নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত বৰপেটা লোকসভা সমষ্টিৰ বিজেপিৰ মুখ্য নিৰ্বাচনী কাৰ্য্যালয় মুকলি

বিশেষ বাৰ্তা, ২৯ জানুৱাৰীঃ বৰপেটা লোকসভা সমষ্টিৰ প্ৰথমটো মুখ্য নিৰ্বাচনী কাৰ্য্যালয় আজি নলবাৰীত মুকলি কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। নলবাৰী জিলা বিজেপি কাৰ্য্যালয়ত উক্ত মুখ্য নিৰ্বাচনী কাৰ্য্যালয়টো মুকলি কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ৰাহুল গান্ধীৰ পিছত অসমলৈ প্ৰিয়ংকা গান্ধী আহিব বুলি কৰা মন্তব্যক কটাক্ষ কৰি কয়, অসমলৈ গান্ধী পৰিয়ালৰ কুকুৰ-মেকুৰী, ৰেইহান গান্ধী আহিলেও বিজেপিৰ একো নহয়। গান্ধী পৰিয়ালক অসমৰ মানুহে কিয় আদৰি ল’ব। গান্ধী পৰিয়ালৰ গাহৰি, কুকুৰ-মেকুৰী আহিলেও আমাৰ ক’ব লগা নাই। আনহাতে, বৰপেটা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী হিচাপে প্ৰদ্যুত বৰদলৈৰ নাম সংবাদ মাধ্যমত চৰ্চা চলা সন্দৰ্ভতো আওপকীয়াকৈ বৰদলৈক কটাক্ষ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই পুনৰ কয়, কংগ্ৰেছৰ নেতাবোৰ বহুত ডাঙৰ ডাঙৰ নেতা। তেওঁ‌লোকে য’ত ত’ত নিৰ্বাচন খেলিব পাৰে। মাৰ্ঘেৰিটাৰ পৰা আহি নগাঁৱত সাংসদ হ’ব পাৰে। নগাঁৱত এবাৰ খেলি বৰপেটাত খেলিব বিচাৰে। আমাৰতো সাহসেই নাই। ইপিনে, মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক সম্বোধন কৰি সমাগত লোকসভা নিৰ্বাচনৰ ১৪খন আসনতে বিজেপিয়ে জয়লাভ কৰিব বুলি ঘোষণা কৰে৷

প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন

You might also like