নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়া জাতিৰ নিজস্ব অধিকাৰ-সংৰক্ষণৰ বাবে বৰ্তমানৰ চৰকাৰ বদ্ধপৰিকৰ, ৰঙাপৰাত দিলীপ শইকীয়া 

ঘোঁৰামাৰীত বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নিৰ্বাচনী প্ৰচাৰ

নিয়মীয়া বাৰ্তা, ২৩ এপ্ৰিল : শোণিতপুৰৰ ৬৮নং ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত বালিপৰাৰ ঘোঁৰামাৰীত আজি উপস্থিত হৈ পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলায় ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই। ঘোঁৰামাৰীৰ বিষ্ণু জ্যোতি ভৱনত আজি বিয়লি ২:৩০ বজাৰপৰা অনুষ্ঠিত নিৰ্বাচনী সভাখনত অংশগ্ৰহণ কৰি শইকীয়াই ভাষণ প্ৰসংগত কয় যে দেশ তথা ৰাজ্যৰ প্ৰতিগৰাকীৱজনতাৰ সৰ্বাংগীণ বিকাশ সাধন ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰে কৰি আহিছে । কংগ্ৰেছৰ শাসনৰ সময়ত সকলো সময়তে অনুন্নত ৰঙাপৰা সমষ্টিত আজি বিজেপি চৰকাৰৰ দিনত শিক্ষা, স্বাস্থ্য ,যাতায়ত ,চিকিৎসাসেৱা সকলো দিশত উন্নয়ন হৈছে। ৰাইজেও সৰ্বদা উন্নয়ন বিচাৰে ,সেয়ে উন্নয়নৰ স্বাৰ্থত বিজেপিৰ লগত আছে । আজি সমষ্টিৰ লোকসকলে চৰকাৰী আঁচনিসমূহৰ সুবিধা লাভ কৰিবলৈ সক্ষম হৈছে। সমষ্টিটোত বসবাস কৰা চাহ জনগোষ্ঠীৰ সমান্তৰালভাৱে অসমীয়া, বড়ো, মিছিং ইত্যাদি খিলঞ্জীয়া জাতিসমূহৰ নিজস্ব অধিকাৰ, সংৰক্ষণৰ বাবে ড০ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰে গুৰুত্বসহকাৰে কাম কৰি আহিছে। ৰাইজক সম অধিকাৰ, সম সুৰক্ষা দিয়া হৈছে। দেশীয় প্ৰগতিৰ সহায়ক হোৱাকৈ অনাগত সময়ত এখন শক্তিশালী, সমৃদ্ধিশালী পঞ্চায়ত ব্যৱস্থা গঠন কৰাতো খুবেই জৰুৰী, গতিকে অনাগত পঞ্চায়ত নিৰ্বাচনত দলীয় প্ৰাৰ্থীসকলক জয়যুুক্ত কৰিবৰ হকে ৰাইজে বিপুল হাৰত গণতন্ত্ৰৰ সপক্ষত ভোটাধিকাৰ সাৱ্যস্ত কৰক। অনুষ্ঠানত উপস্থিত হোৱাৰ পিছতে তেখেতক ফুলাম গামোছা, শৰাই, জাপিৰে বিশেষ সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত তেওঁ ৰঙাপৰা সমষ্টিৰ ক্ৰমে বালিপৰা, মানশিৰি, ফুল’গুৰি, ফুলবাৰী জিলা পৰিষদৰ এন ডি এৰ প্ৰাৰ্থীসকলৰ সৈতে এক পৰিচয় পৰ্ব অনুষ্ঠানতো অংশগ্ৰহণ কৰি তেওঁলোকৰ হৈ এনেদৰে নিৰ্বাচনী প্ৰচাৰ চলায়। অনুষ্ঠানত তেজপুৰৰ সাংসদ ৰঞ্জিত দত্ত, বিজেপিৰ ৰাজ্যিক সাধাৰণ সম্পাদক তথা তেজপুৰৰ প্ৰাক্তন সাংসদ পল্লৱলোচন দাস, জিলা বিজেপিৰ সভানেত্ৰী মধুস্মিতা হাজৰিকা, ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতীৰ লগতে জিলা পৰ্যায় ,ব্লকবপৰ্যায়ৰ বিভিন্ন দলীয় বিষয়ববীয়া, কাৰ্যকৰ্তা, যুৱ মৰ্চা,মহিলা মৰ্চা,চাহ মৰ্চা আদি কৰি বিভিন্ন মৰ্চাৰ বিষয়ববীয়া, বালিপৰা মানশিৰি ফুল’গুৰি,ফুলবাৰী এলেকাৰ দলীয় মনোনীত প্ৰাৰ্থীসকল , সহস্ৰাধিক ৰাইজ উপস্থিত থাকে।

প্ৰেৰক প্ৰাঞ্জল বৰা

You might also like