হাজোত বিজেপিৰ বিশেষ বুথ সন্মিলন
নিয়মীয়া বাৰ্তা, ২৯ জানুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ সময়তে আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত শুৱালকুছি-হাজো বিধানসভা সমষ্টিৰ এক বিশেষ বুথ সন্মিলন অনুষ্ঠিত হয়। হাজো নতুন বজাৰত অনুষ্ঠিত এই বিশেষ গোট সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰঞ্জিত দাসে ভাষন ৰাখি কয়, বিজেপি এটি সংঘ অথবা ক্লাব নহয়, এই দলটো হৈছে এখন মহাসাগৰৰ দৰে বিশাল। মানুহৰ যিদৰে স্বাস্থ্য পৰীক্ষা কৰা হয়, তেনেদৰে বিজেপিৰ বুথ সমিতিৰো স্বাস্থ্য পৰীক্ষা কৰাটো অতিব প্ৰয়োজন। বিজেপিত কৰ্মী নাথাকে, থাকে মাত্ৰ কাৰ্য্যকৰ্তা। আগন্তুক লোকসভা নিৰ্বাচনলৈ প্ৰায় সত্তৰ দিন বাকী থকা সময়তে আজি বিশেষ বুথ সন্মিলনৰ জৰিয়তে মন্ত্ৰী ৰঞ্জিত দাসে কাৰ্য্যকৰ্তাসকলক দলীয় কামকাজ শক্তিশালী কৰিবলৈ বুথ সমিতিসমূহক আহ্বান জনায়। হাজো মণ্ডল বিজেপিৰ সভাপতি ভূপেন দাসে আদৰণি জনোৱা আৰু সঞ্চালনা কৰা সভাত হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়াই সন্মিলনত ভাষণ ৰাখি কয়, সংগঠন মানে পাৰ্ট টাইম কৰা কাম নহয়। ইয়াৰ বাবে বাৰ ঘন্টাই কাম কৰিব লাগিব। সমগ্ৰ ৰাজ্যৰ লগতে হাজো সমষ্টিটো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন উন্নয়নমূলক আঁচনি যতে চোৱা যায় তাতেই জিলিকি আছে। যিবোৰ আঁচনিৰ জৰিয়তে জনসাধাৰণ উপকৃত হৈছে। সন্মিলনত বিজেপি নেত্ৰী ডলফি মজুমদাৰ, অশোক ভড়ালী, কামৰূপ জিলা পৰিষদৰ অধ্যাক্ষা ৰীতা তালুকদাৰ, ৩নং পঞ্চতীৰ্থ জিলা পৰিষদৰ সদস্য বিপুল দাস, বিজেপি নেতা জিতেন্দ্ৰ পাটোৱাৰী, কামৰূপ জিলা অনুসূচিত জাতি উপ-সভাপতি নগেন মালাকাৰ, হাজো আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী জোণালী পাঠক, এছ মৰ্চাৰ অধ্যক্ষ নীলকান্ত দাস,বিজেপি নেতা জাকিৰ হুছেইন,ব্ৰজেন ভড়ালী, বিজেপি নেত্ৰী পৰমী দাসে দলৰ সাংগাঠনিক ভেটি সন্দৰ্ভত বিষদ ভাৱে বক্তব্য ৰাখে।
প্ৰেৰক শ্বাহজাহান ইছলাম