নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিৰ্বাচনী হিংসা : চামগুৰিৰ বগামুখত বিজেপি কৰ্মীৰ বাহন ভাঙিলে কংগ্ৰেছীয়ে

নিয়মীয়া বাৰ্তা, ১০ নৱেম্বৰ : চামগুৰিত অব্যাহত আছে নিৰ্বাচনী হিংসা ৷ যোৱানিশা চামগুৰিৰ লাওখোৱাৰ ৬নং বগামুখতো নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয় । কংগ্ৰেছ আৰু বিজেপি কৰ্মীৰ মাজত সংঘটিত হয় প্ৰচণ্ড মাৰপিটৰ ঘটনা। মাৰপিটত কংগ্ৰেছৰ ৫গৰাকী লোক আহত হোৱাৰ লগতে বিজেপি কৰ্মীৰ দুখনকৈ বাহন ভাঙি লণ্ডভণ্ড কৰে। দুই পক্ষৰ সংঘাতত বিজেপি কৰ্মীৰ এখন চাৰিচকীয়া বাহন আৰু এখন স্কুটী ভাঙি চূৰমাৰ কৰাৰ লগতে ভাঙি লণ্ডভণ্ড কৰে ৬নং বগামুখৰ কংগ্ৰেছৰ নিৰ্বাচনী কাৰ্যালয়। নিশা ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে ওৰে নিশা আৰক্ষীয়ে টহল দিয়ে ৬নং বগামুখত। কংগ্ৰেছৰ অভিযোগ- বিজেপি কৰ্মীয়ে গাড়ী লৈ কংগ্ৰেছৰ কাৰ্যালয় ভাঙিবলৈ ধৰোঁতে ঘটনাৰ সূত্ৰপাত হয়। ইপিনে, শান্তি বজাৰৰ পৰা দলীয় সভা কৰি আহি থকাৰ সময়তে কংগ্ৰেছ সমৰ্থকে বিজেপি সমৰ্থকক অতৰ্কিতে আক্ৰমণ চলোৱাৰ অভিযোগ বিজেপি সমৰ্থকৰ ৷

প্ৰেৰক জহিৰুল ইছলাম

You might also like