নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নামনি মাজুলীত বিজেপিৰ বৃহৎ পৃষ্ঠাপ্ৰমুখ সন্মিলন

🎯প্ৰতিজন ভোটাৰৰ লগত সম্পৰ্ক স্থাপন কৰিবলৈ ৮৯৯ পৃষ্ঠাপ্ৰমুখক দায়িত্ব অৰ্পণ
🎯মাজুলীৰ পৰা এক লক্ষ ভোট বিজেপিক দিবলৈ আহ্বান
নিয়মীয়া বাৰ্তা, ১২  মাৰ্চ : সমাগত লোকসভা নিৰ্বাচনৰ বাবে মাজুলীত বিজেপিয়ে বৃহৎ সাংগঠনিক তৎপৰতা অৱলম্বন কৰিছে। উক্ত সাংগঠনিক কাৰ্যসূচীৰ অন্তৰ্গত কালি নামনি মাজুলীত এখন বৃহৎ পৃষ্ঠা প্ৰমুখ সন্মিলন অনুষ্ঠিত হয়। বিজেপিৰ নামনি মণ্ডলৰ উদ্যোগত  নামনি মাজুলীৰ বালিচাপৰি মিলিত কৃষ্টি সংঘৰ প্ৰেক্ষাগৃহত ১১ মাৰ্চত অনুষ্ঠিত বৃহৎ পৃষ্ঠা প্ৰমুখ সন্মিলনত সভাপতিত্ব কৰে নামনি মাজুলী বিজেপিৰ মণ্ডল সমিতিৰ সভাপতি প্ৰেমকান্ত মেধিয়ে। সম্পাদক বুদ্ধিন শইকীয়াই আঁত ধৰা উক্ত পৃষ্ঠাপ্ৰমুখ সন্মিলনত নামনি মাজুলীৰ শ্ৰীলোহিত, চিলাকলা, কৰতিপাৰ, আঁহতগুৰি আৰু লোহিত খাবলু গাঁও পঞ্চায়তৰ সহস্ৰাধিক বিজেপিৰ দলীয় কৰ্মীয়ে অংশগ্ৰহণ কৰে। সভাত উক্ত পাঁচখন গাঁও পঞ্চায়তৰ পৰা বিজেপিৰ ৮৯৯জন পৃষ্ঠা প্ৰমুখক দায়িত্ব অৰ্পণ কৰা হয়। উক্ত ৮৯৯জন পৃষ্ঠা প্ৰমুখে মাজুলীৰ ভোটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাত থকা ৬০জনকৈ ভোটাৰৰ লগত সম্পৰ্ক স্থাপন কৰিব। এজন পৃষ্ঠাপ্ৰমুখে ভোটাৰ তালিকাৰ এটা পৃষ্ঠাত থকা ৬০জন ভোটাৰৰ ওচৰত গৈ চৰকাৰে গ্ৰহণ কৰা সকলো আঁচনিৰ পৰা পোৱা উপযোগিতা ভোটাৰক তন্ন তন্নতন্নকৈ বুজাই কব আৰু সমাগত অষ্টদশ লোকসভা নিৰ্বাচনত বিজেপিৰ হৈ প্ৰচাৰ চলাই বিজেপিত ভোটদান কৰাটো নিশ্চিত কৰিব। পৃষ্ঠা প্ৰমুখসকলে ভোটাৰ তালিকাৰ প্ৰতিটো পৃষ্ঠাত নাম থকা ভোটাৰক বিজেপিৰ প্ৰতি আকৃষ্ট কৰিবলৈ আজিৰ সন্মিলনে দায়িত্ব অৰ্পণ কৰে। উক্ত পৃষ্ঠা প্ৰমুখ সন্মিলনত সমল ব্যক্তি হিচাবে মাজুলী জিলা বিজেপিৰ সভাপতি বীৰেন শইকীয়াই ভাষন প্ৰদান কৰি সমাগত লোকসভা নিৰ্বাচনত পৃষ্ঠা প্ৰমুখৰ দায়িত্ব আৰু কৰ্তব্য সন্দৰ্ভত তন্ন তন্নকৈ ব্যাখ্যা ডাঙি ধৰে আৰু সমাগত অষ্টদশ লোকসভা নিৰ্বাচনত মাজুলীৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈক একলাখ ভোট উপহাৰ দিবলৈ ভাষন প্ৰদান কৰে। সভাত মুখ্য অতিথি হিচাপে মাজুলীৰ বিধায়ক ভুবন গামে অংশগ্ৰহণ কৰি পৃষ্ঠা প্ৰমুখসকলে বলিষ্ঠ ভাৱে মাজুলীত বিজেপিক আগবঢ়াই নিবলৈ আহ্বান জনায়। বিধায়ক ভুবন গামে সমাগত লোকসভা নিৰ্বাচনত পুনৰ তৃতীয়বাৰৰ বাবে নৰেন্দ্ৰ মোদীক দেশৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিবলৈ আহ্বান জনায় ভাৰতক বিশ্ব গুৰুৰ আসনত উপবিষ্ট কৰিবলৈ ৰাইজক আহ্বান জনায়। সভাত বিশিষ্ট অতিথি হিচাপে বিজেপিৰ মাজুলী জিলা সমিতিৰ সাধাৰণ সম্পাদক নৃপেন কমান, দলৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক দীপক গোস্বামী, জিলা বিস্তাৰক আদিয়ে অংশগ্ৰহণ কৰে। সহস্ৰাধিক বিজেপিৰ দলীয় কৰ্মী আৰু পৃষ্ঠা প্ৰমুখ সন্মিলনে আজি নামনি মাজুলীৰ বালিচাপৰি অঞ্চলটো মুখৰিত কৰি তোলে।
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড
You might also like