বিশেষ বাৰ্তা, ১৩ জুনঃ সন্নিকট লোকসভা নিৰ্বাচন। সকলো ৰাজনৈতিক দলৰ প্ৰস্তুতি তুংগত। ইতিমধ্যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি আৰম্ভ কৰিছে বিজেপিয়ে। ৰাজনৈতিক সমীকৰণৰ লগতে আৰ এছ এছৰ পৰা পোৱা পৰামৰ্শৰ পিছত জাতিগত সমীকৰণৰ প্ৰচেষ্টা চলোৱা হৈছে। ইফালে এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰি দলীয় নেতৃত্বই ৰাজ্যসভাৰ সকলো বিজেপি সাংসদক ২০২৪ চনত লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হ’বলৈ কোৱাৰ খবৰ আহিছে। তথ্য অনুসৰি বিজেপিৰ শীৰ্ষ নেতৃত্বই দলটোৰ ৰাজ্যসভাৰ সাংসদ (যিসকল কেবিনেট মন্ত্ৰী)ক ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ বাবে লোকসভাৰ আসন বিচাৰি উলিয়াবলৈ কয় য’ৰ পৰা তেওঁলোকে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব। সূত্ৰৰ পৰা পোৱা তথ্য অনুসৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বৈদেশিক মন্ত্ৰী এছ জয়শংকৰকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰীকে এই কথা জনাইছে। উল্লেখ্য যে বিজেপিৰ ৰাজ্যসভাৰ সাংসদ তথা এতিয়া কেবিনেট মন্ত্ৰী তথা তেওঁলোকে খেলিব পৰা সম্ভাব্য নিৰ্বাচনী সমষ্টিৰ তালিকা এনেধৰণৰ- বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ। তেওঁ তামিলনাডুৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে। বৈদেশিক মন্ত্ৰী ড° এছ জয়শংকৰ। মহাৰাষ্ট্ৰৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব কেন্দ্ৰীয় বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী, উপভোক্তা পৰিক্ৰমা, বস্ত্ৰশিল্প মন্ত্ৰী পীয়ুষ গোৱেলে। শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে নিৰ্বাচনৰ বতৰত উৰিষ্যাৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে। নাৰায়ণ ৰাণেও আছে এই তালিকাত। মধ্যপ্ৰদেশৰ জ্যোতিৰাদিত্য সিন্ধিয়াও সমষ্টিৰ সন্ধানত। ওড়িশাৰ অশ্বিনী বৈষ্ণৱো সমষ্টিৰ বাবে কৰিব লাগিব চিন্তা-চৰ্চা। পঞ্জাব বা জম্মু-কাশ্মীৰৰ পৰা নিৰ্বাচন খেলিব লাগিব হৰদীপ সিং পুৰীয়ে। গুজৰাট পৰা খেলাৰ কথা ভাবিব স্বাস্থ্যমন্ত্ৰী মনসুখ মাণ্ডবিয়াই। হাৰিয়ানা বা ৰাজস্থানৰ পৰা আছে ভূপেন্দ্ৰ যাদৱ। গুজৰাটৰ পৰা পুৰুষোত্তম ৰূপালাও তালিকাত আছে। ইফালে এইক্ষেত্ৰত অসমৰ পৰা ৰাজ্যসভাৰ সাংসদ সৰ্বানন্দ সোণোৱালৰো নাম আছে। কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে সোণোৱালে। যদি বিজেপিৰ মাষ্টাৰ প্লেন হিচাপে ৰাজ্যসভাৰ সাংসদে যদি নিশ্চিতভাৱে লোকসভা নিৰ্বাচন খেলিব লাগে তেন্তে সোণোৱালেও বিচাৰিব লাগিব সমষ্টি। এইক্ষেত্ৰত সোণোৱালে পছন্দ কৰিব কোন সমষ্টি। যদি এতিয়াৰ বিজেপি সাংসদ থকা সমষ্টিয়ে সোণোৱালৰ পছন্দৰ তালিকাত উঠে, তেন্তে নিশ্চিতভাৱে আহিব জটিলতা, সেয়া নিৰ্ভৰ কৰিব বিজেপিৰ প্লেনিঙৰ ওপৰত। অৱশ্যে কোনে কোনখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব লাগিব, প্ৰতিদ্বন্দ্বিতা কৰিব নে নকৰে সেই সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত ল’ব দলৰ নেতৃত্বই।