নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লখিমপুৰত বিজেপিৰ কৃষক মৰ্চাৰ উদ্যোগত গছপুলি ৰোপণ

🟢 অনুষ্ঠানত অংশগ্ৰহণ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৭ আগষ্টঃ এখন প্ৰদূষণমুক্ত ৰাজ্য হিচাপে গঢ় দিয়াৰ পণ লৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ বলিষ্ঠ নেতৃত্বত অমৃত বৃক্ষ আন্দোলন নামেৰে গছপুলি ৰোপণ কৰাৰ এক জনজাগৰণ সৃষ্টি কৰিছে। মুখ্যমন্ত্ৰীৰ এই অমৃত বৃক্ষ আন্দোলন ১.০ ত অৰ্থাৎ প্ৰথম বৰ্ষত প্ৰায় ৯০ শতাংশতকৈও অধিক গছপুলি ঠন ধৰি উঠি এক নজিৰ সৃষ্টি কৰিছে । বিগত বৰ্ষৰ দৰে এই বৰ্ষতো অমৃত বৃক্ষ আন্দোলন ২.০ৰ লগত সংগতি ৰাখি কৃষক মৰ্চা অসম প্ৰদেশৰ সভাপতি উৎপল বৰাৰ নেতৃত্বত আৰু ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ তত্ত্বাৱধানত অসমৰ সকলো সাংগঠনিক জিলাতেই ১০০০কৈ গছপুলি ৰোপণ কৰাৰ এক পদক্ষেপ হাতত লোৱা হৈছে। এই অনুষ্ঠানৰ অংশস্বৰূপে আজি ৰাজ্যিক কৃষক মৰ্চাৰ উদ্যোগত আৰু কৃষক মৰ্চা লখিমপুৰ জিলা সমিতিৰ সহযোগত মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যৰ উপস্থিতিত লখিমপুৰ জিলাৰ বিহপুৰীয়া মণ্ডলৰ ৰাজবাৰী অঞ্চলৰ মাধৱদেৱ গুৰুজনাৰ জন্মস্থান লেতেকুপুখুৰীলৈ যোৱা পথৰ দুয়োকাষে ৩০০তকৈ অধিক গছপুলি ৰোপণেৰে এই কাৰ্যসূচী শুভাৰম্ভ কৰা হয়। গছপুলি ৰোপণ কৰি ৰঞ্জিত ভট্টাচাৰ্যই উপস্থিত ৰাইজক উদ্দেশ্যি কয় যে আমি নিজৰ সতি সন্তান যেনেদৰে লালন-পালন কৰো ঠিক তেনেদৰে এই প্ৰতিটো গছপুলিৰ দায়িত্বও আমি আমাৰ সন্তানৰ দৰে চোৱা চিতা কৰি ডাঙৰ দীঘল কৰিব লাগিব। তেওঁ লগতে উল্লেখ কৰে গছ গছনি অবিহনে পৃথিৱীত আন কোনো জীৱকুল জীয়াই থকাটো অসম্ভৱ গতিকে প্ৰতিপালনৰ অভাৱত কোনোটো পুলি যাতে নষ্ট হব নোৱাৰে তাৰ বাবে জিলা সমিতিক বিশেষভাৱে তদাৰক কৰিবলৈ আহ্বান জনায়। কাৰ্যসূচীত কৃষক মৰ্চা লখিমপুৰ জিলাৰ সভাপতি লগতে জিলা বিষয়ববীয়া, বৰ্দ্ধিত বিষয়ববীয়া, জিলাৰ কাৰ্যকৰ্তা লগতে অৰ্ধশতাধিকতকৈও অধিক স্থানীয় মহিলাই সহযোগ কৰে।

You might also like