👉মিত্র দলৰ আসন ভাগ–বাটোৱাৰা প্রায় সম্পূর্ণ, দিল্লীৰ অনুমোদন বাকী
👉পৰিস্থিতি তদাৰক কৰিবলৈ বিটিআৰত উপস্থিত মন্ত্রী পীয়ূষ হাজৰিকা
👉মুখ্যমন্ত্রীৰ ঘোষণা– ১১খন আসনত বিজেপি মিত্র দলৰ জয় নিশ্চিত
বিশেষ বাৰ্তা, ১৯ অক্টোবৰঃ লোকসভা নির্বাচনত প্রতিগৰাকী বিধায়কে বৃদ্ধি কৰিব লাগিব নিজ নিজ সমষ্টিত ভোটৰ সংখ্যা৷ বিজেপি বিধায়কলৈ স্পষ্টকৈ এই বার্তা প্রেৰণ কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ আগন্তুক নির্বাচনক লৈ বশিষ্ঠস্থিত ৰাজ্যিক বিজেপিৰ মুখ্য কার্যালয়ত ৮ ঘণ্টাজোৰা তিনিখন বৈঠকত মুখ্যমন্ত্রীয়ে লোকসভা নির্বাচনক লৈ অধিক সক্রিয় হ’বলৈ বিধায়কসকলক নির্দেশ দিয়ে৷ তদুপৰি ২০২১ চনত যিমানসংখ্যক ভোট লৈ বিধায়ক ৰূপে নির্বাচিত হৈছিল তাতকৈ অধিক ভোট দলীয় প্রার্থীক লোকসভা নির্বাচনত গোটাই দিব লাগিব তাকো স্পষ্ট কৰি দিছে৷ মন কৰিবলগীয়া যে এইবাৰ লোকসভা নির্বাচনত শাসকীয় দলটোৰ লক্ষ্য ১১+৷ মুখ্যমন্ত্রীয়ে কালি এই প্রসংগত এইবুলিও ঘোষণা কৰিছে যে ১১খন আসনত দলীয় প্রার্থীৰ জয় নিশ্চিত, এখন আসনত প্রতিদ্বন্দ্বিতা হ’ব৷ এনে অৱস্থাত পূর্বে ১২খন আসনৰ লক্ষ্য বান্ধি লোৱা বিজেপিৰ বাবে কোনখন আসনত এতিয়া জটিলতাই দেখা দিছে সেয়া চর্চাৰ বিষয় হৈ পৰিছে৷ দলীয় সূত্রই প্রকাশ কৰা মতে ইউপিপিএল আৰু বিজেপি কার্যকর্তাৰ মাজত সৃষ্টি হোৱা মনোমালিন্য তথা সংঘাতৰ বাবে বিটিআৰৰ অন্তর্গত কোকৰাঝাৰ আৰু দৰং–ওদালগুৰি সমষ্টি দুটাত সৃষ্টি হৈছে জটিলতা৷ দৰং–ওদালগুৰি সমষ্টিত দলীয় কার্যকর্তা সক্রিয় হৈ থাকিলেও কোকৰাঝাৰ সমষ্টিত ইউপিপিএলৰ সৈতে তৃণমূল পর্যায়ত হোৱা সংঘাতে বিজেপিৰ বাবে সমস্যাৰ সৃষ্টি কৰিছে৷ এইক্ষেত্রত মুখ্যমন্ত্রীয়ে বিটিআৰৰ কার্যকর্তাসকলক বিশেষ নির্দেশ দিয়াৰ লগতে সমষ্টিটোৰ সকলো দিশ তদাৰক কৰাৰ বাবে বিশেষভাৱে দায়িত্ব অর্পণ কৰিছে মন্ত্রী পীয়ূষ হাজৰিকাক৷ মুখ্যমন্ত্রীৰ নির্দেশৰ পিছতে বিটিআৰত উপস্থিত হৈছে মন্ত্রী পীয়ূষ হাজৰিকা৷ সমান্তৰালভাৱে বিটিআৰৰ দায়িত্বত থকা আন মন্ত্রী, বিধায়ক আৰু কার্যকর্তাসকলো বিটিআৰত উপস্থিত হৈছে৷ লোকসভা নির্বাচনক লৈ দলটোৱে চলোৱা এনে প্রস্তুতিৰ মাজতে কালি মিত্র দলৰ সৈতে আসন ভাগ–বাটোৱাৰা সন্দর্ভতো গ্রহণ কৰা হৈছে চূড়ান্ত সিদ্ধান্ত৷ মুখ্যমন্ত্রীয়ে প্রকাশ কৰা মতে কালিৰ বৈঠকতে মিত্র দল অগপ আৰু ইউপিপিএলে কিমানখন আসনত খেলিব আৰু বিজেপিয়ে কিমানখন আসনত খেলিব সেয়া চূড়ান্ত কৰা হৈছে৷ কেৱল ৰাষ্ট্রীয় নেতৃত্বৰ আনুষ্ঠানিকতা বাকী আছে৷ উল্লেখ্য যে আগন্তুক লোকসভা নির্বাচনত অগপই ১০০ শতাংশ জয়ৰ সম্ভাৱনা থকা এখন আসনত প্রতিদ্বন্দ্বিতা কৰিব বুলি ঘোষণা কৰি আছে৷ সমান্তৰালভাৱে আঞ্চলিক দলটোৱে আন দুখন আসনতো প্রতিদ্বন্দ্বিতাৰ বাবে বিজেপিৰ ওচৰত আর্জি পেচ কৰিছে৷ এনে অৱস্থাত কালিৰ বৈঠকত অগপক বিজেপিয়ে কিমানখন আসন এৰি দিছে সেয়া স্পষ্ট হোৱা নাই৷ অৱশ্যে ৰাজ্যিক বিজেপিৰ দলীয় সূত্রই প্রকাশ কৰা মতে অগপই বিচৰা ধৰণে ১০০ শতাংশ জয়ৰ সম্ভাৱনা থকা এটা সমষ্টি আঞ্চলিক দলটোক এৰি দিয়া হ’ব৷ আনহাতে কোকৰাঝাৰ সমষ্টি এৰি দিয়া হ’ব ইউপিপিএলক৷ এইক্ষেত্রত ৰাজ্যিক বিজেপিয়ে গ্রহণ কৰা সিদ্ধান্ত অনুসৰি শাসকীয় দলটোৱে অতি কমেও ১০খন আসনত প্রতিদ্বন্দ্বিতা কৰাৰ সম্ভাৱনা আছে৷ ইফালে বৈঠকত বিজেপি বিধায়কসকলক লোকসভা নির্বাচনত ভোট বৃদ্ধি কৰাৰ বাবে প্রদান কৰা নির্দেশনায়ো যথেষ্ট চর্চা লাভ কৰিছে৷ দলীয় সূত্রই প্রকাশ কৰা অনুসৰি লোকসভা নির্বাচনৰ ভোটৰ সংখ্যাৰ ওপৰতে একোগৰাকী বিধায়কৰ ভৱিষ্যৎ নিৰূপণ হ’ব৷ এই কথা স্পষ্ট কৰা হোৱা নাই যদিও কোনো বিধানসভা সমষ্টিত যদি বিজেপিৰ ভোটৰ সংখ্যা হ্রাস পায়, তেন্তে ইয়াৰ প্রভাৱ পৰিব বিধায়কগৰাকীৰ ওপৰত৷ সেয়েহে সমগ্র বিষয়টোক লৈ বিধায়কসকলো যথেষ্ট তৎপৰ হৈ পৰিছে৷