“কংগ্ৰেছক অসম আৰু ভাৰতৰ পৰা ৰাইজে বিদায় দিছে”
নিয়মীয়া বাৰ্তা, ২ মাৰ্চঃ সমাগত পৌৰসভা নিৰ্বাচন। পৌৰসভা নিৰ্বাচন উপলক্ষে চাপৰত এতিয়া ৰথী-মহাৰথী ৰাজনীতিকৰ ভিৰ হোৱা পৰিলক্ষিত হৈছে। কিছুদিন পূৰ্বে বিজেপিৰ প্ৰাৰ্থীৰ হৈ প্ৰচাৰ চলাবলৈ আহিছিল ৰাজ্যসভাৰ সাংসদ ভুবনেশ্বৰ কলিতা। আজি বিজেপি প্ৰাৰ্থীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিল ভৱেশ কলিতা।ভৱেশ কলিতাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰি চৰকাৰৰ বিভিন্ন আঁচনিৰ বিষয়ে ব্যক্ত কৰাৰ লগতে চাপৰৰ পৌৰসভাখন নতুন ৰূপত প্ৰতিষ্ঠা কৰা হব বুলি ব্যক্ত কৰে। লগতে চাপৰ অঞ্চলক চিলনী চোৰৰ পৰা ৰক্ষা কৰিবলৈ চাপৰ পৌৰসভাৰ বিভিন্ন অঞ্চলত চি চি কেমেৰাৰ ব্যৱস্থা কৰিব বুলি ঘোষণা কৰে। লগতে কংগ্ৰেছক ক্ষুৰধাৰ সমালোচনা কৰাৰ লগতে কংগ্ৰেছক অসম আৰু ভাৰতৰ পৰা ৰাইজে বিদায় দিছে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফক সাম্প্ৰদায়িক দল বুলি উল্লেখ কৰে। বিজেপিৰ নেতৃত্বত মুছলমান ৰাইজ সকাহ লাভ কৰিছে। নিৰ্দলীয় প্ৰাৰ্থীক ভোট নিদিয়াৰ বাবে আহ্বান ভৱেশ কলিতাৰ। এতিয়া বিলাসীপাৰাৰ এ আই ইউ ডি এফৰ যি গৰাকী বিধায়ক আছে ই এক কেন্দুলাত পৰিণত হৈছে। গতিকে আন দলক ভোট দি নিজৰ উন্নয়নৰ বাধাৰ সৃষ্টি নকৰাৰ বাবে আহ্বান জনায়। বিজেপিয়ে সেৱাৰ ৰাজনীতি কৰে। দুৰ্নীতিক প্ৰশ্ৰয় নিদিয়ে বিজেপিয়ে। আজিৰ এই নিৰ্বাচনী সভাখনত অসম বিজেপিৰ সভাপতি ভবেশ কলিতা, অসম বিজেপিৰ সাংগঠনিক সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ধুবুৰী জিলাৰ সভাপতি তথা চাপৰ পৌৰসভাৰ তত্বাৱধয়ক বিমল ওচোৱাল, বিলাসীপাৰা পূব জিলাৰ সভাপতি প্ৰফুল্ল কলিতা, জিলা প্ৰভাৰী টিনামুনী দৈমাৰী প্ৰমুখ্য বহুত নেতা কৰ্মীৰ উপৰিও দহটা ৱাৰ্ডৰ প্ৰাৰ্থী সকল উপস্থিত থাকে।
প্ৰেৰক আতিকুল হুছেইন