🔹 কেইবাজনো পঞ্চায়ত প্ৰতিনিধিৰ বিজেপিত যোগদান
বিশেষ বাৰ্তা, ১০ মাৰ্চ : নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ প্ৰতি সমৰ্থন আগবঢ়াই আজি কেইবাজনো পঞ্চায়ত প্ৰতিনিধিয়ে বিজেপিত যোগদান কৰে। বিজেপিত যোগদান কৰা পঞ্চায়ত প্ৰতিনিধিকেইজনৰ ভিতৰত অন্যতম হৈছে হেলিমা খাতুন, জয় কৃষ্ণ বল আৰু মজিবুৰ ৰহমান। ইপিনে, আজি নগাঁও জিলা বিজেপি কাৰ্যালয়ত সাংবাদিকৰে মত বিনিময় কৰি নগাঁও লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী সুৰেশ বৰাই তেওঁৰ বিজয় নিশ্চিত বুলি মন্তব্য কৰে।বিজেপি প্ৰাৰ্থীজনে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপিয়ে কেন্দ্ৰত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠন কৰিব। গতিকে উন্নয়নৰ স্বাৰ্থতে নগাঁও লোকসভা সমষ্টিৰ ভোটাৰে বিজেপি প্ৰাৰ্থীক ভোট দিয়া উচিত। কিয়নো যোৱাবাৰ কংগ্ৰেছ প্ৰাৰ্থী বিজয়ী হোৱা বাবে সমষ্টিটোৰ বিশেষ উন্নয়ন পৰিলক্ষিত নহ’ল। বৰাই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নমূলক কাম-কাজে ৰাইজক আকৰ্ষিত কৰিছে। গতিকে ৰাইজে বিজেপি প্ৰাৰ্থীক ভোট দিব বুলি আশাবাদী। মত বিনিময় অনুষ্ঠানত বিজেপি প্ৰাৰ্থী সুৰেশ বৰাৰ লগতে বিজেপিৰ নগাঁও জিলা সমিতিৰ সভাপতি অভিজিৎ নাথ, নগাঁও জিলা সংবাদ কোষৰ প্ৰভাৰী ড০ জেফৰিণ মেহজেবিন, সংবাদ বিভাগৰ আহ্বায়ক অলকমণি ভট্টাচাৰ্য্য উপস্থিত থাকে।
প্ৰেৰক কনক হাজৰিকা