নিয়মীয়া বাৰ্তা, ১ আগষ্ট : নলবাৰী জিলাৰ ভিন্ন গাঁৱত আজি ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ নিৰ্দেশমৰ্মে নলবাৰী জিলা কিষাণ মৰ্চাৰ উদ্যোগত তথা স্থানীয় কৃষকৰ সহযোগত মণ্ডল ভিত্তিত সমূহীয়া ভূঁই ৰোৱা কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলাখনৰ বিভিন্ন ঠাইৰ লগতে চেংনৈ-কটৰা ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কিষাণ মৰ্চাৰ উদ্যোগত তথা স্থানীয় কৃষকৰ সহযোগত মণ্ডল ভিত্তিত সমূহীয়া ভূঁই ৰোৱা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষক মৰ্চাৰ নিৰ্দেশ মৰ্মে নলবাৰী জিলা কৃষক মৰ্চাই মণ্ডল ভিত্তিত বিভিন্ন ঠাইত ভূঁই ৰোৱা কাৰ্যসূচীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ নলবাৰী জিলাৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ, নলবাৰী জিলাৰ কৃষক মৰ্চাৰ সভাপতি ভ্ৰমৰ মজুমদাৰ, কিষাণ মৰ্চাৰ ঘগ্ৰাপাৰ মণ্ডল সমিতিৰ সভপতি প্রতুল চৌধুৰী, বিভিন্ন মণ্ডল সমিতিৰ বিষয়ববীয়াৰ লগতে স্হানীয় খেতিয়কসকল। উল্লেখ্য যে জিলা কিষাণ মৰ্চাৰ এনে পদক্ষেপক স্থানীয় কৃষক ৰাইজে শলাগ লৈছে ।
প্ৰেৰক শ্বাহ আলম আহমেদ