নিয়মীয়া বাৰ্তা, ধুবুৰী, ১৮ ফেব্ৰুৱাৰী : সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই বিজেপিৰ ধুবুৰী জিলা সভাপতি ৰূপে নিযুক্তি পালে ৰঞ্জিত কুমাৰ ৰায়ে। উল্লেখ্য যে কালি সন্ধিয়া বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুৰ উপস্থিতিত হোৱা দলীয় সাংগঠনিক এক বৈঠকত দলটোৰ মুঠ ৩৯খন সাংগঠনিক জিলাৰ ভিতৰত বাকী থকা কোকৰাঝাৰ, মাজুলী, হোজাই আৰু ধুবুৰী জিলাৰ সভাপতি নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। সেই অনুসৰি বিজেপিৰ ধুবুৰী জিলাৰ উপ-সভাপতিৰ দায়িত্বত থকা ৰঞ্জিত কুমাৰ ৰায়ক জিলা সভাপতিৰূপে নিযুক্তি দিয়ে। আগন্তুক পঞ্চায়ত আৰু ২৬ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে বিজেপিৰ ধুবুৰী জিলাৰ সভাপতি ৰূপে ৰায়ৰ এই নিযুক্তি গুৰুত্বপূৰ্ণ বুলিয়েই বিবেচিত হৈছে।
Prev Post
Next Post
You might also like