নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নির্বাচনত প্রতিদ্বন্দ্বিতা কৰক ড০ শর্মাই’ একমুখে দাবী মন্ত্রী–সাংসদ–বিধায়ক

মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ দুটা টুইটক লৈ ৰাজ্যৰ ৰাজনীতিত আলোড়ন

নিয়মীয়া বাৰ্তা ২৭ আগষ্টঃ  ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা আৰু গড়কাপ্টানী মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ২০২১ৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী নহয় বুলি কালি টুইটাৰযোগে কৰা মন্তব্যই ৰাজ্যৰ ৰাজনীতিত তীব্র আলোড়নৰ সৃষ্টি কৰিছে৷ বিজেপি দলৰ মন্ত্রী–বিধায়কৰ লগতে মিত্রদলৰ সাংসদেও ৰাজ্যখনৰ স্বার্থতেই মন্ত্রী ড০ শর্মাক সিদ্ধান্ত পৰিহাৰ কৰি ২০২১ৰ বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ আহ্বান জনায়৷ এই সম্পর্কত নগৰ উন্নয়ন বিভাগৰ স্বতন্ত্র ৰাজ্যিক মন্ত্রী পীয়ূষ হাজৰিকাই অসমৰ উন্নয়নৰ স্বার্থত মন্ত্রী ড০ শর্মাই আসন্ন বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাটো উচিত বুলি মন্তব্য কৰে৷ সেইদৰে ৰাজ্যসভাৰ সাংসদ তথা মিত্রদল বিপিএফৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰীয়ে মন্ত্রী ড০ শর্মাই কালি টুইটাৰযোগে অহা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী নহয় বুলি কৰা মন্তব্যত জনসাধাৰণ হতাশ হৈছে বুলি মন্তব্য কৰে৷ ড০ শর্মা অবিহনে অসমৰ ৰাজনৈতিক ক্ষেত্রখন কি হ’ব বুলি প্রশ্ণ কৰি তেওঁ কয় যে সকলো ক্ষেত্রতে প্রত্যেকেই ড০ শর্মাৰ ওপৰতে আশা কৰি আহিছে৷ সেয়ে তেওঁ নির্বাচনত প্রতিদ্বন্দ্বিতা নকৰোঁ বুলি কৰা ঘোষণাত মানুহ নার্ভাছ হৈছে৷ বিধায়ক প্রশান্ত ফুকনে মন্ত্রী ড০ শর্মাক সিদ্ধান্ত পুনৰ বিবেচনাৰ আহ্বান জনাই কয় যে অসমৰ উন্নয়নৰ বাবে ড০ শর্মাই গ্রহণ কৰা পদক্ষেপক কোনেও নুই কৰিব নোৱাৰে৷ অসমৰ উন্নয়নৰ ক্ষেত্রত তেওঁৰ বহু প্রাসংগিকতা আছে৷ সেয়ে ড০ শর্মাক অহা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰাৰ লগতে পৰৱর্তী চৰকাৰৰ মন্ত্রীসভাত অংশগ্রহণ কৰি উন্নয়নৰ গতি আৰু অধিক ত্বৰান্বিত কৰাৰ আহ্বান জনায়৷ বিধায়ক ৰূপক শর্মায়ো ড০ শর্মাক সিদ্ধান্ত প্রত্যাহাৰ কৰি নির্বাচনত অংশগ্রহণ কৰিবলৈ আহ্বান জনায়৷ বিধায়ক কিশোৰ নাথে প্রতিক্রিয়া প্রকাশ কৰি কয় যে নির্বাচন নেখেলাৰ যি সিদ্ধান্ত হিমন্ত বিশ্ব শর্মাই গ্রহণ কৰিছে সেয়া আমিও নামানো, ৰাইজেও নামানে৷ বিধায়ক বিজয় মালাকাৰে কয় যে অসমেই নহয়, উত্তৰ–পূবত ড০ হিমন্ত বিশ্ব শর্মাৰ বিকল্প নেতা নাই৷ গতিকে হিমন্ত বিশ্ব শর্মাই সিদ্ধান্ত পৰিহাৰ কৰি অহা বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবই লাগিব৷ ইপিনে, বিধায়ক মৃণাল শইকীয়াই দল আৰু চৰকাৰৰ বাবে ড০ হিমন্ত বিশ্ব শর্মা অগ্রণী ব্যক্তি বুলি উল্লেখ কৰি কয় যে তেওঁ এতিয়া এনে পর্যায়ত আছে যে তেওঁৰ জীৱনটোৰ ওপৰত কেৱল তেওঁৰেই অধিকাৰ নাই৷ তেওঁৰ জীৱনৰ ওপৰত ৰাইজৰো অধিকাৰ আছে৷ ড০ শর্মাই নিজে ইচ্ছা কৰিলেই এই নির্বাচনী ৰাজনীতি এৰি যাব নোৱাৰিব৷ তেওঁ নির্বাচন খেলিবই লাগিব৷ সেইদৰে বিধায়ক ডাঃ নোমল মমিনে কয় যে অসমৰ জনগণৰ স্বার্থত তেওঁ নির্বাচনত অৱতীর্ণ হ’বই লাগিব৷ তেওঁ নির্বাচনত অৱতীর্ণ নহ’লে অসমৰ সাংঘাতিক ক্ষতি হ’ব৷ আনহাতে বিজেপিৰ ৰাজ্যিক উপ–সভাপতি জয়ন্ত মল্ল বৰুৱাই এই সম্পর্কত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে এচাম লোকে ড০ হিমন্ত বিশ্ব শর্মাৰ দেশপ্রেম, জাতীয় প্রেমক উচ্চাকাংক্ষাৰ দৃষ্টিভংগীৰে চাই অহাৰ বাবেই হয়তো তেওঁ তেনে সিদ্ধান্ত ল’ব বিচাৰিছে৷ এসময়ৰ কটন কলেজৰ সাধাৰণ সম্পাদক হিমন্ত বিশ্ব শর্মা আৰু আজিৰ হিমন্ত বিশ্ব শর্মাক একে দৃষ্টিভংগীৰে চালে ভুল হ’ব৷ উল্লেখ্য যে কালি সন্ধিয়া মন্ত্রী ড০ শর্মাই এটা টুইটত উল্লেখ কৰিছিল– ‘কিছু লোকে মই পদ আৰু পদবীৰ প্রতি আগ্রহী বুলি অনুভৱ কৰে৷ কিন্তু মোৰ একমাত্র আকাংক্ষা ১০০ প্লাছ আসনেৰে বিজেপি চৰকাৰ প্রত্যক্ষ কৰা৷ শেহতীয়া কেইমাহত মই ৰাজ্যখনৰ বাবে যিমানদূৰ সম্ভৱ কাম কৰিব বিচাৰিছোঁ, যিয়ে মোক আত্মিক সন্তুষ্টি প্রদান কৰিব বুলি বিশ্বাস কৰিছোঁ৷ ‘জননী জন্মভূমিশ্ব স্বর্গাদপি গৰীয়সী৷’ সেই টুইটটোৰ প্রায় এঘণ্টামান পিছতেই আন এক টুইটত মন্ত্রী ড০ শর্মাই স্পষ্ট ভাষাৰে উল্লেখ কৰে– ‘মই ইতিমধ্যে বহু ৰাজহুৱা মঞ্চত আগন্তুক বিধানসভা নির্বাচনত প্রতিদ্বন্দ্বিতা কৰিবলৈ আগ্রহী নহয় বুলি প্রকাশ কৰি আহিছোঁ৷ নির্বাচনত মোৰ দল আৰু ৰাজ্যখনৰ বাবে সেৱা আগবঢ়োৱাতহে মোৰ কাম–কাজ সীমাবদ্ধ ৰাখিব বিচাৰোঁ৷ অসমৰ ভৱিষ্যতৰ বাবে আমাক এখন শক্তিশালী ৰাষ্ট্রবাদী চৰকাৰৰ প্রয়োজন৷’ মন্ত্রী ড০ শর্মাৰ সেই টুইটৰ পিছতেই ৰাজ্যৰ ৰাজনীতিত তীব্র আলোড়নৰ সৃষ্টি হয়৷

You might also like