বিশেষ বাৰ্তা, ২৮ মাৰ্চ : ৰাজ্য চৰকাৰে মহিলাসবলীকৰণৰ ক্ষেত্ৰত ৰূপায়ণ কৰা অৰুণোদয় আঁচনিৰ প্ৰ-পত্ৰ বিতৰণৰ ক্ষেত্ৰত বিহপুৰীয়া বিধানসভা সমষ্টিত শাসকীয় বিজেপিৰ একাংশ কৰ্মকৰ্তাই গুৰুতৰ অনিয়ম সংঘটিত কৰা অভিযোগ উত্থাপন হৈছে৷ ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ মহিলাসকলক অৰুণোদয় ৩.০ আচঁনিত অন্তভুৰ্ক্ত কৰিবলৈ চৰকাৰী কৰ্মচাৰীক নিয়োজিত কৰিছে যদিও বিহপুৰীয়া সমষ্টিত একাংশ বিজেপি কৰ্মীয়ে চৰকাৰী কৰ্মচাৰীৰ বিতৰণ কাৰ্যত ব্যাঘাত জন্মাই ব্যক্তিগত লাভালাভৰ বাবে নিজ পচন্দৰ মহিলাক প্ৰকৃত প্ৰ-পত্ৰ বিতৰণ কৰি অপচন্দ মহিলাক ভুৱা আবেদন পত্ৰ বিতৰণৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ সমষ্টিটোৰ ভোলাবৰী গাঁও পঞ্চায়তৰ একাংশ মহিলাৰ অভিযোগ অনুসৰি তেওঁলোকে লাভ কৰা প্ৰ-পত্ৰসমূহ প্ৰকৃত আবেদন পত্ৰ তথা প্ৰ-পত্ৰৰ সৈতে মিল নাই ৷ ৰাজ্য চৰকাৰে প্ৰদান কৰা প্ৰ-পত্ৰসমূহত নীলা চিয়াঁহীৰ ক্ৰমিক নম্বৰ থকাৰ বিপৰীতে মহিলাসকলে লাভ কৰা প্ৰ-পত্ৰসমূহত ক’লা চিয়াঁহীৰি ক্ৰমিক নং লিখা আছে৷ তদুপৰি প্ৰকৃত আবেদন পত্ৰখনৰ সৈতে চিঞাহীৰ কিছু পাৰ্থক্য স্পষ্ট হৈ থকাত ডুপ্লিকেট আবেদন পত্ৰ বুলি সন্দেহ উপজিছে ৷ এনে আবেদন পত্ৰ দেখি একাংশ আবেদনকাৰী মহিলাই বিষয়টো বিজ্ঞজনৰ পৰা জানিব বিচাৰিও কোনো সুফল লাভ নকৰাত স্থানীয় বিধায়ক ড° অমিয় কুমাৰ ভূঞাৰ কাষ চাপিছিল৷ বিধায়কগৰাকীয়ে মহিলাসকলক কোনো সদুত্তৰ নিদিয়াৰ মহিলাকেইগৰাকীয়ে অৱগত কৰিছে৷ ৰাজ্য চৰকাৰে সমগ্ৰ অসমৰ বাবে প্ৰদান কৰা অনুৰূপ আবেদন পত্ৰসমূহৰ বিপৰীতে বিহপুৰীয়া সমষ্টিত বৈসাদৃশ্য থকা আবেদন পত্ৰ কেনেকৈ আহিল ইয়াকে লৈ ব্যাপক চৰ্চা চলিছে৷ এনে বৈসাদৃশ্য থকা আবেদন পত্ৰৰ জৰিয়তে আবেদন কৰা মহিলাসকলে অৰুণোদয় ৩.০ আচঁনিৰ হিতাধিকাৰী ৰূপে নিৰ্বচিত নোহোৱাৰ আংশকাত ভূগিছে৷ বিধায়কগৰাকীয়ে এনে গুৰুত্বপূৰ্ণ বিষয় এটাত গুৰুত্ব প্ৰদান নকৰাত মহিলা কেইগৰাকী সন্দিহান হৈ পৰিছে ৷ মহিলাসকলে সমগ্ৰ বিষয়টো উৰ্ধতন কৰ্তৃপক্ষই পৰ্যবেক্ষণ কৰিবলৈ আহ্বান জনাইছে৷ আনহাতে অৰুনোদয় ৩.০ আচঁনিৰ দ্বাৰা বঞ্চিত মহিলাসকলক তালিকাভুক্ত কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সময়ত সমষ্টিটোৰ প্ৰান্তে প্ৰান্তে পূৰ্বে অৰুণোদয় আচঁনিত অন্তভূৰ্ক্ত বহু হিতাধিকাৰী কোনো কাৰণ নোহোৱাকৈ নাম কৰ্তন কৰাৰ অভিযোগ সৰ্বত্ৰ৷ প্ৰতিটো পঞ্চায়তত একাংশ প্ৰকৃত হিতাধিকাৰীৰ নাম কৰ্তন কৰাত মহিলাসকলৰ মাজত ক্ষোভৰ উদ্গীৰণ ঘটিছে৷ নাম কৰ্তনৰ আঁৰত বিজেপিৰ একাংশ পঞ্চায়ত পৰ্যায়ৰ নেতা-কৰ্মীৰ বিৰুদ্ধে ব্যাপক অভিযোগ উত্থাপিত হৈছে ৷ আগন্তুক পঞ্চায়ত নিৰ্বাচনত নিজ পচন্দৰ প্ৰাৰ্থী বিজয়ী কৰাৰ চক্ৰান্তত একাংশ মহিলাৰ নাম কৰ্তন কৰাৰ অভিযোগ উত্থাপন হোৱাৰ লগতে আন বিভিন্ন স্থানত স্বজনপ্ৰীতি আৰু আন কৰবাত বিভিন্ন কুটিল ৰাজনীতিক বলি হোৱাৰ অভিযোগ উত্থাপন হৈছে৷ চৰকাৰে মহিলাসকলক প্ৰদান কৰা অৰুণোদয় আচঁনিৰ জৰিয়তে গ্ৰামাঞ্চলৰ আৰ্থিকভাৱে পিছপৰা বহু মহিলা উপকৃত হৈছে৷ এনে পৰিপ্ৰেক্ষিতত প্ৰকৃত হিতাধিকাৰী তথা অৰুণোদয় আচঁনিৰ প্ৰথম পৰ্যায়তে নাম অন্তভূৰ্ক্ত হোৱা হিতাধিকাৰীসকলৰ নাম কি কাৰণে কৰ্তন হ’ল তথা পৰৱৰ্তী সময়ত নাম কৰ্তন হোৱা হিতাধিকাৰীসকল পুনৰ আচঁনিভুক্ত হ’বনে এই লৈ মহিলাসকল সন্দিহান হৈ পৰিছে৷ অৰুণোদয় ৩.০ৰ হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত একাংশ বিজেপি কৰ্মকৰ্তা জড়িত হৈ পৰাত সমগ্ৰ বিষয়টো বিশৃংখল হৈ পৰাৰ লগতে ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে ৷
প্ৰেৰক সমীন কুমাৰ শইকীয়া