বিটিচিত বিজেপি–প্রমোদৰ চমৎকাৰ
বড়োভূমিত হাগ্রামাৰাজৰ অৱসান সর্ববৃহৎ দলতে ক্ষান্ত বিপিএফঃ জনাদেশত ওলোমা পৰিষদ ঃ নিশা দিছপুৰত ক্ষমতা দখলৰ অংক
নিয়মীয়া বাৰ্তা ১৩ ডিচেম্বৰঃ প্রত্যাশিতভাৱেই এইবাৰ বিটিচি নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল প্রবল প্রত্যাহ্বানৰ সন্মুখীন হোৱাৰ বিপৰীতে প্রমোদ বড়োৰ ইউপিপিএল আৰু বিজেপি দলে চমকপ্রদ ফলাফল প্রদর্শন কৰে৷ আজি পুৱা ভোটগণনা আৰম্ভ হোৱাৰ মুহূর্তৰ পৰাই ইউপিপিএল দলে প্রতিটো সমষ্টিতে চমকপ্রদ উত্থানেৰে বিপিএফৰ ভেটি কঁপাই তোলে৷ একেদৰে বিজেপিয়েও প্রথমবাৰৰ বাবে বিটিচিত আশাপ্রদ ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হয়৷ ইউপিপিএলৰ সভাপতি প্রমোদ বড়োৱে এইবাৰ প্রতিদ্বন্দ্বিতা কৰা ককলাবাৰী আৰু গয়বাৰী দুয়োটা সমষ্টিত বিজয় সাব্যস্ত কৰাৰ লগতে দলটোৰ আন দুগৰাকী জ্যেষ্ঠ নেতা তথা প্রাক্তন এনডিএফবি নেতা গোবিন্দ বসুমতাৰীয়ে ভৈৰৱকুণ্ডত আৰু ৰঞ্জিত বসুমতাৰী ওৰফে বি ফেৰেংগাই চিৰাংদুৱাৰ সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয়৷ সেইদৰে বিপিএফৰ সভাপতি হাগ্রামা মহিলাৰীয়ে কচুগাঁও সমষ্টিত ইউপিপিএলৰ উকীল মুছাহাৰীৰ হাতত পৰাজয়বৰণ কৰে৷ অৱশ্যে মহিলাৰীয়ে দেৱৰগাঁও সমষ্টিত জয়লাভ কৰিবলৈ সক্ষম হয়৷ নিশা ১২ বজা পর্যন্ত লাভ কৰা সামগ্রিক ফলাফল অনুসৰি বিপিএফে ১৭টা, ইউপিপিএলে ১২টা, বিজেপিয়ে ৯টা, কংগ্রেছে ১টা আৰু গণ সুৰক্ষা পার্টীয়ে ১টা সমষ্টিত জয়লাভ কৰিছে৷ কোকৰাঝাৰৰ ষ্টাফ ৰিপ’টাৰ আৰু গোসাঁইগাঁৱৰ নিয়মীয়া বার্তাই জনোৱা অনুসৰি যমদুৱাৰত বিপিএফৰ ৰেওৰেৱা নার্জিহাৰীয়ে নিকটতম প্রতিদ্বন্দ্বী ইউপিপিএলৰ জিৰণ বসুমতাৰী, চৰাইবিলত বিপিএফৰ মৃত্যুঞ্জয় নার্জাৰীয়ে নিকটতম প্রতিদ্বন্দ্বী শিলা বসুমতাৰীক, দোতমাত বিপিএফৰ প্রকাশ বসুমতাৰীয়ে নিকটতম প্রতিদ্বন্দ্বী ইউপিপিএলৰ যতীন্দ্র ব্রহ্মক পৰাভূত কৰি জয়লাভ কৰে৷ সেইদৰে ছালাকাটিত দেৰহাছাৎ বসুমতাৰী, গুমাত বিপিএফৰ ৰহিন্দ্র ব্রহ্ম, বনৰগাঁৱত বিপিএফৰ ৰাজীৱ কুমাৰ ব্রহ্ম, কচুগাঁৱত ইউপিপিএলৰ উকীল মুছাহাৰী, শ্রীৰামপুৰত কংগ্রেছৰ সজল কুমাৰ সিংহই জয়লাভ সাব্যস্ত কৰিছে৷ জিলাখনতৰ ফকিৰাগ্রাম সমষ্টিত বিজেপি প্রার্থী অৰূপ কুমাৰ দেই নিকটতম প্রতিদ্বন্দ্বী এআইইউডিএফৰ আনোৱাৰ হুছেইনক পৰাভূত কৰি জয়লাভ কৰে৷
মন কৰিবলগীয়া এয়ে যে এইবাৰ বিটিচি নির্বাচনত কোনো এটা দলেই একক সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম হোৱা নাই৷ ফলত এইবাৰ বিটিচিত কোনো এটা দলেই আন দলৰ সহায় অবিহনে পৰিষদখন গঠন কৰিব নোৱাৰাটো নিশ্চিত হৈ পৰিছে৷ ওলোমা পৰিষদ হোৱাৰ পৰিপ্রেক্ষিতত সম্প্রতি ইউপিপিএল আৰু বিজেপিৰ মাজত মিত্রতাৰ কুচকাৱাজ আৰম্ভ হোৱা দেখা গৈছে৷ নিশাৰ ভাগত নেডাৰ আহ্বায়ক তথা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দিছপুৰস্থিত বাসভৱনত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, বিজেপি নেতা বিশ্বজিৎ দৈমাৰী এখন বৈঠকত মিলিত হয়৷ সেই বৈঠকত ইউপিপিএলৰ সভাপতি প্রমোদ বড়ো আলোচনাত মিলিত হোৱাৰ কথা৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে নির্বাচনী ফলাফল অনুসৰি ওদালগুৰি জিলাৰ ১০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ইউপিপিএলে ৫টা, বিজেপিয়ে ৪টা, বিপিএফে ১টা সমষ্টি দখল কৰিছে৷ বাক্সা জিলাৰ ১১টা পৰিষদীয় সমষ্টিৰ ভিতৰত ইউপিপিএলে ৫টা, বিজেপিয়ে ৩টা, বিপিএফে ২টা আৰু গণ সুৰক্ষা পার্টীয়ে ১টা সমষ্টিত জয়লাভ কৰিছে৷ চিৰাং জিলাৰ ৭টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিপিএফে ৫টা, বিজেপি আৰু ইউপিপিএলে ১টাকৈ পৰিষদীয় সমষ্টিত জয়লাভ কৰিছে৷ কোকৰাঝাৰ জিলাৰ ১২টা পৰিষদীয় সমষ্টিৰ ভিতৰত বিপিএফে ৯টা, ইউপিপিএলে এটা, কংগ্রেছে এটা আৰু বিজেপিয়ে এটা সমষ্টি লাভ কৰে৷ লক্ষণীয় যে, বিধ্বস্ত বিপিএফক এইবাৰ কোকৰাঝাৰ আৰু চিৰাং জিলাইহে উদ্ধাৰ কৰে৷ সেইদৰে এই নির্বাচনত শোচনীয়ভাৱে বিধ্বস্ত হয় কোকৰাঝাৰৰ সাংসদ নৱ শৰণীয়ৰা গণ সুৰক্ষা পার্টী৷ সাংসদ শৰণীয়াই এইবাৰ বিটিচি দখলৰ যি হুংকাৰ দিছিল সেয়া ফুটুকাৰ ফেন হ’ল৷
চিৰাঙত খাম্ফাৰ পতনৰ বিপৰীতে বিপিএফৰ উত্থান
নিয়মীয়া বার্তা, কাজলগাঁও ঃ প্রতিষ্ঠানবিৰোধী প্রবল ঢ়ৌত বিধ্বস্ত হ’ল চিৰাঙৰ পৰিষদীয় সমষ্টি নিজৰ দখলত ৰখা ৰথী–মহাৰথীসকল৷ ১৪নং চিৰাংদুৱাৰ পৰিষদীয় সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা বি পি এফৰ অন্যতম মহাৰথী তথা বিটিচিৰ প্রাক্তন উপ–মুখ্য কার্যবাহী সদস্য খাম্ফা বৰগয়াৰী এইবাৰ নির্বাচনী যুঁজত পৰাজিত হৈছে৷ ইউ পি পি এলৰ প্রার্থী তথা প্রাক্তন এন ডি এফ বি নেতা ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগাৰ হাতত ২,১৪৩টা ভোটৰ ব্যৱধানত খাম্ফা বৰগয়াৰী পৰাজিত হয়৷ ৰঞ্জিত বসুমতাৰী ওৰফে ফেৰেংগাই মুঠ ২০,০২৯টা ভোট লাভ কৰাৰ বিপৰীতে খাম্ফা বৰগয়াৰীয়ে ১৭,৮৮৬টা ভোট লাভ কৰে৷ সেইদৰে ১৫নং কাজলগাঁও পৰিষদীয় সমষ্টিত বি পি এফৰ জ্যেষ্ঠ নেতা তথা বিটিচিৰ প্রাক্তন অধ্যক্ষ পানীৰাম ব্রহ্মই জয়লাভ কৰিছে৷ ব্রহ্মই তেওঁৰ নিকটতম প্রতিদ্বন্দ্বী ইউ পি পি এল দলৰ উপ–সভাপতি তথা বিটিচিৰ প্রাক্তন বিৰোধী দলপতি ৰণগৌৰা নার্জাৰীক ৩,৯৯৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ পানীৰাম ব্রহ্মই মুঠ ২১,৮৪৪টা ভোট লাভ কৰাৰ বিপৰীতে ৰণগৌৰা নার্জাৰীয়ে ১৭,৮৪৮টা ভোট লাভ কৰে৷ সমষ্টিটোৰ গণ সুৰক্ষা পার্টীৰ অর্পণা দাসে ৫,২০৭টা, কংগ্রেছ দলৰ প্রার্থী বিনোদ ব্রহ্মই ৯৩২টা ভোট লাভ কৰে৷ একেদৰে ১৩নং চিৰাঙত ইউ পি পি এলৰ কেন্দ্রীয় সমিতিৰ সাধাৰণ সম্পাদক তথা বিগত বিটিচি নির্বাচনত সমষ্টিটো নিজৰ দখলত ৰাখিবলৈ সক্ষম হোৱা প্রাক্তন এম চি এল এ মাউতি ব্রহ্ম হাজোৱাৰীয়ে এইবাৰ বি পি এফ দলৰ প্রার্থী তথা প্রাক্তন এন ডি এফ বি নেতা ছাইখং বসুমতাৰী ওৰফে চাওৰাইগ্রাৰ হাতত পৰাজয়বৰণ কৰে৷ বি পি এফৰ ছাইখং বসুমতাৰীয়ে মাউতি ব্রহ্ম হাজোৱাৰীক ১,৩৩৯টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ ছাইখং বসুমতাৰীয়ে মুঠ ১৭,২৫৮টা ভোট লাভ কৰাৰ বিপৰীতে মাউতি ব্রহ্ম হাজোৱাৰীয়ে ১৫,৯১৯টা ভোট লাভ কৰে৷ সমষ্টিটোৰ বিজেপিৰ প্রার্থী অলক বসুমতাৰীয়ে ১২,১৩১টা, গণ সুৰক্ষা পার্টীৰ বিদ্যুৎ শৰণীয়াই ৩,৬৫৫টা আৰু ভোটার্ছ পার্টী ইণ্টাৰনেচনেলৰ ফুলমতী বসুমতাৰীয়ে ৯৮টা ভোট লাভ কৰে৷ আনহাতে, ১৯নং থুৰীবাৰী সমষ্টিত বিজেপিৰ প্রার্থী অভিৰাম মহানায়কে নিকটতম প্রতিদ্বন্দ্বী কংগ্রেছ সমর্থিত এ আই ইউ ডি এফৰ খলিলুৰ ৰহমানক ১,৮৫৯টা ভোটৰ ব্যৱধানত পৰাজিত কৰে৷ বিজেপিৰ মহানায়কে ১২,৪৬৮টা ভোট লাভ কৰাৰ বিপৰীতে ৰহমানে ১০,৬০৯টা ভোট লাভ কৰে৷ বি পি এফৰ সমর্থনত প্রার্থী প্রক্ষেপ কৰা অগপৰ পার্থজিৎ ৰায়ে ৮,৫১৭টা, ইউ পি পি এলৰ আবু ছায়েদ আনছাৰিয়ে ১০,০২৭টা, গণ সুৰক্ষা পার্টীৰ ইনামুল হক মাহমুদে ১,৭৪৬টা, চি পি আই (এম)ৰ লংকেশ্বৰ দেৱৰয়ে ৬১৯টা, নির্দলীয় ৩গৰাকী প্রার্থীয়ে ক্রমে ৪৯৭টা, ১৫৯টা আৰু ৬৩টা ভোট লাভ কৰে৷ সেইদৰে ১৬নং নিচিমা সমষ্টিত যোৱাবাৰৰ বিজয়ী প্রার্থী ইউ পি পি এলৰ নির্মল কুমাৰ ব্রহ্ম এইবাৰ বি পি এফৰ প্রার্থী জেমছ বসুমতাৰীৰ হাতত ২,৭৮১টা ভোটৰ ব্যৱধানত পৰাজিত হয়৷ ১৭নং সুভাইজাৰ পৰিষদীয় সমষ্টিৰ বি পি এফৰ প্রার্থী প্রভাত বসুমতাৰীয়ে ১৯,৬৩১টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে৷ নিকটতম প্রতিদ্বন্দ্বী ইউ পি পি এলৰ প্রাক্তন এম চি এল এ গুণেশ্বৰ গয়াৰীয়ে ১৭,৩৩৮টা ভোট লাভ কৰে৷ সমষ্টিটোৰ কংগ্রেছ প্রার্থী অৰুণ নার্জাৰীয়ে ১,৭০১টা, গণ সুৰক্ষা পার্টীৰ বিজয় কুমাৰ ডেকাই ২,২০৮টা ভোট লাভ কৰে৷ ১৮নং মানস ছেৰফাঙত বি পি এফৰ ধনঞ্জয় বসুমতাৰীয়ে ১৩,৭৪৭টা ভোট লাভ কৰি বিজয়ী হয়৷ সমষ্টিটোৰ ইউ পি পি এলৰ প্রার্থী সুৰেশ দৈমাৰীয়ে ১২,৫০৭টা ভোট লাভ কৰে৷ সেইদৰে বিজেপিৰ প্রার্থী শিৱনাথ ব্রহ্মই ১,১৮৪টা, গণ সুৰক্ষা পার্টীৰ জ্যোতিষ কুমাৰ দাসে ৯০৫টা আৰু নির্দলীয় সৰস্বতী ৰায়ে ২,৫৩৪টা ভোট লাভ কৰে৷
পর্বতঝোৰাত বিপিএফৰ মুনমুন ব্রহ্মৰ জয়লাভ
নিয়মীয়া বার্তা, পর্বতঝোৰাঃ ১নং পর্বঝোৰা পৰিষদীয় সমষ্টিত বি পি এফৰ প্রার্থী মুনমুন ব্রহ্মই নিকটতম প্রতিদ্বন্দ্বী ইউ পি পি এলৰ উত্তম হাজোৱাৰীক ৭,৭৭৬টা ভোটৰ ব্যৱধানত পৰাজিত কৰি শেষ হাঁহি মাৰিবলৈ সক্ষম হয়৷ বি পি এফৰ ব্রহ্মই মুঠ ২১,২৫০টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ হাজোৱাৰীয়ে ১৩,৪৭৪টা ভোট লাভ কৰে৷ সমষ্টিটোত এ আই ইউ ডি এফৰ দিলীপ কুমাৰ ব্রহ্মই ৮,৩৮৭টা, নির্দলীয় জগদীশ বসুমতাৰীয়ে ৪,১০৯টা, ৰণজয় কুমাৰ ব্রহ্মই ১৩৭টা, নিভাৰাণী চাংমাই ৪৫৩টা, প্রণেন্দ্র মুছাহাৰীয়ে ৩১৬টা, প্রণেশ গয়াৰীয়ে ৮২০টা, সহন এ চাংমাই ১,৪০৩টা, সুপুল চন্দ্র ব্রহ্মই ৫৫৮টা ভোট লাভ কৰে৷ আনহাতে, সমষ্টিটোত ১,২৮৫টা ভোট বাতিল হয়৷ মন কৰিবলগীয়া এয়ে যে সমষ্টিটোৰ বিজয়ী বি পি এফ প্রার্থী মুনমুন ব্রহ্ম হৈছে হাগ্রামা মহিলাৰীৰ সম্বন্ধীয় খুলশালী৷
ককলাবাৰী–গয়বাৰীত্ প্রমোদ বড়ো, মুছলপুৰত ৰাকেশ ব্রহ্ম বিজয়ী
নিয়মীয়া বার্তা, বাগানপাৰা, তামুলপুৰ, শালবাৰী, মুছলপুৰঃমুছলপুৰ মহকুমাৰ চাৰিটা পৰিষদীয় সমষ্টিৰ ভোটগণনাৰ ফলাফল অনুসৰি ২৩নং দিহিৰা পৰিষদীয় সমষ্টিৰ গণ সুৰক্ষা পার্টীৰ ঘনশ্যাম দাসে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ কনষ্টেইন তির্কীক পৰাজিত কৰে৷ সেইদৰে ২৪নং মুছলপুৰ সমষ্টিত ইউ পি পি এলৰ ৰাকেশ ব্রহ্মই নিকটতম প্রতিদ্বন্দ্বী বি পি এফৰ অনচুমৈ খুংগুৰ বড়োক ৩,০৪১টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ৰাকেশ ব্রহ্মই মুঠ ২৩,৬৫৪টা ভোট লাভ কৰাৰ বিপৰীতে অনচুমৈ খুংগুৰ বড়োৱে ২০,০১৩টা ভোট লাভ কৰে৷ ২২নং ককলাবাৰী সমষ্টিত ইউ পি পি এলৰ প্রমোদ বড়োৱে নিকটতম প্রতিদ্বন্দ্বী গণ সুৰক্ষা পার্টীৰ মৃদুল দাসক ৩,৭৩৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি নির্বাচিত হয়৷ প্রমোদ বড়োৱে মুঠ ২৩,৫০৬টা ভোট লাভ কৰাৰ বিপৰীতে মৃদুল দাসে ১৯,৭৭২টা ভোট লাভ কৰে৷ ২৫নং বাগানপাৰা সমষ্টিত ইউ পি পি এলৰ কাতিৰাম বড়োৱে নিকটতম প্রতিদ্বন্দ্বী বি পি এফৰ ফলিন্দ্র বসুমতাৰীক পৰাস্ত কৰে৷ আনহাতে, ২৬নং দৰঙাজুলি সমষ্টিত বি পি এফৰ বিজিত গৌৰা নার্জাৰীয়ে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ দেৱেন বড়োক ৪,৩৪৭টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বি পি এফৰ প্রার্থীগৰাকীয়ে মুঠ ১৭,২১৮টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপি প্রার্থীগৰাকীয়ে ১২,৮৭১টা ভোট লাভ কৰে৷ সেইদৰে ২৭নং নাগ্রীজুলি সমষ্টিত বিজেপিৰ ধর্মনাৰায়ণ দাসে নিকটতম প্রতিদ্বন্দ্বী নির্দলীয় ৰবীন্দ্র বাসা বিশ্বাসক ৬৪৪টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ বিজেপিৰ প্রার্থীগৰাকীয়ে ১২,৬৬৬টা ভোট লাভ কৰাৰ বিপৰীতে নির্দলীয় প্রার্থীগৰাকীয়ে ১২,০২২টা ভোট লাভ কৰে৷ ২৮নং গয়বাৰী সমষ্টিত ইউ পি পি এলৰ প্রমোদ বড়োৱে বিজেপিৰ হেমন্ত কুমাৰ ৰাভাক ৫,৮৩৫টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ সমষ্টিটোত ইউ পি পি এলৰ প্রমোদ বড়োৱে ২০,৭৭৩টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ হেমন্ত কুমাৰ ৰাভাই ১৪,৯৮৪টা ভোট লাভ কৰে৷ ২৯নং শুক্লাই ছেৰফাং সমষ্টিৰ বিজেপিৰ ৰণেন্দ্র নার্জাৰীয়ে নিকটতম প্রতিদ্বন্দ্বী ইউ পি পি এলৰ প্রদীপ নার্জাৰীক ১,৬৭৪টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ বিজেপিৰ ৰণেন্দ্র নার্জাৰীয়ে ১৩,১৪৫টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ প্রার্থীগৰাকীয়ে ১১,৪৬৯টা ভোট লাভ কৰে৷ ৩০নং গোৰেশ্বৰ সমষ্টিত ইউ পি পি এলৰ পৱিত্র বড়োৱে নিকটতম প্রতিদ্বন্দ্বী বিজেপিৰ গজেন চন্দ্র বড়োক ১,৬০৭টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ ইউ পি পি এলৰ প্রার্থীগৰাকীয়ে ১৬,৩১৪টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ প্রার্থীগৰাকীয়ে ১৪,৭০৯টা ভোট লাভ কৰে৷ আনহাতে, ২১নং শালবাৰী পৰিষদীয় সমষ্টিত বি পি এফৰ জয় মুছাহাৰীয়ে ৪৮২টা ভোটৰ ব্যৱধানত ইউ পি পি এলৰ বিনোদ মুছাহাৰীক পৰাভূত কৰে৷ সেইদৰে ২০নং মঠনগুৰি সমষ্টিত বিজেপিৰ গৌতম দাসে জয়লাভ কৰিছে৷
পাঁচনৈ ছেৰফাঙত বিজেপিৰ দীপক মৌৰ নির্বাচিত
ষ্টাফ ৰিপ’টাৰ, দৰং, নিয়মীয়া বার্তা, মাজবাটঃ ওদালগুৰি জিলাৰ পাঁচনৈ ছেৰফাঙত বিজেপিৰ প্রার্থী দীপক মৌৰ বিজয়ী হৈছে৷ মৌৰে ১৮,৭৬০টা ভোট লাভ কৰি বি পি এফৰ শ্যাম চুণ্ডীক পৰাস্ত কৰে৷ বি পি এফৰ প্রার্থীগৰাকীয়ে ১৪,২৮৯টা ভোট লাভ কৰে৷ সেইদৰে জিলাখনৰ হৰিশিঙা সমষ্টিত ইউ পি পি এলৰ প্রার্থী সঞ্জয় স্বর্গীয়াৰীয়ে বি পি এফৰ প্রার্থী ত্রিদিব দৈমাৰীক ১,৩৩৪টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ স্বর্গীয়াৰীয়ে ১৬,২২১টা ভোট লাভ কৰাৰ বিপৰীতে দৈমাৰীয়ে ১৪,৮৮৭টা ভোট লাভ কৰে৷ একেদৰে মুদৈবড়ী সমষ্টিত বিজেপিৰ দিগন্ত বৰুৱাই ইউ পি পি এলৰ এন্থনী বসুমতাৰীক ৯ শতাধিক ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ দিগন্ত বৰুৱাই ১৭,০৮৯টা ভোট লাভ কৰাৰ বিপৰীতে ইউ পি পি এলৰ প্রার্থীগৰাকীয়ে ১৫,৫৪০টা ভোট লাভ কৰে৷ পাঁচনৈ ছেৰফাঙত বিজেপি প্রার্থীগৰাকীৰ জয়ৰ পাছতেই মাজবাট নগৰকে ধৰি পৰিষদীয় সমষ্টিটোৰ গাঁৱে–ভূঞে বিজেপিৰ সমর্থকসকলে ফটকা ফুটাই আনন্দ–উল্লাস কৰে৷
ভেৰগাঁৱত বিপিএফৰ দুর্গ চূর্ণঃ৫ পৰিষদীয় সমষ্টিৰ তিনিটা বিজেপিৰ–দুটা ইউপিপিএলৰ দখলত
নিয়মীয়া বার্তা, ভেৰগাঁও ঃ ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমাৰ ৫টা পৰিষদীয় সমষ্টিৰ তিনিটা বিজেপিয়ে আৰু দুটা ইউ পি পি এলে দখল কৰে৷ ৩১নং খৈৰাবাৰী সমষ্টিত বিজেপিৰ ভবেন্দ্র বড়োৱে ইউ পি পি এলৰ বাবুল বসুমতাৰীক ১,১১৯টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ ৩২নং ভেৰগাঁৱত ইউ পি পি এলৰ ডাউবাইছা বড়োৱে বি পি এফৰ নেৰচন বড়োক ৬,৫২৮টা ভোটৰ ব্যৱধানত পৰাস্ত কৰে৷ ৩৩নং ননৈ ছেৰফাং সমষ্টিত বিজেপিৰ সঞ্জীত তাঁতীয়ে বি পি এফৰ প্রার্থীগৰাকীক ২,০০৮টা ভোটৰ ব্যৱধানত পৰাভূত কৰে৷ ৩৪নং খালিংদুৱাৰ সমষ্টিত ইউ পি পি এলৰ দিলীপ কুমাৰ বড়োৱে বিজেপিৰ অর্জুন দৈমাৰীক ১,১৫০টা ভোটৰ ব্যৱধানত আৰু ৩৫নং মুদৈবাড়ীত বিজেপিৰ দিগন্ত বৰুৱাই ইউ পি পি এলৰ এন্থনী বসুমতাৰীক ১,৫৩৯টা ভোটৰ ব্যৱধানত পৰাস্ত কৰি বিজয় সাব্যস্ত কৰে৷