নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মন্ত্রী ড০ শর্মাৰ ঘোষণাঃ বিপিএফৰ সলনি বিজেপিৰ নতুন মিত্র হ’ব ইউপিপিএল

নিয়মীয়া বাৰ্তা ২৯ ডিচেম্বৰঃ হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফৰ পৰিৱর্তে অনাগত দিনত প্রমোদ বড়োৰ ইউ পি পি এল দলৰ সৈতেহে বিজেপিয়ে মিত্রতা কৰিব৷ আজি সংবাদ মাধ্যমৰ আগত এই বিষয়ে প্রকাশ কৰি ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্ত, স্বাস্থ্য, শিক্ষা, লোকনির্মাণ বিভাগৰ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে যোৱা শনিবাৰে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে ইউ পি পি এলৰ এখন বৈঠক অনুষ্ঠিত হয়৷ অমিত শ্বাহে সেই বৈঠকতে ইউ পি পি এলক এন ডি এৰ মিত্রদল হিচাপে গ্রহণ কৰে৷ ইয়াৰ লগে লগে বিজেপিৰ নতুন মিত্রশক্তি হিচাপে ইউ পি পি এল চামিল হয়৷ ফলত অহা বিধানসভা নির্বাচনত বি পি এফৰ পৰিৱর্তে ইউ পি পি এল বিজেপিৰ মিত্রশক্তি হোৱাটো নিশ্চিত হৈ পৰে৷ ইউ পি পি এলৰ উপৰি অসমত বিজেপিৰ মিত্রশক্তি হিচাপে থাকিব অগপ, ৰাভা সংগ্রামী যৌথ মঞ্চ, গণ শক্তিও৷ মন্ত্রী ড০ শর্মাই প্রকাশ কৰা অনুসৰি অগপৰ সৈতে বিজেপিৰ প্রাৰম্ভিক কথা–বতৰা হৈ আছে৷ আসন বুজাবুজিক লৈ বহুত বেছি মতবিৰোধৰ আশা কৰা নাই৷ আসন বুজাবুজিৰ প্রসংগত তেওঁ কয় যে অহা ফেব্রুৱাৰী মাহত আটাইৰে শক্তি পর্যালোচনা কৰি আসন বুজাবুজিৰ বিষয়টো হৈ উঠিব৷ মন্ত্রী ড০ শর্মাৰ আজিৰ ভাষ্যৰ লগে লগে বিজেপিৰে বি পি এফৰ ৫ বছৰীয়া মধুচন্দ্রিকা অহা বিধানসভা নির্বাচনৰ দিন ঘোষণাৰ লগে লগে অৱসান হোৱাটো নিশ্চিত হৈ পৰিল৷ অৱশ্যে হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দল এতিয়াও দিছপুৰত বিজেপিৰ সৈতে চৰকাৰৰ অংশীদাৰ হৈ আছে যদিও তেওঁলোকেও বিজেপিৰ পৰা নিৰাপদ দূৰত্বত অৱস্থান লৈহে মিত্রতা অব্যাহত ৰাখিছে৷ বৰং একে সময়তে বি পি এফ দলে অনাগত দিনত নৱগঠিত অসম জাতীয় পৰিষদৰে মিত্রতাপাশত আবদ্ধ হোৱাৰ কুচকাৱাজ চলাই আছে৷ অসম জাতীয় পৰিষদৰ কার্যকৰী সভাপতি পবিন্দ্র ডেকাই ইতিমধ্যে বি পি এফৰে তেওঁলোকৰ প্রাৰম্ভিক যোগাযোগ চলি থকাৰ বিষয়ে প্রকাশ কৰিছে৷ সমান্তৰালভাৱে বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰীয়েও এইবাৰ মিত্রশক্তি বাছনিৰ ক্ষেত্রত আঞ্চলিক শক্তিক অধিক প্রাধান্য দিয়া দেখা গৈছে৷ সকলো ঠিকে–ঠাকে আগবাঢ়িলে বড়োভূমিৰ ইউ পি পি এল দল বিজেপিৰ মিত্রশক্তি হোৱাৰ দৰে বি পি এফ দল অসম জাতীয় পৰিষদৰ মিত্রশক্তি হোৱাৰ সম্ভাৱনাই প্রকট৷

You might also like