নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘নতুনসকল নাহিলে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে সক্ষম নহ’লহেঁতেন’

🔹 কমলপুৰত  ৰাজেন গোহাঁইক উভতি ধৰিলে সাংসদ দিলীপ শইকীয়াই
নিয়মীয়া বাৰ্তা,  ১৯ আগষ্ট :‘নতুন লোকসকল দললৈ নাহিলে বিজেপি দলে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম নহ’লহেঁতেন৷ বিজেপিত ন ন কর্মীয়ে যোগদান কৰাৰ বাবেই ৰাজ্যত বিজেপিয়ে দুবাৰকৈ শাসনত অধিষ্ঠিত হ’ব পাৰিছে৷’– এই মন্তব্য মঙলদৈৰ সাংসদ তথা বিজেপিৰ জ্যেষ্ঠ নেতা দিলীপ কুমাৰ শইকীয়াৰ৷ আজি সন্ধিয়া কমলপুৰৰ লোকনির্মাণ বিভাগৰ পৰিদর্শন বঙলাত অনুষ্ঠিত এখন সংবাদ মেলত এইদৰে মন্তব্য কৰি সাংসদ শইকীয়াই কয় যে বিজেপি দল এখন মহাসাগৰ৷ ইয়াত সকলো বিলীন হৈ যায়৷ পুৰণি–নতুনৰ কোনো সংজ্ঞা বিজেপিত নাই৷ স্বয়ংসেৱকসকলৰ নতুন–পুৰণি বুলি কোনো কথা নাই৷ বিজেপি দলক দুভাগ কৰাৰ কথা কোনেও সপোনতো ভাবিব নোৱাৰে, দিঠকততো দূৰৰ কথা৷ সেইদৰে প্রাক্তন কেন্দ্রীয় মন্ত্রী তথা নগাঁৱৰ প্রাক্তন সাংসদ ৰাজেন গোহাঁয়ে সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে নগাঁও লোকসভা সমষ্টিটো বদৰুদ্দিন আজমলক এৰি দিয়া বুলি কৰা মন্তব্য বিভ্রান্তিকৰ আখ্যা দি কয় যে সমষ্টি পুনৰ নির্ধাৰণৰ জৰিয়তে ৰাজ্যখনৰ ১০৪টা বিধানসভা সমষ্টি খিলঞ্জীয়া লোকৰ কাৰণে সুৰক্ষিত কৰাৰ বাবে ৰাজেন গোহাঁয়ে নির্বাচন আয়োগক ধন্যবাদহে দিব লাগে৷ এইবাৰ নগাঁও লোকসভা সমষ্টিত বিজেপিয়ে শক্তিশালী প্রার্থী আগবঢ়োৱাৰ লগতে আজমলৰ দখলত থকা ধুবুৰীতো মিত্রজোঁটৰ প্রার্থীয়ে শক্তিশালী যুঁজত অৱতীর্ণ হ’ব বুলি মন্তব্য কৰে৷ বিজেপিৰ শেহতীয়া আভ্যন্তৰীণ কর্ম–কাণ্ড সম্পর্কত সাংবাদিকে সোধা প্রশ্ণৰ উত্তৰত শইকীয়াই কয় যে দললৈ এনে প্রত্যাহ্বান আহিয়েই থাকে৷ কিন্তু বিজেপি দলে এনে প্রত্যাহ্বান ওফৰাই পেলাবলৈ সক্ষম হ’ব৷ বিজেপিৰ কিছু কর্মীৰ ক্ষোভ আছে যদিও সেয়া আমি প্রশমিত কৰিব পাৰিম৷ কাৰো নাম উল্লেখ নকৰাকৈ শইকীয়াই আৰু কয় যে তেওঁলোকৰ বিৰুদ্ধেও আমাৰ হাতত বহুত বিস্ফোৰক তথ্য আছে৷ সেয়া সময়ত সকলো প্রকাশ কৰিম৷ তেওঁ আৰু কয় যে বিজেপিত কোনো বিভীষণ নাই৷ গতিকে বিজেপি দলে সমাগত লোকসভা নির্বাচনত সুন্দৰ ফলাফল প্রদর্শন কৰিবলৈ সক্ষম হ’ব৷
প্ৰেৰক দীপক দাস
You might also like