চাংসাৰিত বিজেপি কিষাণ মৰ্চাৰ ন-খোৱাত অংশগ্ৰহণ ৰিণিকি ভূঞা শৰ্মাৰ
নিয়মীয়া বাৰ্তা, ২০ জানুৱাৰী : কামৰূপ জিলাৰ চাংসাৰিৰ আঠিয়াবৈত বিজেপি কিষাণ মৰ্চাৰ উদ্যোগত আৰু আকাংক্ষা কৃষিগোটৰ সহযোগত অসমীয়া সমাজৰ পৰম্পৰাগত সংস্কৃতি ন-খোৱা উৎসৱ পালন কৰা হয়। এই ন-খোৱা উৎসৱত অংশগ্ৰহণেৰে কৃষক ৰাইজক উৎসাহিত কৰি তোলে মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাৰ সহধৰ্মিণী তথা প্ৰাইড ইষ্ট এন্টাৰটেইন্টমেন্ট প্ৰাইভেট লিমিটেডৰ মুখ্য সঞ্চালিকা ৰিণিকি ভূঞা শৰ্মাই। একেদৰে অনুষ্ঠানত বিজেপি কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্য, সঞ্জীৱ বৰা, উপ সভাপতি নিবাৰণ লহকৰ, ভাস্কৰজ্যোতি দাস, ভাস্কৰ হাজৰিকা, বিজেপি মহানগৰ জিলা সভাপতি তপন দাসৰ লগতে কেইবাগৰাকী কৃষক নেতা ,শুভাকাংক্ষী উপস্থিত থাকি অঞ্চলটোৰ যুৱ কৃষক সকলক অনুপ্ৰাণিত কৰা পৰিলক্ষিত হয়। তদুপৰি ন-খোৱা উৎসৱত অংশ লয় কামৰূপ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ, মহানগৰ পৰিবহণ আয়ুক্ত গৌতম দাস, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰ বিষয়া ভাস্কৰজ্যোতি কলিতাও। আটাইগৰাকী অভ্যাগতক কৃষক মৰ্চাৰ লগতে আকাংক্ষা কৃষি গোটৰ তৰফৰ পৰা গামোছা, কৃষকৰ জাপিৰ লগতে তেওলোকৰ উৎপাদিত শাক পাচলিৰে সম্বৰ্ধনা প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ পিছতে ৰিণিকি ভূঞা শৰ্মাই প্ৰথমে কৃষক ৰাইজৰ লগত জলপানৰ আপ্যায়ণ গ্ৰহণ কৰাৰ লগতে মহিলাসকলৰ লগত কলপাতত ৰবাব টেঙা খোৱাৰ মাদকতাত বিভোৰ হৈ পৰে। ইয়াৰ পিছতে তেও আকাংক্ষা কৃষিগোটৰ খেতি পথাৰ পৰিদৰ্শন কৰে। আঠিয়াবৈৰ খেতিপথাৰত আকাংক্ষা কৃষিগোটৰ লগতে ইয়াৰ কৃষকে কৰা প্ৰায় দুই হাজাৰ বিঘা ভূমিত সৰিয়হ খেতিৰ লগতে বিঘাই বিঘাই কৰা বিভিন্ন ৰবিশস্যৰ খেতি প্ৰত্যক্ষ কৰি যথেষ্ট অভিভূত হৈ পৰা পৰিলক্ষিত হয়। চিএমডিগৰাকীয়ে ৰঞ্জিত ভট্টাচাৰ্যসহ কৃষক বন্ধুসকলৰ লগত কৃষিক্ষেত্ৰৰ কেতবোৰ আনুষংগিক দিশ পৰ্যাবেক্ষণ কৰাৰ লগতে আলু উঠোৱা কাৰ্যতো অংশ লোৱা পৰিলক্ষিত হয়। তদুপৰি তেও ভেন্দি, লেচেৰা আদি বীজো ৰোপণ কৰে। মৌ হাৰ্বেষ্টিং কাৰ্যতো অংশ লয়। মুঠৰ ওপৰত প্ৰায় এঘন্টা সময় জৈৱিক পদ্ধতিৰে কৰা বিভিন্ন শাক পাচলিৰ মাজত অতিবাহিত কৰি নষ্টালজিক হৈ পৰা পৰিলক্ষিত হয়। ইপিনে খেতিপথাৰ পৰিদৰ্শন কৰি ৰিণিকি ভূঞা শৰ্মাই আকাংক্ষা কৃষিগোটৰ প্ৰচেষ্টাক শলাগ লয়। তেওঁ কয় যে আকাংক্ষা কৃষিগোটৰ যুৱ কৃষকসকলে যি পদক্ষেপ পদক্ষেপ গ্ৰহণ কৰিছে সেয়া ৰাজ্যখনৰ কৃষিখণ্ডৰ বাবে শুভ বাৰ্তা। জৈৱিক কৃষিয়ে মানুহৰ স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰতো ইয়াৰ ভূমিকা অপৰিসীম। তেওঁ কয় যে পাচলিৰ অৱয়ব দেখাত ভাল হ’লেই নহব, কিয়নো সেইবোৰত কীটনাশক ঔষধ দিয়া হয়। জৈৱিক পাচলিত দেখাত সুন্দৰতা নহলেও তাত প্ৰকৃত সতেজ নিহিত হৈ থাকে। এই পাচলি খালে মানুহৰ শাৰীৰিক সুস্থতা অটুত থাকে। গতিকে স্বাস্থ্য ভালে ৰাখিবলৈ হ’লে মানুহে সদায় জৈৱিক পদ্ধতিৰে কৰা শাক পাচলিহে গ্ৰহণ কৰিব লাগে। এই ক্ষেত্ৰত আকাংক্ষা কৃষিগোটে যি কৰিছে সেয়া সচাকৈয়ে ভাল খবৰ। মই বিগত তিনিবছৰে ইয়াৰ ন-খোৱা উৎসৱৰ আমেজ লোৱাৰ সৌভাগ্য লাভ কৰিবলৈ সক্ষম হৈছো। দ্বিতীয়তে সৰিয়হ খেতিৰ সমান্তৰালকৈ ইয়াত বৃহৎ মৌ পালনৰ দৰে লোৱা প্ৰচেষ্টাকো ইতিবাচক নিদৰ্শন বুলি প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্ট প্ৰাইভেট লিমিটেডৰ চিএমডি গৰাকীয়ে সদৰী কৰে। তেও কয়- কৃষিগোটক মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যিধৰণে সহায় কৰিব লাগে সেয়া কৰিছে। বিজেপিৰ সাংগঠনিক সম্পাদকগৰাকীয়েও যুৱ কৃষকসকলৰ উৎসাহ দেখি অভিভূত হয়। ৰঞ্জিত ভট্টাচাৰ্যই কয় যে অসমত এতিয়া কৃষিখণ্ডত সাংঘাতিক পৰিবৰ্তন হৈছে। আজিৰ বহু যুৱ প্ৰজন্ম খেতিৰ প্ৰতি ধাউতি হৈছে। ই সঁচাকৈয়ে আমাৰ বাবে ইতিবাচক দিশ। আকাংক্ষা কৃষিগোটে ভাল কাম কৰিছে। এনেদৰে যুৱ কৃষক সকল খেতিপথাৰৰ প্ৰতি আগ্ৰহী হলে এদিন ৰাজ্যৰ কৃষিখণ্ডই বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হব। ৰাজ্যৰ কৃষিখণ্ড অন্য ৰাজ্যক ফেৰ মাৰিব পৰাকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ যি আত্মনিৰ্ভৰ সপোন সেয়া সাকাৰ ৰূপ দিয়াৰ অংশত আকাংক্ষা গোটৰ ভূমিকা যোগাত্মক। বছৰত তিনিটা খেতিৰে এই অঞ্চলটোত এক কৃষি বিপ্লৱৰ সূচনা হৈছে। এই ক্ষেত্ৰত বিজেপি কৃষক মৰ্চাই তেওঁলোকৰ নিৰন্তৰ অনুপ্ৰেৰণাৰ উৎস হৈ আছে। এইবেলি ভোগালী মেলাতে প্ৰায় পাঁচ কুইণ্টল মৌ বিক্ৰী কৰিবলৈ সক্ষম হৈছে। যোৱা বছৰত সৰিয়হ বিক্ৰী কৰিয়ে ১৪ লাখ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে বুলিও ভট্টাচাৰ্যই কয়। ইয়াৰ পিছতে ৰিণিকি ভূঞা শৰ্মাই সকলো অভ্যাগতৰ লগতে কৃষক ৰাইজৰ লগত হাঁহে মাহে বিধে বিধে বনোৱা ব্যঞ্জনেৰে ন-খোৱা পৰ্বত ভাগ লয়। মনকৰিবলগীয়া যে কৃষক নেতা তথা মুখ্যমন্ত্ৰীৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্যই লোৱা উদ্যোগ আৰু অনুপ্ৰেৰণাতে আকাংক্ষা কৃষিগোটৰ লগতে জালুকবাৰী সমষ্টিৰ কেইবাটাও কৃষি গোটে কৃষি কৰ্মৰ জৰিয়তে নিজকে স্বাবলম্বনৰ পথ প্ৰশস্ত কৰাত উঠিপৰি লগা পৰিলক্ষিত হৈছে।
প্ৰেৰক অনুভৱ কুমাৰ