ডল বিজেপিৰ সভাপতি সৰ্বেশ্বৰ ৰাভাৰ সভাপতিত্ব অনুষ্ঠিত এই বুথ সন্মিলনত পৰ্বতঝোৰাৰ মুঠ ৮৯টা বুথৰ কাৰ্যকৰ্তাসকলৰ লগতে পৰ্বতঝোৰা এলেকাধীন মুঠ ২৫টা শক্তিকেন্দ্ৰিক কৰ্মকৰ্তাসকলে অংশগ্ৰহণ কৰে। এই সন্মিলনত বিশেষকৈ পৰ্বতঝোৰা এলেকাত বিজেপি দলক অধিক ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে আগন্তুক লোকসভা নিৰ্বাচনত ৰাইজৰ আস্থা অধিক বৃদ্ধি কৰাৰ লক্ষ্যৰে আজিৰ এই বুট সন্মিলনৰ উদ্যেশ্য বুলি পৰ্বতঝোৰা মন্ডল বিজেপি দলৰ সভাপতি সৰ্বেশ্বৰ ৰাভাই জানিবলৈ দিয়ে। আজিৰ অনুষ্ঠানত পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত ৮৯ বুথৰ ভিতৰত ৭৩টা বুথৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ গ্ৰহণ কৰে। লগতে পৰ্বতঝোৰা মহকুমাৰ অন্তৰ্গত ২৫টা শক্তি কেন্দ্ৰৰ ভিতৰত ২১টা শক্তি কেন্দ্ৰৰ কৰ্মকৰ্তাসকলে অংশগ্ৰহণ গ্ৰহণ কৰে। আজিৰ এই সন্মিলন অংশগ্ৰহণ গ্ৰহণ কৰে বিজেপি দলৰ কোকৰাঝাৰ জিলাৰ প্ৰভাৰী বনদ্বীপ ডেকা, অসম ভৈয়াম জনজাতি নিগমৰ উপাধ্যক্ষ বনেন্দ্ৰ কুমাৰ মুছাহাৰী, ধুবুৰী জিলাৰ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তথা অসম অন্যান্য পিছপৰা শ্ৰেণীৰ উপাধ্যক্ষ বিশ্বজিত ৰায়, সাধাৰণ সম্পাদক গোহাই বসুমতাৰী, কোকৰাঝাৰ জিলাৰ বিজেপি দলৰ উপসভাপতি তথা পৰ্বতঝোৰা মন্ডল প্ৰভাৰী লাচিম বড়ো লগতে দলৰ আন আন কৰ্মকৰ্তাসকলে ।
প্ৰেৰক পাৰ্থ সাৰথি চক্ৰৱৰ্তী