নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধলপুৰত বিজেপি নেতা ৰঞ্জিত ভট্টাচাৰ্যৰ নেতৃত্বত সদস্যতা অভিযান

নিয়মীয়া বাৰ্তা, ৫ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বিহপুৰীয়া সমষ্টিৰ অন্তৰ্গত ধলপুৰত আজি সদস্যতা অভিযান-২০২৪ শুভাৰম্ভ কৰে সমাজকৰ্মী তথা অসম ৰাজ্যিক কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই৷ তদুপলক্ষে আজি কচুৱা উৰিয়ামগুৰি যুৱক সংঘত এখন ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়৷ নাৰায়ণপুৰ পশ্চিম মণ্ডলৰ সভাপতি গুণাৰাম গগৈৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত বিজেপিৰ সদস্যতা অভিযান-২০২৪ৰ সম্পৰ্কে আলোকপাত কৰি প্ৰতিটো বুথতে এই অভিযান তীব্ৰতৰ কৰি জনসম্পৰ্ক গঢ়ি তুলিবলৈ আহ্বান জনাই কৃষক মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই ৷ ১৬৮নং কচুৱা বুথত প্ৰায় দুই শতাধিক লোকৰ সদস্যতা কৰা বুলি জানিব পৰা গৈছে ৷ আজি এই অভিযান সভাখনত ১৬৮নং বুথৰ সভাপতি বুলটন বৰুৱা, মণ্ডল সদস্যতা অভিযানৰ সহ আহ্বায়ক ধনেশ্বৰ দলে, গিৰিশ চাংমাই,লখিমপুৰ জিলা কৃষক মৰ্চাৰ সাধাৰণ সম্পাদক ভাস্কৰ হাজৰিকা,উপ সভাপতি পৰাগ দত্ত,কৃষক মৰ্চাৰ ৰাজ্যিক সদস্য ৰবিন কলিতা, বিহপুৰীয়া পৌৰসভাৰ প্ৰাক্তন পৌৰপতি দীপক চৰকাৰ, বৰবালি পঞ্চায়তৰ প্ৰাক্তন সভাপতি ভাস্কৰ ভূঞাকে প্ৰমুখ্যে কৰি কেইবা শতাধিক বিজেপি কৰ্মী আৰু শুভাকাংক্ষী উপস্থিত থাকে ৷ দলীয় কৰ্মী সকলে ম’বাইল ফোনৰ জৰিয়তে উপস্থিত ৰাইজক সদস্যতা ভৰ্ত্তিত সহায় কৰি দিয়ে ৷

প্ৰেৰক মাধুৰ্য দাস

You might also like