নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিজয় নিশ্চিত মন্ত্রী বিধায়ককহে টিকট দিব বিজেপিয়ে

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ আসন্ন বিধানসভা নির্বাচনত বিজেপি মিত্রজোঁটে ১০০ প্লাছ লক্ষ্যত উপনীত হোৱাৰ বাবে ইতিমধ্যে সাংগঠনিক তৎপৰতা তীব্রতৰ কৰি তুলিছে৷ এই তৎপৰতাৰ অংশ হিচাপে দলৰ তৰফৰ পৰা দলীয় মন্ত্রী–বিধায়কসকল্ কাম–কাজৰ পর্যালোচনা চলাই আছে৷ বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা ৰাজ্যিক বিজেপিৰ ক’ৰ কমিটীৰ সদস্য সাংসদ দিলীপ কুমাৰ শইকীয়াই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনা সর্বাধিক থকা মন্ত্রী–বিধায়কসকলে দলীয় টিকট লাভ কৰিব৷ অৱশ্যে যিসকল মন্ত্রী–বিধায়কৰ জয়ৰ সম্ভাৱনা কম থাকিব, তেওঁলোকৰ দলীয় টিকট কটা যাব৷ ইতিমধ্যে প্রতিগৰাকী মন্ত্রী–বিধায়কৰ কাম–কাজৰ পর্যালোচনা চলি আছে৷ শইকীয়াৰ মতে, দলীয় টিকট দিয়াৰ পূর্বেই নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনাৰ বিষয়ে নির্মোহ বিশ্লেষণ কৰা হ’ব৷ দলৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক শইকীয়াৰ সেই ভাষ্যৰ পৰা এটা কথাই স্পষ্ট হৈছে– দলীয় পর্যালোচনাৰ অন্ততঃ যিসকল মন্ত্রী–বিধায়কৰ পুনৰ জয়ী হোৱাৰ সম্ভাৱনা কম থাকিব, তেওঁলোক এইবাৰ দলীয় টিকটৰ পৰা বঞ্চিত হ’ব৷

আনহাতে, আসন্ন বিধানসভা নির্বাচনৰ বহু সমষ্টিত নতুন মুখে দলীয় টিকট লাভ কৰিব বুলি জানিবলৈ দি শইকীয়াই কয় যে নির্বাচনত নিশ্চিতভাৱে নতুন মুখ আহিব৷ তাত কোনো সন্দেহ নাই৷ সেইদৰে অহা নির্বাচনত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফ দলৰ সৈতে মিত্রতা নাথাকিব বুলি উল্লেখ কৰি তেওঁ কয় যে ইতিমধ্যে ইউ পি পি এল দলৰ সৈতে মিত্রতা হৈছে৷ সাংসদ নৱ শৰণীয়া নেতৃত্বাধীন গণ সুৰক্ষা পার্টীৰ সৈতেও মিত্রতাৰ কথা–বতৰা চলি আছে৷ বিটিচিৰ অধীনস্থ ১২টা বিধানসভা সমষ্টিত বিজেপিয়ে ইউ পি পি এল আৰু গণ সুৰক্ষা পার্টীৰে মিত্রতা কৰি নির্বাচনী যুঁজত অৱতীর্ণ হ’ব৷ অগপক ‘নির্ভৰযোগ্য মিত্রদল’ আখ্যা দি অগপৰ লগত এইবাৰো মিত্রতা থাকিব বুলি তেওঁ প্রকাশ কৰে৷ সেইদৰে গণ শক্তি, ৰাভা হাছং যৌথ মঞ্চৰ সৈতেও মিত্রতা অব্যাহত থাকিব৷ ইয়াৰ উপৰি অন্য কিছু সৰু–সুৰা ৰাজনৈতিক দলৰ লগতো মিত্রতাৰ জৰিয়তে বিজেপি নির্বাচনী যুঁজত অৱতীর্ণ হ’ব বুলি শইকীয়াই প্রকাশ কৰে৷

ইপিনে, বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে প্রকাশ কৰা অনুসৰি, প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘সবকা সাথ, সবকা বিকাশ আৰু সবকা বিশ্বাস’ নীতিৰ আধাৰত সমগ্র দেশত হোৱা প্রগতি আৰু উন্নয়নৰ লগতে ৰাজ্যৰ বিজেপি মিত্রজোঁটৰ চৰকাৰখনে কৰা কাম–কাজৰ বাবে ধর্মীয় সংখ্যালঘু জনসাধাৰণ বিজেপিৰ প্রতি আকর্ষিত হৈছে৷ ইয়াৰ বাবে কালি সৰভোগ সমষ্টিত আয়োজিত সংখ্যালঘু সন্মিলনত প্রায় ৪,৫০০গৰাকী সংখ্যালঘু সম্প্রদায়ৰ পুৰুষ–মহিলাই বিজেপিত যোগদান কৰে৷ দলৰ সংখ্যালঘু মর্চাই আসন্ন বিধানসভা নির্বাচনৰ প্রতি লক্ষ্য ৰাখি সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত সংখ্যালঘু সন্মিলন অনুষ্ঠিত কৰাৰ ব্যৱস্থা কৰিছে৷ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহৰ প্রতিটো বুথত ২০গৰাকীকৈ সদস্য আছে৷ সংখ্যালঘু মর্চাৰ তৰফৰ পৰা প্রতিটো বুথৰ সদস্যসকলক ৮০টাকৈ ভোট প্রদানৰ ব্যৱস্থা কৰিবলৈ কার্যকর্তাসকলক নির্দেশ দিছে৷ সভাপতি দাসে আৰু জানিবলৈ দিয়া মতে, দলৰ সংখ্যালঘু মর্চাই অহা নির্বাচনত ১০টা সমষ্টিত সংখ্যালঘু মূলৰ ব্যক্তিক প্রার্থিত্ব দিয়াৰ প্রস্তাৱ দিছে৷

You might also like