হৰ ঘৰ ত্ৰিৰংগাঃ তিনি হাজাৰ পৰিয়ালক ৰাষ্ট্ৰীয় পতাকা বিতৰণ বিজেপি কৃষক মৰ্চাৰঃ উপস্থিত মৰ্চাৰ উপ সভাপতি ৰঞ্জিত ভট্টাচাৰ্য
নিয়মীয়া বাৰ্তা, ১২জুলাই: দেশৰ স্বাধীনতাৰ ৭৫ বছৰৰ লগত সংগতি ৰাখি ‘আজাদী কা অমৃত মহোৎসৱ’ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ আহ্বান মৰ্মে আজি বিজেপি কৃষক মৰ্চা, অসম প্ৰদেশে এলানি কাৰ্যসূচী ৰূপায়ণ কৰে । এই কাৰ্যসূচীৰ আধাৰত গুৱাহাটী আমিনগাঁওস্থিত লোক নিৰ্মাণ বিভাগৰ পৰিদৰ্শন ভৱন (PWD I B)ত ৰাজ্যিক ভিত্তিত এই কাৰ্যসূচী আৰম্ভ কৰা হয় ।
কাৰ্যসূচীৰ অংশস্বৰূপে আমিনগাঁও অঞ্চলৰ ৩০০০ বাসগৃহত ৰাষ্ট্ৰীয় পতাকা বিনামূলীয়াকৈ বিতৰণ কৰা হয় । কৃষক মৰ্চাৰ জিলা আৰু মণ্ডলৰ কাৰ্যকৰ্তাৰ সহযোগত এই কাৰ্যসূচী ৰূপায়ন কৰা হয় । অনুষ্ঠানত উপস্থিত থাকে বিজেপি কিষাণ মৰ্চাৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক শম্ভু কুমাৰ, কৃষক মৰ্চা অসম প্ৰদেশৰ উপসভাপতিদ্বয় ৰঞ্জিৎ ভট্টাচাৰ্য আৰু ঋষিৰাজ হাজৰিকা, কৃষক মৰ্চাৰ ৰাজ্যিক প্ৰভাৰী অশোক ভট্ৰৰায়, ৰাজ্যিক সাধাৰণ সম্পাদক ইন্দ্ৰানী ফুকন তহবিলদাৰ, ৰাজ্যিক কৃষক মৰ্চাৰ সংবাদ মাধ্যমৰ আহ্বায়িকা অসমী বৰা, সহ আহ্বায়ক প্ৰীতম গোস্বামী, কাৰ্যালয় সম্পাদক তৃষ্ণা দাস শৰ্মা, দীপাংকৰ দেৱনাথ আদি ।