নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক সঁচাকৈ মাতৃ বুলি ভবা সকলোৰে বাবে বিজেপিৰ দুৱাৰ খোলা : পৱিত্ৰ মাৰ্ঘেৰিটা

নিয়মীয়া বাৰ্তা, ২৯ এপ্ৰিলঃ “দেশৰ বিভিন্ন প্ৰান্তৰ ল’গতে ধুবুৰী লোকসভা সমষ্টিতো, ইয়াৰ অন্তৰ্গত প্ৰতিখন জিলাত, প্ৰতিটো মণ্ডলৰ প্ৰতিটো বুথে আয়োজন কৰিছে মন কী বাত অনুষ্ঠান। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুষ্ঠান মন কী বাতৰ এশসংখ্যক খণ্ডটি আমি পূৰ্বৰ দৰে শুনিম। কিন্তু এইবাৰ বিশেষ আয়োজন- যিহেতু সংখ্যা এশ। আপোনালোকে জানেই মন কী বাত অনুষ্ঠানটো তাৎক্ষণিকভাৱে ৫২টা ভাষা-উপভাষালৈ আৰু ১২টা বিদেশী ভাষালৈ অনূদিত হয়।” আজি সন্ধিয়া ধুবুৰীৰ আৱৰ্ত ভৱনত এখন সংবাদ মেলত সাংবাদিকৰ আগত এইদৰে কয় ৰাজ্যসভাৰ সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক উপদেষ্টা পৱিত্ৰ মাৰ্ঘেৰিটাই। উল্লেখ্য যে কাইলৈ ধুবুৰীৰ গৌৰীপুৰৰ গণেশ আখৰাত প্ৰধানমন্ত্ৰী মোদীৰ মন কী বাত অনুষ্ঠানটোৰ এশসংখ্যক খণ্ডটিৰ সৈতে সংগতি ৰাখি আয়োজিত বিশেষ কাৰ্য্যসূচীত অংশ ল’ব সাংসদগৰাকীয়ে। কাইলৈ সেই অনুষ্ঠানত ডেৰ-দুই হাজাৰ লোক উপস্থিত থাকিব বুলি মন্তব্য কৰি তেওঁ আৰু কয় যে, “এইটো এটা অৰাজনৈতিক অনুষ্ঠান, দেশৰ প্ৰধানমন্ত্ৰীৰ অনুষ্ঠান। ইয়াত জাতি-ধৰ্ম-বৰ্ণ, দল নিৰ্বিশেষে সকলোৱে অংশগ্ৰহণ কৰিব গৌৰীপুৰৰ গণেশ আখৰাত।” সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাৰ সাংসদ মাৰ্ঘেৰিটাৰ কয় যে “বেলেগ দল আৰু চৰকাৰৰ সৈতে অসম চৰকাৰ বা বিজেপিৰ এটাই পাৰ্থক্য আছে। পূৰ্বতে আৰক্ষী কি কৰিব, প্ৰশাসনে কি কৰিব – ৰাজনৈতিক কৰ্মী এজনে বা সাংসদ এজনে ক’ব পাৰিছিল। কিন্তু আজিৰ তাৰিখত আৰক্ষী, প্ৰশাসন ইত্যাদি সম্পূৰ্ণ স্বতন্ত্ৰ আৰু সংবিধানপ্ৰদত্ত শক্তি। যুক্তিৰে তেওঁলোক আগবাঢ়ে। গতিকে আজিৰ তাৰিখত অংকিতা দত্তৰ গোচৰটোত আৰক্ষীয়ে কি কৰিব সেইটো আমি কবলৈ নাযাওঁ, কাৰণ আমি কব নোৱাৰোঁ। আৰক্ষীয়ে এই দেশৰ যি বিধি, নীতি-নিয়ম আছে তাৰ মতে কৰিব -সেইটো প্ৰথম কথা। আৰু ন্যায়পালিকাৰ ওপৰত আমাৰ বিশ্বাস আছে। “অংকিতা দত্তৰ বিষয়টো লৈ আমাৰ বিশেষ কোনো চিন্তা কৰিবলগীয়া নাই, তেওঁলোকৰ নিজৰ দলৰ আভ্যন্তৰীণ বিষয়” বুলি মন্তৱ্য কৰি তেওঁ আৰু কয় যে, “কিন্তু, এগৰাকী অসমীয়া বা ভাৰতীয় যুৱতী তথা এগৰাকী নাৰীক তেওঁলোকে অপমান কৰা বুলি অভিযোগ উঠিছে। অভিযোগৰ কোনো অনুসন্ধান নোহোৱাকৈ অভিযোগকাৰীকে দোষী সাব্যস্ত কৰি কংগ্ৰেছে বহিষ্কাৰ কৰাটোৱে কংগ্ৰেছৰ যি দুষ্কৃতি, তেওঁলোকৰ নীতি-নিয়ম নথকা কথা- এইটো প্ৰতীয়মান কৰে।” অংকিতা দত্তই বিজেপিত যোগদান কৰিব নেকি বুলি কৰা সাংবাদিকৰ এক প্ৰশ্নত পৱিত্ৰ মাৰ্ঘেৰিটাৰ তাৎপৰ্যপূৰ্ণ মন্তৱ্য, “অংকিতা দত্ত, গৌৰৱ গগৈ, প্ৰদ্যুৎ বৰদলৈ, ভূপেন বৰাকে আদি কৰি সাধাৰণ ব্লক কংগ্ৰেছৰ কৰ্মী এগৰাকীৰ বাবেও বিজেপিৰ দুৱাৰ খোলা আছে; যদিহে তেওঁলোকে ভাৰতক সঁচাকৈ মাতৃ বুলি ভাবে, যদিহে বিজেপিৰ ৰীতি-নিৰ্দেশনা তেওঁলোক মানি চলে, বিজেপিৰ দৰ্শনৰ প্ৰতি সমৰ্পিত হয়, যদিহে গান্ধী-ভদ্ৰা পৰিয়ালৰ প্ৰতি নতজানু হোৱাৰ তেওঁলোকৰ যি স্বভাৱ সেইবিলাক ত্যাগ কৰে, তেওঁলোকে যদি সঁচা অৰ্থত দেশ মাতৃক ভাল পাই সেৱা কৰিবলৈ আগবাঢ়ি আহে, বিজেপিক ভাল পায। “

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like