মাজুলীত বিজেপিৰ বিশাল গণসমাৱেশ
তিনিশতাধিক লোকৰ বিজেপিত যোগদান
নিয়মীয়া বাৰ্তা, , বিশেষ বাৰ্তা, ১৩ ফেব্ৰুৱাৰী : বিজেপি চৰকাৰে সমাজৰ শেষৰজন ব্যক্তিৰ পৰা উন্নয়নৰ যাত্ৰা আৰম্ভ কৰিছে৷ বিনামুলীয়া চাউলৰ পৰা আৰম্ভ কৰি মহিলাসকলৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দি প্ৰধানমন্ত্ৰী উজ্বলা যোজনালৈকে, কৃষকৰ প্ৰধানমন্ত্ৰী কিষাণ নিধিৰ পৰা আৰম্ভ কৰি আইমাতৃসকলৰ অৰুনোদয় আঁচনিখনলৈকে, আৱাসগৃহৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধিনৰ শৌচাগাৰলৈকে৷ মুখ্যমন্ত্ৰী আৰোগ্য নিধিৰ পৰা আয়ুস্মান ভাৰতলৈকে সকলো দিশতে জনতাই বিজেপিৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে জনসাধাৰণৰ জীৱনধাৰণ প্ৰণালীয়ে সলনি কৰি তুলিছে ৷ আজি মাজুলী গড়মুৰত অনুষ্ঠিত বিজেপিৰ এখন বিষাল জনসভাত ভাষণ প্ৰদান কৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই এইদৰেই কয় ৷ বিজেপিৰ সভাপতিগৰাকীয়ে মাজুলীৰ যাতায়ত যোগাযোগৰ উন্নয়নৰ বাবে দক্ষিণ আৰু উত্তৰ পাৰত নিৰ্মাণ হৈ থকা দুখন দলঙেয়েই মাজুলীৰ অভূতপূৰ্ব উন্নয়নৰ বাহক হিচাপে পৰিচয় দিয়ে বুলি মন্তব্য কৰি ৷ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, মাজুলীৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলীৰ যাতায়ত, মাজুলীৰ চিকিৎসা, মাজুলীৰ কৃষি ক্ষেত্ৰৰ উন্নয়ন সাধন কৰাৰ সমান্তৰালভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীৰ উন্নয়নৰ দিশটোৰ ক্ষেত্ৰত গুৰুত্ব সহকাৰে লক্ষ্য ৰাখে বুলি মন্তব্য কৰে৷ আনহাতে আজিৰ এই বিশাল গনসমাৱেশতে বিজেপিত তিনিশতাধিকৰ যোগদান সম্পৰ্কে সভাপতিগৰাকীয়ে কয় যে মাজুলীৰ উন্নয়নৰ এই অপ্ৰতিৰোধ্য ধাৰাৰ প্ৰতি আকৃষ্ট হৈয়ে আজি বিভিন্ন দলৰ পৰা অহা তিনি শতাধিক লোকে বিজেপিত যোগদান কৰিছে ৷ আজি আমাৰ দলৰ আৰ্দশৰ প্ৰতি আকৃষ্ট হৈ মাজুলীৰ নেতৃস্থানীয় বহু পুৰণা কংগ্ৰেছ কৰ্মী বিজেপিত যোগদান কৰে৷ আনহাতে মাজুলীৰ ২০ খনকৈ গাঁও পঞ্চায়তৰ ১৯খন বিজেপিয়ে আৰু এটা পঞ্চায়ত কংগ্ৰেছ দলে দখল কৰিছিল যদিওঁ আজি যোগদান কাৰ্যসূচীত সেই পঞ্চায়তৰ সদ্য প্ৰাক্তন পঞ্চায়ত সভাপতি সহ বহু দলীয় কৰ্মীয়ে বিজেপিত যোগদান কৰি ৷ আনহাতে আজি বিশাল গনসমাৱেশত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে ভাষণত চৰকাৰী আঁচনিসমুহৰ লগতে মাজুলীৰ উন্নয়নৰ ধাৰা বৰ্তাই ৰখাৰ দিশত চৰকাৰে লোৱা আঁচনি সমুহৰ সম্পৰ্কে ভাষন প্ৰদান কৰে ৷ আজিৰ বিশাল গণ সমাৱেশত মাজুলীৰ বিধায়ক ভুৱন গাম, জিলাৰ বিজেপি সভাপতি বিৰেন শইকীয়াই চৰকাৰ খনে মাজুলীৰ হৈ ৰূপায়ণ কৰা আঁচনিৰ ওপৰত বক্তব্য ৰখাৰ লগতে যুৱ প্ৰযত্মৰ বাবে চৰকাৰখনে গ্ৰহন কৰা আচনি কিদৰে লাভ কৰিব পাৰি , দেশৰ মংগলৰ স্বাৰ্থত দলে কৰি অহা কাম মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজ্যৰ যুৱ প্ৰযত্নৰ বাবে লোৱা কৈল্যাণ কামী আঁচনি আদিৰ ওপৰত বক্তব্য ৰাখে ৷ উল্লেখ্য যে লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শাসকীয় দল বিজেপিয়ে বিভিন্ন ধৰনে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে ৷ বিভিন্ন জনক দলৰ প্ৰতি আৰ্কষিত কৰিবৰ বাবে নেতা সকলে ন-ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে ৷ এই উদ্দেশ্যই দুদিনীয়া কাৰ্যসূচীৰে মাজুলীত উপস্থিত হৈ বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই আজি কংগ্ৰেছকে আদি কৰি বিভিন্ন সংগঠনৰ পৰা আহি বিজেপিত যোগদান কৰা সকলক দলীয় পতাকা পিন্ধাই গেৰুৱা দললৈ আদৰি আনে৷ এই বৃহৎ লোকৰ বিজেপিত যোগদানে বিজেপিৰ মাজুলীৰ স্থিতি সুদৃঢ় কৰিব বুলি আশা প্ৰকাশ কৰিছে দলীয় নেতৃত্বই ৷
প্ৰেৰক প্ৰাঞ্জল খাউণ্ড