থানাৰ ভিতৰতে আৰক্ষীক প্রহাৰ কৰি অভিযুক্তক লৈ উধাও বিজেপি নেত্রী
কাকপথাৰত ‘মুখ্যমন্ত্রীৰ ঘনিষ্ঠ’ৰ ভয়ংকৰ কাণ্ড
নিয়মীয়া বাৰ্তা ১০ নৱেম্বৰঃ ৰাইজক সুৰক্ষা দিয়া দূৰৈৰ কৰা, খোদ আৰক্ষী প্রশাসনৰ বিষয়া–কর্মচাৰীয়ে বিজেপি নেতৃত্বাধীন চৰকাৰৰ দিনত এতিয়া ভুগিবলগীয়া হৈছে চৰম নিৰাপত্তাহীনতাত৷ আনকি অপদস্থ হ’বলগীয়া হৈছে শাসনাধিষ্ঠিত বিজেপি কর্মীৰ দ্বাৰা৷ সংঘটিত হয় ৰাজ্যৰ গৃহ বিভাগ তথা আৰক্ষী প্রশাসনক লজ্জানত কৰা এক কাণ্ড৷ কিয়নো অসম ৰাজ্যিক বিজেপিৰ কার্যনির্বাহক সদস্যা দীপাঞ্জলি কাকতি নামৰ মহিলাগৰাকীয়ে আৰক্ষী থানাৰ ভিতৰতে অভদ্র আচৰণ কৰি কর্মৰত এগৰাকী আৰক্ষী বিষয়াক শাৰীৰিকভাৱে কৰিছে অপদস্থ৷ ঘটনাৰ বিষয়ে জানিব পৰা মতে, যোৱা ৮ নৱেম্বৰৰ পৰা কাকপথাৰত আৰম্ভ হোৱা কে পি এল নামৰ ক্রিকেট প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত বিধায়ক বলীন চেতিয়া, বিধায়ক ভাস্কৰ শর্মাৰ প্রতিনিধি ভাদেশ্বৰ মৰাণ, সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি অৰুণজ্যোতি মৰাণসহ ৰাজ্যিক বিজেপিৰ সদস্যা দীপাঞ্জলি কাকতিক মুখ্য অতিথি হিচাপে আমন্ত্রণ জনাইছিল৷ আনহাতে, দীপাঞ্জলি কাকতিৰ গাড়ীচালক হিচাপে আহিছিল ডিৰাক আমগুৰি নগাঁৱৰ শ্রীকান্ত ফুকন নামৰ লোকজন৷ যিজন লোকৰ বিৰুদ্ধে এগৰাকী মহিলাক প্রহাৰ কৰা ঘটনাক লৈ কাকপথাৰ আৰক্ষী থানাত পঞ্জীয়ন হৈ আছিল এটা গোচৰ৷ এই গোচৰৰ পৰিপ্রেক্ষিতত শ্রীকান্ত ফুকন নামৰ লোকজনক কালি খেলপথাৰত দেখা পাই এগৰাকী আৰক্ষী বিষয়াই ফোন কৰি থানালৈ মতাই আনি সোধা–পোছাৰ বাবে আটক কৰে৷ আনফালে দীপাঞ্জলি কাকতিৰ গাডীচালক হিচাপে অহা লোকজনক আৰক্ষীয়ে থানালৈ মাতি পঠিওৱা বাবে উক্ত লোকজনক থানাৰ পৰা মোকলাই নিবলৈ বিজেপি নেত্রী দীপাঞ্জলি কাকতি থানালৈ আহি থানাখনৰ কোনো এজন আৰক্ষী বিষয়াকে কোনো কথাৰ অৱতাৰণা নকৰাকৈ থানাৰ ভিতৰৰ পৰা শ্রীকান্ত ফুকনক লৈ যাবলৈ বিচৰাত আৰক্ষী উপ–পৰিদর্শক অপূর্ব দাসে বাধা প্রদান কৰি ‘আপুনি কোনহে’ বুলি বিজেপি নেত্রীগৰাকীক প্রশ্ণ কৰে৷ এনে এটা সাধাৰণ প্রশ্ণ উত্থাপন কৰাত খঙত খর্গহস্ত হৈ ক্ষমতাই মূৰত ধৰা বিজেপি নেত্রীগৰাকীয়ে অসভ্য আচৰণ কৰি থানাৰ উপ–পৰিদর্শক অপূর্ব দাসে পিন্ধি থকা চৰকাৰী পোছাকযোৰ ফালি পেলোৱাৰ লগতে শাৰীৰিকভাৱে অপদস্থ কৰে৷ লগতে নিজকে ৰাজ্যৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ অতি ঘনিষ্ঠ বুলি চিনাকি দি উপ–পৰিদর্শকগৰাকী চাকৰি ‘খাই দিয়া’ৰ ধমকিও দি থানাখনৰ ভিতৰত এক অপ্রীতিকৰ পৰিস্থিতি সৃষ্টি কৰে৷ ইয়াৰ পাছতে বিজেপি নেত্রীগৰাকীয়ে আচামীক লগত লৈ থানাৰ পৰা উধাও হয়৷
উল্লেখ্য যে কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়াগৰাকীৰ সন্মুখতে ঘটি যোৱা এই অবাঞ্ছিত ঘটনাটোত লজ্জিত আৰু অপমানিত হৈ উপ–পৰিদর্শক অপূর্ব দাসে সমগ্র ঘটনা বিৱৰি এখন এজাহাৰ দাখিল কৰে৷ ইতিমধ্যে উক্ত এজাহাৰৰ ভিত্তিত ৪৮/২০২০ নম্বৰত এটা গোচৰ পঞ্জীয়ন হৈছে যদিও বর্তমানলৈকে বিজেপিৰ নেত্রীগৰাকীক আৰক্ষীয়ে গ্রেপ্তাৰ কৰা নাই৷ আনহাতে, এক নির্ভৰযোগ্য সূত্রৰ পৰা জানিব পৰা মতে, কাকপথাৰ আৰক্ষী থানাত কালি ঘটি যোৱা উক্ত ঘটনাটোৰ পাছত বিজেপিৰ মন্ত্রী–বিধায়কে উক্ত ঘটনাটো গাপ দিয়াৰ বাবে তিনিচুকীয়া জিলাৰ আৰক্ষী অধীক্ষকগৰাকীক হেঁচা প্রয়োগ কৰিছে৷ যাৰ পৰিপ্রেক্ষিতত অভিযুক্ত বিজেপি নেত্রীগৰাকীৰ লগতে আৰক্ষী উপ–পৰিদর্শক অপূর্ব দাসক আজি আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁৰ কার্যালয়লৈ মাতি নিছে৷ লগতে উক্ত ঘটনাটোৰ বিষয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য দিয়াৰ পৰা বিৰত থকা কাকপথাৰ আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়গৰাকীয়ে চি চি টিভি ফুটেজো দিবলৈ অস্বীকাৰ কৰা কার্যই অধিক ৰহস্যজনক কৰি তুলিছে৷ আনহাতে, বিজেপি নেত্রীগৰাকীক ৰক্ষণাবেক্ষণ দিবৰ বাবে এতিয়া বিজেপিৰ একাংশ নেতা–পালিনেতা উঠিপৰি লাগিছে৷ এই ঘটনাৰ পাছত ডুমডুমা সমষ্টিৰ বিধায়ক দুর্গা ভূমিজে প্রতিক্রিয়া প্রকাশ কৰি এনে কার্যক তীব্র গৰিহণা দিয়াৰ লগতে দোষীক উচিত শাস্তি প্রদানৰ দাবী কৰে৷ ইয়াৰ উপৰি কাকপথাৰৰ স্থানীয় জাতীয়–জনগোষ্ঠীয় দল–সংগঠনসমূহে এই ঘটনাটোক তীব্র ভাষাৰে গৰিহণা আৰু ধিক্কাৰ দি এগৰাকী আৰক্ষী বিষয়াক থানাৰ ভিতৰতে এগৰাকী মহিলাই প্রহাৰ কৰাৰ পাছতো আৰক্ষী প্রশাসন বিভাগটো নিশ্চুপ হৈ থকাটো দুখজনক বিষয় বুলি অভিহিত কৰি শাসকীয় দলৰ নেত্রীগৰাকীক কঠোৰ শাস্তি দিয়াৰ বাবে দাবী উত্থাপন কৰি মুখ্যমন্ত্রীক ব্যৱস্থা গ্রহণৰ দাবী জনায়৷