বিশেষ বাৰ্তা, ১১আগষ্টঃ ভাৰতৰ নিৰ্বাচন আয়োগে অসমত সমষ্টি পুনৰ্নিদ্ধাৰণৰ চূড়ান্ত তালিকা প্ৰকাশ কৰাৰ লগে লগে ৰাজনৈতিক দলসমূহৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। সমষ্টি পুনৰ্নিদ্ধাৰণৰ প্ৰক্ৰিয়াটোত গভীৰ সন্তুষ্টি প্ৰকাশ কৰি মন্ত্ৰী ৰঞ্জিত দাসে নগাঁৱত সাংবাদিকৰ আগত কয় যে তেওঁ খুবেই সুখী। সেয়েহে তেওঁ নিৰ্বাচন আয়োগক ধন্যবাদ জ্ঞাপন কৰে। ইয়াৰ দ্বাৰা অনাগত দিনত অসমৰ ৰাইজৰ আশা আকাংক্ষা সফল হ’ব বুলিও তেওঁ কয়।
ইপিনে কংগ্ৰেছ দলক সমালোচনা কৰি তেওঁ কয় যে, অন্ধবিশ্বাসত ভুগি আছে কংগ্ৰেছ দলে। মন্ত্ৰী ৰঞ্জিত দাসে আজি ভৱিষ্যতবাণী কৰি কয় যে, আগন্তুক বিধানসভা নিৰ্বাচনত অসমত ১০৫টা সমষ্টিত বিজেপিয়ে জয়লাভ লাভ কৰাৰ বিপৰীতে ২১টা সমষ্টি আন দলে লাভ কৰিব। কলিয়াবৰ আৰু বৰপেটা লোকসভা সমষ্টি এইবাৰ প্ৰথম বাৰৰ বাবে বিজেপিয়ে লাভ কৰিব । মুল্যবৃদ্ধিৰ সন্দৰ্ভত তেওঁ কয়, “মূল্যবৃদ্ধিৰ বাবে মই উদিগ্ন। বানপানী অহাৰ কাৰণে পাচলিৰ দাম বৃদ্ধি হৈছে। আমি সকলো পথাৰলৈ যাব লাগিব , খেতি কৰিলে বস্তুৰ দাম কমিব”।
প্ৰেৰক কনক হাজৰিকা