নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত বিজেপিৰ ক্ষেত্ৰীয় বৈঠক

বিশেষ বাৰ্তা, ৬ জুলাইঃ পূব আৰু উত্তৰ-পূব ভাৰতৰ ১২খন ৰাজ্যৰ জ্যেষ্ঠ বিজেপি নেতাসকলে আজি গুৱাহাটীত এখন বৈঠকত মিলিত হৈ আগন্তুক ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ কৌশল ৰচনা কৰে কৰে। বৈঠকত বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বি. এল. সন্তোষ, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী মাণিক সাহাৰ লগতে বিধায়ক আৰু ৰাজ্যিক সভাপতিকে ধৰি দলৰ সাংসদসকলেও অংশগ্ৰহণ কৰিছে। বিজেপিৰ অসম প্ৰদেশৰ সভাপতি ভবেশ কলিতাই কয় যে দিনজোৰা বৈঠকত আলোচনা হ’বলগীয়া মূল বিষয়সমূহৰ ভিতৰত আগন্তুক নিৰ্বাচনৰ সংগঠন আৰু ৰণনীতি সুদৃঢ় কৰা হ’ব। এই বৈঠকৰ পূৰ্বে তেওঁ সাংবাদিকৰ আগত কয় যে আমাৰ লক্ষ্য হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে ক্ষমতালৈ ঘূৰি আহে আৰু আমি এই দিশত কাম কৰি আছো। বিজেপিৰ অসম প্ৰদেশৰ প্ৰভাৰী বৈজয়ন্ত পাণ্ডাই কয় যে দলে কেৱল নিৰ্বাচনৰ পূৰ্বে প্ৰস্তুতি চলোৱাই নহয়, বৰঞ্চ গোটেই বছৰটো ৰাইজৰ সৈতে যোগাযোগত থাকে। এই বৈঠকত পূব আৰু উত্তৰ-পূব ভাৰতৰ সকলো ৰাজ্যিক এককৰ সাংগঠনিক বিষয়ৰ ওপৰত আলোচনা কৰা হ’ব বুলিও তেওঁ কয়। বৈঠকৰ পূৰ্বে বিজেপি নেতাসকলে ভাৰতীয় জনসংঘৰ প্ৰতিষ্ঠাপক শ্যামাপ্ৰসাদ মুখাৰ্জীৰ জন্ম বাৰ্ষিকীত দলৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। এই ১২খন ৰাজ্যত মুঠ ১৪২খন লোকসভা আসনৰ ভিতৰত ২০১৯ চনত বিজেপিয়ে ৬৮খন আসন লাভ কৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যত মুঠ ২৫খন লোকসভাৰ আসন আছে, ইয়াৰে অসমত সৰ্বাধিক ১৪খন আসন আছে। অৰুণাচল প্ৰদেশ, মেঘালয়, মণিপুৰ আৰু ত্ৰিপুৰাত দুখনকৈ আসন থকাৰ বিপৰীতে মিজোৰাম, নাগালেণ্ড আৰু ছিকিমত এখনকৈ আসন আছে। পূবৰ ৰাজ্যসমূহত পশ্চিমবংগত ৪২খন, বিহাৰত ৪০খন, ওড়িশাত ২১খন আৰু ঝাৰখণ্ডত ১৪খন আসন আছে৷ চলিত বৰ্ষৰ শেষৰ ফালে অনুষ্ঠিত হ’বলগীয়া মিজোৰামৰ বিধানসভা নিৰ্বাচন সন্দৰ্ভতো এই বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ৭ জুলাইত নতুন দিল্লীত আৰু ৮ জুলাইত হায়দৰাবাদত বিজেপিৰ উত্তৰ, মধ্য আৰু পশ্চিম ৰাজ্যৰ নেতাসকলৰ বৈঠক অনুষ্ঠিত হ’ব।

You might also like