নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জালুকবাৰী সমষ্টিত বিজেপিৰ গাঁও চলো অভিযানত ৰঞ্জিত ভট্টাচাৰ্য

নিয়মীয়া বাৰ্তা, ১১ ফেব্ৰুৱাৰী : আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে সাংগঠনিক ভিত্তি মজবুত কৰাৰ লক্ষ্যৰে ইতিমধ্যে গাঁৱে গাঁৱে চলোৱা ‘গাঁও চলো ‘অভিযান কাৰ্যসূচীৰ জালুকবাৰীত ব্যাপক তৎপৰতা পৰিলক্ষিত হৈছে । মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ গৃহ সমষ্টিটোত বিজেপি কাৰ্যকৰ্তাৰ লগতে অনুগামীসকলে প্ৰতিখন গাঁও তথা বুথত এই অভিযান চলোৱা দেখা গৈছে। বিশেষকৈ সমষ্টিটোৰ বেজেৰা মণ্ডলৰ অন্তৰ্গত ধোপাতাৰী পঞ্চায়ত, শৰাইঘাট পঞ্চায়ত, মান্দাকাটা পঞ্চায়ত, আগডলা পঞ্চায়ত, ৰুদ্ৰেশ্বৰ পঞ্চায়ত, লাচিতগড় পঞ্চায়ত, বেজেৰা পঞ্চায়তকে ধৰি সাতটা পঞ্চায়তত এই কাৰ্যসূচী পূৰ্ণগতিত চলাই থকা হৈছে। বিজেপি বেজেৰা মণ্ডলৰ সভাপতি ভাস্কৰজ্যোতি কলিতাই জানিবলৈ দিয়া মতে, সংশ্লিষ্ট পঞ্চায়ত কেইখনৰ অধীনৰ প্ৰায় ৭৫ টা বুথত গেৰুৱা বাহিনীয়ে এই কাৰ্যসূচী ৰূপায়ণ কৰিব । ইতিমধ্যে কমেও ৫০ টা বুথত এই অভিযান কাৰ্যসূচী সমাপন হৈছে । এই অভিযান কাৰ্যসূচীত বিশেষভাৱে উপস্থিত থাকে দলে নিৰ্ধাৰণ কৰি দিয়া ৰাজ্যিক, জিলা, তথা মণ্ডল পৰ্যায়ৰ নেতাই। তেওলোকে নিৰ্দিষ্ট অঞ্চলটোত উপস্থিত থাকি পৰিয়াল, সামাজিক ব্যক্তি, জ্যেষ্ঠ নাগৰিক সাক্ষাৎ কৰাৰ লগতে সভা-সমিতি অনুষ্ঠিত কৰি কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ অভিলাষী আচনি সমূহ সঠিকমতে ৰূপায়ণ হৈছেনে নাই, তথা এই ক্ষেত্ৰত কিবা দিহা-পৰামৰ্শ আছে নেকি ইত্যাদি প্ৰসংগেৰে দলৰ সাংগঠনিক স্থিতি সবল কৰাৰ প্ৰচেষ্টা চলায়। তাৰ অংশ হিচাপে বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সাধাৰণ সম্পাদক তথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ব্যক্তিগত সচিব ৰঞ্জিত ভট্টাচাৰ্যই পৰহি উত্তৰ গুৱাহাটীত , কালি ধোপাতাৰী পঞ্চায়ত এলেকাত উপস্থিতহৈ অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ লগতে স্থানীয় দলীয় কাৰ্যকৰ্তা সকলক উৎসাহিত কৰে । কৃষক নেতা গৰাকীয়ে হালোগুৰীত দলীয় কাৰ্যকৰ্তাৰ লগত মিলিতহৈ এখন সভা অনুষ্ঠিত কৰাৰ লগতে ধোপাতাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি, সমাজকৰ্মী তথা লক্ষীনগৰৰ জ্যেষ্ঠ নাগৰিক নাঁওৰাম বড়োৰ ঘৰলৈ গৈ তেওৰ স্বাস্থ্যৰ সা খবৰ লয়। ৰঞ্জিত ভট্টাচাৰ্যই বয়োজ্যেষ্ঠ লোকজনৰ সা খবৰ লোৱাৰ লগতে অঞ্চলটোৰ সমস্যা আৰু চৰকাৰৰ প্ৰতিখন আচনিৰ সন্দৰ্ভত ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ বুজ লয় আৰু দিহা পৰামৰ্শ বিচাৰে। ইপিনে গাঁও চলো অভিযানত ৰঞ্জিত ভট্টাচাৰ্যক ওচৰতে পাই স্বাভাৱিকতে উৎসাহিত হৈ পৰে বিজেপি কৰ্মীসকল।

প্ৰেৰক অনুভৱ কুমাৰ

You might also like