নিয়মীয়া বাৰ্তা ১৫ জুনঃ ক’ৰোনা সংক্রমণৰ ত্রাসৰ মাজতে ৰাজ্যখনত বি টি এ ডি অঞ্চলত চলিছে বিটিচি নির্বাচনৰ পূর্ণ তৎপৰতা৷ নির্বাচনী ৰণত অৱতীর্ণ হোৱা বি পি এফ, ইউ পি পি এল, গণ সুৰক্ষা পার্টী, বিজেপি, কংগ্রেছ প্রতিটো দল আৰু প্রার্থীসকলে নিজ নিজ সমীকৰণেৰে এইবাৰ পৰিষদখন দখলৰ বাবে সর্বতোপ্রকাৰে প্রচেষ্টা অব্যাহত ৰাখিছে৷ বি পি এফ আৰু ইউ পি পি এলৰ মাজত আৰম্ভ হৈছে ইটো দলৰ পৰা সিটো দললৈ যোৱাৰ লগতে বোকা ছটিওৱাৰ ৰাজনীতি৷ তদুপৰি শাসক দল বিজেপিক লৈও বি পি এফ আৰু ইউ পি পি এলৰ মাজত চলিছে আন এক প্রতিযোগিতা৷ বি পি এফে বিজেপিৰে তেওঁলোকৰ মিত্রতা বিটিচি নির্বাচনতো অব্যাহত আছে বুলি দলটোৰ সভাপতি হাগ্রামা মহিলাৰীয়ে বিভিন্ন স্থানত প্রচাৰ চলাই অহাৰ দৰে ইউ পি পি এলৰ নেতৃত্বই তেওঁলোকৰ সৈতেহে এইবাৰ বিজেপি আছে বুলি প্রচাৰ চলাই আহিছে৷ বি পি এফ, ইউ পি পি এলৰ সেই প্রচাৰক অপপ্রচাৰ আখ্যা দিছে বিজেপি নেতৃত্বই৷ বি টি এ ডিৰ চাৰিখন জিলা কোকৰাঝাৰ, চিৰাং, বাগ্সা আৰু ওদালগুৰি জিলা বিজেপি নেতৃত্বৰ স্পষ্ট কথা– পঞ্চায়ত নির্বাচনৰ দৰে বিটিচি নির্বাচনতো বিজেপি অকলে অৱতীর্ণ হৈছে৷ কাৰো সৈতে কোনো মিত্রতা কৰা নাই৷ এইবাৰ বিজেপিয়ে বিটিচিৰ ৪০টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২৬টাত শক্তিশালীভাৱে অৱতীর্ণ হৈছে৷ ইয়াৰে কমেও ২১টা সমষ্টি দখল কৰি বিজেপিয়ে পৰিষদখন দখল কৰাটো নিশ্চিত৷ আনহাতে, ওদালগুৰি জিলা বিজেপিৰ সভাপতি কার্তিক বড়োৱে অভিযোগ কৰা অনুসৰি, বি পি এফ দলে বিভিন্ন স্থানত বিজেপিৰে মিত্রতা থকাৰ পোষ্টাৰ আঁৰি ৰাইজক বিভ্রান্ত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে৷ সেইদৰে ইউ পি পি এল দলেও ভিতৰি ভিতৰি বিজেপিৰে মিত্রতা থকাৰ বিষয়ে প্রকাশ কৰি অপপ্রচাৰ চলাই আছে৷ মুঠতে দিন বাগৰাৰ লগে লগে বিটিচি নির্বাচনৰ ৰাজনীতি অধিক আকর্ষণীয় হৈ পৰিছে৷