নিয়মীয়া বাৰ্তা, ২৬ এপ্ৰিলঃ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্য্যকৰী সভাপতি ৰাণা গোস্বামীয়ে এখন সংবাদ মেলত মহিলাৰ প্ৰতি অপমানসূচকক মন্তব্য কৰাৰ অভিযোগেৰে বিজেপিৰ ধুবুৰী জিলাৰ মহিলা মৰ্চাৰ তৰফৰ পৰা আজি বিয়লি ধুবুৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰা হোৱা বুলি জানিব পৰা গৈছে। মহিলা মৰ্চাৰ ধুবুৰী জিলাৰ সভানেত্ৰী ইন্দিৰা সিংহ চৌধুৰী স্বাক্ষৰিত সেই এজাহাৰখনত যোৱাকালি শিৱসাগৰত এখন সংবাদমেলত এপিচিচিৰ কাৰ্য্যকৰী সভাপতি গোস্বামীয়ে বিজেপিৰ মহিলা কাৰ্য্যকৰ্তা সকলক উদ্দেশ্যি অশালীন মন্তব্য কৰাৰ অভিযোগ কৰা হৈছে। বিজেপিৰ মহিলা মৰ্চাৰ ধুবুৰী জিলা সমিতিয়ে এপিচিচিৰ কাৰ্য্যকৰী সভাপতিগৰাকীক উচিত শাস্তি প্ৰদান কৰাৰো দাবী জনাইছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী