নিয়মীয়া বাৰ্তা ডিজিটেল, ১৯ এপ্ৰিলঃ অহা ২ আৰু ৭ মে’ত দুটা পর্যায়ত হ’বলগা পঞ্চায়ত নির্বাচনক কেন্দ্র কৰি ৰাজ্যৰ প্রান্তে প্রান্তে তুংগত উঠিছে শাসক–বিৰোধীৰ প্রচাৰ অভিযান৷ প্রার্থিত্বকেন্দ্রিক বিতর্ক তথা কংগ্রেছৰ একাধিক প্রার্থীয়ে মনোনয়ত প্রত্যাহাৰৰ ঘটনাৰ বিপৰীতে শাসকীয় বিজেপিয়ে তৃণমূল পর্যায়ৰ পৰাই প্রচাৰ অভিযান তীব্রতৰ কৰি তুলিছে৷ ইতিমধ্যে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ ৩০০তকৈ অধিক আসনত বিজেপি আৰু মিত্র জোঁটৰ প্রার্থী বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰাৰ পাছত শাসকীয় দলটোৰ কর্মী আৰু সমর্থকৰ মাজত বিশেষ উৎসাহ পৰিলক্ষিত হৈছে৷ এনে এক ইতিবাচক পৰিৱেশৰ মাজতেই আজি ধেমাজি জিলাৰ পৰা বিজেপিৰ নির্বাচনী ৰণশিঙা বজালে মন্ত্রী পীয়ূষ হাজৰিকা আৰু ডাঃ ৰণোজ পেগুৱে৷ আজি চিচিবৰগাঁও বিধানসভা সমষ্টিৰ দক্ষিণ ধেমাজি পঞ্চায়তত মিত্রজোঁটৰ প্রার্থীৰ হৈ প্রচাৰ অভিযান আৰম্ভ কৰে ডাঃ ৰণোজ পেগু আৰু পীয়ূষ হাজৰিকাই৷ আনহাতে চিচিবৰগাঁও মণ্ডল সমিতিৰ উদ্যোগত অনুষ্ঠিত নির্বাচনী সভাতেই মন্ত্রী পীয়ূষ হাজৰিকাৰ উপস্থিতিত ৰাইজৰ দলৰ যথেষ্টসংখ্যক সদস্যই বিজেপিত যোগদান কৰে৷ শাসকীয় দলৰ এনে তৎপৰতাৰ সমান্তৰালকৈ কংগ্রেছে আজি ধেমাজি চিচিবৰগাঁৱত প্রচাৰ অভিযান আৰম্ভ কৰে৷ প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই দলীয় প্রার্থীৰ হৈ তিনিখনকৈ নির্বাচনী সভাত অংশগ্রহণ কৰে৷ কার্যতঃ আজিৰে পৰাই ৰাজ্যৰ বিভিন্ন প্রান্তত শাসক–বিৰোধীয়ে পঞ্চায়ত নির্বাচনৰ বাবে আৰম্ভ কৰিলে প্রচাৰ অভিযান৷ ইফালে বিজেপিয়ে অহা ২১ এপ্রিলৰ পৰা ষ্টাৰ কেম্পেইনাৰত নির্বাচনী প্রচাৰ অভিযানত নমাবলৈ প্রস্তুতি সম্পূর্ণ কৰিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ লগতে কেন্দ্রীয়মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ লগতে ষ্টাৰ কেম্পেইনাৰৰ তালিকাত থকা কেইবজনো মন্ত্রী আৰু শীর্ষ নেতাই আৰম্ভ কৰিব প্রচাৰ অভিযান৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা আৰু কেন্দ্রীয়মন্ত্রী সর্বানন্দ সোণোৱালে প্রতিখন জিলাতে একোখনকৈ নির্বাচনী সভা সম্বোধন কৰাৰ সম্ভাৱনা আছে৷ আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে বৰাকৰ পৰাই আৰম্ভ কৰিব প্রচাৰ অভিযান৷ উল্লেখ্য যে ২ মে’ত প্রথম পর্যায়ত তিনিচুকীয়া, ধেমাজি, ডিব্রুগড়, লখিমপুৰ, চৰাইদেউ, শোণিতপুৰ, শিৱসাগৰ, বিশ্বনাথ, মাজুলী, কাছাৰ, যোৰহাট, হাইলাকান্দি, গোলাঘাট আৰু শ্রীভূমি জিলাত নির্বাচন অনুষ্ঠিত হ’ব৷ প্রথম পর্যায়ৰ নির্বাচনক লৈ ৰাজ্যিক নির্বাচন আয়োগো সাজু হৈ পৰিছে৷ নির্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে প্রথম পর্যায়ৰ নির্বাচনে সাঙুৰি ল’বলগা ১৪খন জিলাত আয়োগে প্রেৰণ কৰিছে কেইবাজনো পর্যবেক্ষক৷ মুখ্যতঃ প্রার্থী আৰু ৰাজনৈতিক দলৰ ওপৰত চোকা দৃষ্টি ৰখাৰ বাবে মোতায়েন কৰা এই নির্বাচনী পর্যবেক্ষকে নজৰ দিব নির্বাচনী আচৰণবিধিৰ ওপৰত৷ বিশেষকৈ প্রচাৰৰ সময়ত প্রতিদ্বন্দ্বী প্রার্থীক কোনো প্রার্থীয়ে ব্যক্তিগতভাৱে আক্রমণ কৰিব নোৱাৰিব আৰু গালি–গালাজো কৰিব নোৱাৰিব৷ নির্বাচনৰ প্রচাৰ অভিযানৰ অচিলা লৈ যাতে সাম্প্রদায়িক বিষবাষ্প বিয়পিব পৰা বক্তব্য যাতে প্রদান নকৰে, তাৰ ওপৰতো চোকা নজৰ ৰাখিব নির্বাচনী পর্যবেক্ষকে৷ এনে পৰিৱেশৰ মাজতে উজনি অসম আৰু বৰাকত আৰম্ভ হৈছে নির্বাচনী ৰণদন্দুভি৷ বিৰোধীক বহু পিচ পেলাই বিজেপি আৰু মিত্রদলে ইতিমধ্যে মণ্ডলে মণ্ডলে প্রচাৰ অভিযান জোৰদাৰ কৰি তোলাই নহয়, মন্ত্রী–বিধায়কে প্রার্থীক লৈ ঘৰে ঘৰেও আৰম্ভ কৰিছে প্রচাৰ অভিযান৷ ইফালে বিৰোধী কংগ্রেছৰ প্রচাৰ অভিযানৰ নেতৃত্ব দিব সভাপতি ভূপেন বৰাৰ লগতে সাংসদ গৌৰৱ গগৈ, প্রদ্যুৎ বৰদলৈৰ লগতে বিৰোধী দলপতি দেৱব্রত শইকীয়া আৰু কেইবাজনো উজনি অসমৰ জ্যেষ্ঠ কংগ্রেছীয়ে৷ ভূপেন বৰাই আজি নির্বাচনী প্রচাৰ অভিযান আৰম্ভ কৰাৰ লগতে সাংসদ গৌৰৱ গগৈয়ে এতিয়াও আনুষ্ঠানিকভাৱে আৰম্ভ কৰা নাই যদিও বিভিন্ন অঞ্চলত দলীয় প্রার্থীক সাক্ষাৎ কৰি নির্বাচনী প্রস্তুতিৰ বুজ লৈ আছে৷ নির্বাচনী প্রচাৰ অভিযান তুংগত উঠাৰ পাছতো বহু জিলাত একাংশ কংগ্রেছকর্মীৰ কর্মকাণ্ডই দলটোৰ শীর্ষ নেতৃত্বক অস্বস্তিত পেলোৱাই নহয়, বিৰোধী বিজেপিকো যথেষ্ট সহায় কৰিছে৷ ইতিমধ্যে ন–দুৱাৰ সমষ্টিত জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সকলো আসনৰ পৰা কংগ্রেছৰ প্রার্থীসকলে মনোনয়ন প্রত্যাহাৰ কৰিছে৷ আনকি আন কেইবাখনো জিলাতো ধনৰ বিনিময়ত কংগ্রেছ প্রার্থীয়ে মনোনয়ন প্রত্যাহাৰ কৰাৰ অভিযোগ উঠিছে৷ লক্ষণীয়ভাৱে মনোনয়ন প্রত্যাহাৰৰ অন্তিম দিন উকলি যোৱাৰ পাছতো একাংশ কংগ্রেছ প্রার্থীয়ে ধনৰ বিনিময়ত প্রার্থিত্ব প্রত্যাহাৰৰ বাবে খাপ পিতি থকা বিষয়টোৱে স্বাভাৱিকতে বিৰোধী দলটোক সংকটত পেলোৱাই নহয়, নেতৃত্বকো যথেষ্ট ছাপত ৰাখিছে৷ কংগ্রেছ প্রার্থীৰ এনে আচৰণত সবাটোকৈ লাভৱান হৈছে বিজেপি আৰু মিত্র দল৷