বিশেষ বাৰ্তা, ১১ আগষ্ট : আজি ভাৰতীয় জনতা পাৰ্টীৰ উত্তৰ গুৱাহাটী মণ্ডলৰ সহযোগত বিজেপি দলৰ ভাতৃ সংগঠন ৰাজ্যিক কিষাণ মৰ্চাই এক বৃক্ষৰোপণৰ বিস্তৃত কাৰ্যসূচী ৰূপায়ণ কৰে। পুৱা ৮ বজাত উত্তৰ গুৱাহাটী বৰগড়ৰ দুয়োকাষত এই বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কিষাণ মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই। বৃক্ষৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভণী অনুষ্ঠানত ভাষণ দি ভট্টাচাৰ্যই কয় যে ভাৰতৰ এগৰাকী অতি বিচক্ষণ তথা দূৰদৰ্শী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অমৃত বৃক্ষ আঁচনিৰ জৰিয়তে ভাৰতবৰ্ষখনক সেউজীয়া কৰাৰ যি পদক্ষেপ লৈছে, তাক অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বাস্তৱত ৰূপ দিয়াৰ মানসেৰে অসমতো এই বৃক্ষ আন্দোলনৰ কাৰ্যসূচী হাতত লৈছে। সেই কাৰ্যসূচী অনুযায়ী অসমৰ প্ৰতিজন নাগৰিককে নিজৰ মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰি তাক ডাঙৰ-দীঘল কৰিবলৈ আহ্বান জনাইছে। মুখ্যমন্ত্ৰীগৰাকীৰ সেই আহ্বানৰ প্ৰতি সঁহাৰি জনাই কৃষক মৰ্চাৰ আজি এই কাৰ্যসূচী বুলি তেওঁ উল্লেখ কৰে। উত্তৰ গুৱাহাটী মণ্ডলৰ সকলো কাৰ্যকৰ্তাকে তেওঁলোকৰ নিজৰ মাতৃৰ নামত একোটাকৈ গছপুলি ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য বজাই ৰখাৰ লগতে সেউজ অসম এখন গঢ়ি তুলিবলৈ আহ্বান জনায়। তেওঁ নিজে এটা গছপুলি ৰুই শুভাৰম্ভ কৰাৰ লগতে মণ্ডলৰ দুশৰো অধিক কাৰ্যকৰ্তাই একোটাকৈ গছপুলি ৰোপণ কৰে। উত্তৰ গুৱাহাটী মণ্ডল কিষাণ মৰ্চাৰ সভাপতি অমৰজি ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত গুৱাহাটী মহানগৰ জিলাৰ সভাপতি তপন দাসেও ভাষণ দিয়ে। এই কাৰ্যসূচী অনুযায়ী জালুকবাৰী সমষ্টিৰ ৫টা মণ্ডলত প্ৰায় এহেজাৰজোপা বৃক্ষৰোপন কৰা হ’ব বুলি জানিবলৈ দিয়ে । এই কাৰ্যসূচীত উত্তৰ গুৱাহাটী মণ্ডলৰ সভাপতি গংগাধৰ দাস, উপ-সভাপতি ৰাজীৱ বৰা, প্ৰদীপ হাজৰিকা, ৰাজু শৰ্মা, মহিলা মৰ্চাৰ সভানেত্ৰী সীমা দাস, উত্তৰ গুৱাহাটী পৌৰসভাৰ উপ-পৌৰপতি তিলক চন্দ্ৰ দাস, সদস্য বিকাশ বড়ো, অনামিকা ডেকা আদি উপস্থিত থাকে।
প্ৰেৰক মুনীন ডেকা