নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কংগ্রেছ-ইউডিএফৰ সদায় মিল আছে : মন্ত্ৰী পীয়ূষ

বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কংগ্রেছ–এআইইউডিএফৰ মিল সদায় আছে৷ কেতিয়াবা দল দুটাই মিত্রতা কৰি মিলি থাকে, কেতিয়াবা মিত্রতা নকৰাকৈ ভিতৰি ভিতৰি মিলি থাকে৷ – এই মন্তব্য মন্ত্রী পীয়ূষ হাজৰিকাৰ৷ মন্ত্রী হাজৰিকাই কয় যে কংগ্রেছ আৰু এআইইউডিএফৰ মিত্রতা আছেনে নাই ধৰিবই নোৱাৰি৷ যোৱাবাৰ লোকসভা নিবাচনত কংগ্রেছ–এআইইউডিএফৰ মিত্রতা নাছিল৷ কিন্তু এ আই ইউ ডি এফ দলে সেইবাৰ নগাঁও, কলিয়াবৰত দলীয় প্রার্থী দিয়া নাছিল৷ এআইইউডিএফে প্রার্থী দিলে নগাঁৱত বিজেপি জয়ী হ’লহেঁতেন৷ কলিয়াবৰত কংগ্রেছ জয়ী হ’ব নোৱাৰিলেহেঁতেন৷ সেইদৰে ধুবুৰী লোকসভাতো কংগ্রেছে সেইবাৰ দুর্বল প্রার্থী দিছিল৷ সেইদৰে যোৱা বিধানসভা নির্বাচনত কংগ্রেছ–এআইইউডিএফে মুকলি মিত্রতা কৰিছিল৷ যোৱা ৰাজ্যসভা নির্বাচনতো কংগ্রেছ–এআইইউডিএফে মিত্রতা কৰিছিল৷ তদুপৰি দিল্লীত সদায় কংগ্রেছ–এআইইউডিএফৰ্ মিত্রতা আছেই৷ এআইইউডিএফৰ সভাপতি সাংসদ বদৰুদ্দিন আজমল সদায় ইউপিএৰ লগতে সৌসিদিনালৈ আছিল৷ সংসদৰ মজিয়াত কংগ্রেছে সদায় এআইইউডিএফৰ ভোট লৈ, সমর্থন লৈ আছিল৷ মন্ত্রী হাজৰিকাৰ স্পষ্ট কথা– কংগ্রেছ–এআইইউডিএফৰ্ মিল আছেই৷ কেতিয়াবা তেওঁলোকে মিত্রতা কৰি মিলি থাকে, কেতিয়াবা মিত্রতা নকৰাকৈও গোপনে মিলি থাকে৷ আনহাতে, আসন্ন লোকসভা নির্বাচনত বিজেপি দলে অসমত ১১–১২খন আসন লাভ কৰিব বুলি দাবী কৰি মন্ত্রী হাজৰিকাই কয় যে ১১খন আসনত জয়ী হোৱাটো নিশ্চিত হৈ আছে৷ ইয়াৰ উপৰি আৰু এখন আসনত জয়ী হ’ব৷ ধুবুৰীৰ আসনখন বিজেপি দলে আশা কৰা নাই বুলি স্পষ্ট কৰি দি মন্ত্রী হাজৰিকাই কয় যে ধুবুৰীত নির্বাচন খেলি জয়ী হ’ব পৰা ধৰণে সমষ্টিটোত বিজেপি দল শক্তিশালী নহয়৷ এইবাৰো সমষ্টিটোত বিজেপিক ভোট নিদিয়ে৷ এই বিষয়ে সকলোৱে জানে৷ ইপিনে, নগাঁও লোকসভাৰ আসনখনৰ ক্ষেত্রত গৌৰৱ গগৈক সেই সমষ্টিটো প্রদ্যুৎ বৰদলৈক এৰি দিবলৈ জনোৱা আহ্বানৰ প্রসংগত মন্ত্রী হাজৰিকাই কয় যে গৌৰৱ গগৈয়ে যেতিয়া বিজেপিয়ে জ্যেষ্ঠসকলক সন্মান নিদিয়ে বুলি মন্তব্য কৰিছিল, তেতিয়া তেওঁ সেই প্রসংগৰ আঁত ধৰিয়েই গৌৰৱ গগৈক সেই আহ্বান জনাইছিল৷ ইয়াত তেওঁৰ আন কোনো মতলব নাই৷ আনহাতে, কংগ্রেছ দলৰ বাগানৰ কার্যসূচী ফ্লপ হোৱাৰ উল্লেখ কৰি মন্ত্রী হাজৰিকাই কয় যে চাহ বাগিচালৈ গৈ ভূপেন বৰাই অকলে অকলে চাইকেল চলাবলগীয়া হৈছে৷ তেনে কার্যসূচী গ্রহণ কৰিবলৈ লগত কেইজনমান ল’ব লাগে৷ স্থানীয় লোকো থাকিব লাগে৷ কিন্তু ভিডিঅ’ত দেখা গৈছে ভূপেন বৰাই অকলে চাইকেল চলাই আছে৷

You might also like