নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ কাছাৰ স্বায়ত্ত পৰিষদৰ নিৰ্বাচনী প্ৰচাৰত ব্যস্ত মন্ত্ৰী পীয়ূষ হাজৰিকা

🔹 ‘বিজেপিৰ ২৬খন আসনত জয় নিশ্চিত’

🔹 এছপি-আইপিএছ পৰ্যায়ৰ বিষয়াও এইখন চৰকাৰৰ দিনতে জে’ললৈ গৈছে : মন্ত্ৰী হাজৰিকা   

বিশেষ বাৰ্তা, ২৮ ডিচেম্বৰ : ৰাজ্যত এতিয়া উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী বতৰ। আগন্তুক নিৰ্বাচনত পৰিষদৰ ২২টা সমষ্টিতে বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ী হ’ব বুলি আজি সাংবাদিকৰ আগত প্ৰকাশ কৰি মন্ত্ৰী পীয়ূষ হাজৰিকাই কয় যে আগন্তুক নিৰ্বাচনত বিজেপি দলে খুব ভাল ফলাফল লাভ কৰিব। তেওঁ লগতে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই তিনিদিনীয়া কাৰ্যসূচীৰে উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ বাবে জিলাখনত উপস্থিত থাকিব। দলৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই ইতিমধ্যে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। বিজেপিৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু সমৰ্থন খুবেই বেছি। বৰ্তমানে চলি থকা শাসকীয় দলৰ পৰিষদখনে যথেষ্ট কাম কৰিছে বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। দুৰ্যোগৰ সময়ত দেৱলাল গাৰ্লোচাৰ পৰিষদ তথা অসম চৰকাৰে ৰাইজৰ বাবে যথেষ্ট কাম কৰিছে, গতিকে বিজেপিৰ প্ৰতি ৰাইজৰ আগ্ৰহ আৰু সমৰ্থন খুবেই বেছি। তেওঁ লগতে কয় যে পৰিষদীয় অঞ্চলটোত অসম মালাৰ অধীনত পথ তথা যোগাযোগৰ যথেষ্ট উন্নয়ন হৈছে। এনেবোৰ কাৰণতে ৰাইজৰ বিজেপিৰ প্ৰতি সমৰ্থন বাঢ়িছে। ইতিমধ্যে ২৮টা পৰিষদীয় সমষ্টিৰ ৬টাত বিনা প্ৰতিদ্বন্দ্বিতাৰে বিজেপিৰ প্ৰাৰ্থী জয়ী হৈছে আৰু বাকী ২২টা সমষ্টিৰ ২২টাতে জয়ী হোৱাৰ দাবী কৰে মন্ত্ৰীগৰাকীয়ে। তেওঁ কয়- বিজেপিৰ যদি বেয়াও হয়, তেতিয়াও ২০টা সমষ্টিত জয় নিশ্চিত। মন্ত্ৰীগৰাকীয়ে কয়- বিজেপিক ভোট নিদিয়া সকলো আমাৰে মানুহ, আমি সকলো এটা পৰিয়াল। অঞ্চলটোত শান্তি বৰ্তাই ৰাখিবলৈ সকলোকে আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে। কংগ্ৰেছে পৰিষদীয় নিৰ্বাচনটোত এখনো আসন নাপায় বুলি মন্তব্য কৰে মন্ত্ৰী হাজৰিকাই। আগন্তুক ৩, ৪, ৫ জানুৱাৰীত মুখ্যমন্ত্ৰী ড০ শৰ্মাই অঞ্চলটোত বাহৰ পাতি নিৰ্বাচনী প্ৰচাৰ চলাব বুলি সাংবাদিকক জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে। অন্য এক প্ৰসংগত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত অসমত পুলিচৰাজ হ’বই নোৱাৰে। ইয়াত আইনৰ শাসন চলি আছে। বিষয়টো নস্য়াৎ কৰি তেওঁ কয় যে এইখন চৰকাৰৰ দিনতে দুজনকৈ এছ পি পৰ্যায়ৰ বিষয়া জে’ললৈ গৈছে। আইপিএছ বিষয়াকো জে’ললৈ প্ৰেৰণ কৰা হৈছে। গতিকে পুলিচৰাজ নহয়, অসমত আইনৰ শাসন চলি আছে।

You might also like