নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত চাঞ্চল্য : স্বামীৰ হাতত প্ৰাণ গল বিজেপি নেত্ৰীৰ

বিশেষ বাৰ্তা, ১৬ মে : নলবাৰী চহৰৰ মাজমজিয়াত আজি পুৱাৰ ভাগত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি সমগ্ৰ জিলাখনক। চহৰৰ ইছলাম চুপাত আজি পুৱাৰ ভাগত সংঘটিত হয় লোমহৰ্ষক হত্যাকাণ্ডটি। উল্লেখ্য যে পাৰিবাৰিক সংঘাতৰ বাবেই নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি মঞ্জুৰ আলমৰ নৃশংস আক্ৰমণত প্ৰাণ গল নলবাৰী জিলা বিজেপি মহিলা মৰ্চাৰ টাউন মণ্ডলৰ সম্পাদিকা তথা নলবাৰী জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী পত্নী চামচিয়া বেগমৰ। পত্নীক স্বামী মঞ্জুৰ আলম আৰু শাহুৱেকে মিলি হত্যা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। অভিযোগ অনুসৰি, আজি পুৱাৰ ভাগত স্বামী মঞ্জুৰ আলমৰ সৈতে চামচিয়া বেগমৰ কোনো কথাক লৈ কাজিয়াৰ সুত্ৰপাত হয়৷ পিছত এই কাজিয়াই ভয়ংকৰ ৰূপ লয়৷ স্বামীৰ হাতুৰীৰ প্ৰচণ্ড কোবত মুহুৰ্ততে প্ৰাণ গল পত্নী চামচিয়া বেগমৰ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা নলবাৰী পৌৰসভাৰ প্ৰাক্তন উপ পৌৰপতি মঞ্জুৰ আলম আৰু নলবাৰী জিলা বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী বিজেপিৰ টাউন মণ্ডলৰ মহিলা মৰ্চাৰ সাধাৰণ সম্পাদিকা চামচিয়া বেগমৰ  মাজত সম্পৰ্কত ফাট মেলিছিল৷ কিন্তু আজি পুৱা পুনৰ স্বামী আৰু স্ত্ৰীৰ মাজত কাজিয়াৰ সুত্ৰপাত হয়৷ আৰু পিছত স্বামীৰ হাতুৰীৰ কোবত মৃত্যু হয় বিজেপি নেত্ৰী চামচিয়াৰ৷ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে অভিযোগ কৰা অনুসৰি চামচিয়াৰ স্বামী মঞ্জুৰ আলমৰ আছিল আন মহিলাৰে সম্পৰ্ক৷ মঞ্জুৰে ড্ৰাগছ সেৱন কৰিছিল৷ আৰু এই কথাত পত্নী চামচিয়া বেগমে বিৰোধিতা কৰাত আজি স্বামী মঞ্জুৰ আৰু তেওঁৰ মাতৃয়ে মিলি চামচিয়াক হত্যা কৰে বুলি অভিযোগ কৰে৷ ইফালে কোনো কোনোৱে পত্নী চামচিয়াৰাৰো পৰপুৰুষৰ সতে অবৈধ সম্পৰ্ক থকাৰ অভিযোগ প্ৰকাশ কৰিছে৷ এনে অভিযোগ প্ৰতিঅভিযোগৰ ফলশ্ৰুতিত সংঘটিত হয় হত্যাকাণ্ডটি। ইতিমধ্যে পত্নীক হত্যা কৰি স্বামী মঞ্জুৰ আলমে নলবাৰী সদৰ থানাত আত্মসমৰ্পণ কৰাৰ কথা জানিব পৰা গৈছে৷ ইপিনে স্হানীয় ৰাইজে মঞ্জুৰ আলমৰ মাতৃ উক্ত হত্যাকাণ্ডত জড়িত বুলি অভিযোগ কৰে যদিও আৰক্ষীৰ তদন্তত প্ৰকৃত ঘটনাৰ কথা পোহৰলৈ আহিব৷ ইপিনে, ঘটনাস্থলীত নলবাৰী আৰক্ষীৰ দল উপস্থিত হৈ ঘটনাৰ প্ৰাথমিক অনুসন্ধান আৰম্ভ কৰি মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নলবাৰীৰ শ্বহীদ মুকুন্দ অসামৰিক চিকিৎসালয়ত চিকিৎসালয়লৈ নিয়ে। জানিব পৰা মতে, মহিলাগৰাকীৰ পিছ মূৰত গুৰুতৰ আঘাতৰ চিন স্পষ্ট হৈ আছে। ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীৰ তদন্ত অব্যাহত আছে৷
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন
You might also like