নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় গণতন্ত্রৰ বাবে ক’লা দিনঃ মুখ্যমন্ত্রী

‘গণতন্ত্র আৰু সুস্থ–নিৰপেক্ষ সাংবাদিকতাৰ ওপৰত প্রচণ্ড আঘাত’ –বিত্তমন্ত্রী ড০ শর্মা

নিয়মীয়া বাৰ্তা ৫ নৱেম্বৰঃ ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক মুম্বাই আৰক্ষীয়ে আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰা কার্যৰ বিৰুদ্ধে অসমতো প্রতিবাদৰ জোৱাৰ উঠিছে৷ বিভিন্ন দল–সংগঠন আৰু ব্যক্তিবিশেষে দেশৰ আগশাৰীৰ সাংবাদিক তথা অসম সন্তান গোস্বামীক গ্রেপ্তাৰ কৰা কার্যক তীব্র গৰিহণা দিছে৷  মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে এক টুইটযোগে সাংবাদিক গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ কৰা সন্দর্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে ভাৰতীয় গণতন্ত্রৰ বাবে এটা ক’লা দিন৷ মুম্বাই আৰক্ষীয়ে জ্যেষ্ঠ সাংবাদিক গোস্বামীৰ ওপৰত কৰা হাৰাশাস্তিক মই কঠোৰভাৱে নিন্দা কৰিছোঁ৷ গোস্বামীক শীঘ্রে মোকলাই দি মহাৰাষ্ট্রত সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰখা উচিত৷ গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত মহাৰাষ্ট্র চৰকাৰে চলোৱা এনে আক্রমণক গৰিহণা দিছে বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো৷ গোস্বামীক গ্রেপ্তাৰ গণতন্ত্রৰ ওপৰত প্রচণ্ড আঘাত বুলি মন্তব্য কৰি বিত্তমন্ত্রী ড০ শর্মাই কয় যে গোস্বামীক যিটো গোচৰত গ্রেপ্তাৰ কৰা হ’ল, সেই গোচৰটো ইতিমধ্যে বন্ধ হৈছে৷ বন্ধ হোৱা গোচৰ পুনৰ মুকলি কৰি গোস্বামীক গ্রেপ্তাৰ কৰা ঘটনাই কংগ্রেছ দলে আমাক জৰুৰীকালীন দিনলৈ আকৌ এবাৰ ঘূৰাই লৈ গ’ল৷ ই গণতন্ত্র আৰু সুস্থ–নিৰপেক্ষ সাংবাদিকতাৰ ওপৰত প্রচণ্ড আঘাত৷ ভাৰতবাসীৰ লগতে আমিও এই নির্মম আৰু পাশৱিক কার্যক গৰিহণা দিছোঁ৷ মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী আৰু গৃহমন্ত্রীৰ লগতে মুম্বাই আৰক্ষীৰ আয়ুক্তক দেশবাসীৰ ওচৰত ক্ষমা খোজাৰ লগতে প্রতিষ্ঠিত সাংবাদিক গোস্বামীক শীঘ্রে মুক্তি দিবলৈ তেওঁ দাবী জনায়৷ ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে এই ঘটনাক নিন্দা কৰাৰ লগতে সাংবাদিক গোস্বামীক তাৎক্ষণিকভাৱে মুক্তি দিবলৈ দাবী জনাইছে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত বিজেপিৰ ৰাজ্যিক সভাপতিজনে কয় যে অকাট্য যুক্তি আৰু শানিত বাগ্মিতাৰে সাংবাদিকতাৰ নতুন ধাৰা সৃষ্টি কৰিবলৈ সমগ্র দেশবাসীৰ আদৰৰ হৈ পৰা অসম গৌৰৱ গোস্বামীক কংগ্রেছ–শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্র চৰকাৰে আক্রোশমূলকভাৱে গ্রেপ্তাৰ কৰা কার্যই গণতন্ত্রৰ চতুর্থ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত পোনপটীয়া আক্রমণ৷ মহাৰাষ্ট্র চৰকাৰৰ এই কার্যই প্রয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন তদানীন্তন কংগ্রেছ চৰকাৰে সাংবাদিক–সাংবাদিকত্ পণবন্দী কৰি দেশত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ ভয়াৱহ অত্যাচাৰৰ বিভীষিকাক আমাক মনত পেলাই দিছে৷ ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র ৰূপম বৰুৱাই সাংবাদিক গোস্বামীক গ্রেপ্তাৰক তীব্র গৰিহণা দিয়াৰ লগতে এই প্রসংগত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ৰিপুণ বৰাক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ৰিপুণ বৰাক এজন অসমীয়া হিচাপে অসম সন্তান অর্ণৱ গোস্বামীক কংগ্রেছ দলৰ তৰফৰ পৰা শীঘ্রে মুক্তি দিয়াৰ দাবী তুলিবলৈ তেওঁ আহ্বান জনায়৷ ইয়াৰ অন্যথা ৰিপুণ বৰাক অসমবাসীয়ে কেতিয়াও ক্ষমা নকৰিব বুলি তেওঁ মন্তব্য কৰে৷ ইফালে, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গোস্বামীক বিনাচর্তে মোকলাই দিয়াৰ দাবীত আজি প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ ‘নিউজ লাইভ’, ‘নর্থ–ইষ্ট লাইভ’ আৰু ‘নিয়মীয়া বার্তা’ৰ সাংবাদিক–সংবাদকর্ আজি এক প্রতিবাদী কার্যসূচী ৰূপায়ণ কৰে৷ মহানগৰীৰ খ্রীষ্টানবস্তিস্থিত প্রাইড ইষ্ট এণ্টাৰটেইনমেণ্ট প্রাইভেট লিমিটেডৰ মুখ্য কার্যালয়ৰ সন্মুখত সাব্যস্ত কৰা এই প্রতিবাদী কার্যসূচীত অংশগ্রহণ কৰি ‘নিউজ লাইভ’ৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে কয় যে দেশৰ সংবাদ মাধ্যমৰ বাবে আজিৰ দিনটো এটা ক’লা দিন৷ জৰুৰীকালীন সময়ৰ দৰে সাংবাদিক গোস্বামীক মাৰধৰ কৰি গ্রেপ্তাৰ কৰাটো গণতন্ত্রৰ স্তম্ভ সংবাদ মাধ্যমৰ ওপৰত এক বর্বৰ আক্রমণ৷ প্রতিবাদী কার্যসূচীত উপস্থিত থাকি ‘নিউজ লাইভ’ৰ কনছাল্টিং এডিটৰ ধ্রুৱ মহন্তই কয় যে গোস্বামীক গ্রেপ্তাৰ কৰা কার্যই সংবাদ মাধ্যমৰ স্বাধীনতাত পোনপটীয়াকৈ আঘাত হানিছে৷

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীৰ মুক্তিৰ দাবীত ‘নিউজ লাইভ’–এ ‘ৰিলিজ অর্ণৱ গোস্বামী ডিজিটেল কেম্পেইনিং’ শীর্ষক এক কার্যসূচীও গ্রহণ কৰিছে৷ সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল ভট্টচার্যয়ো সাংবাদিক গোস্বামীক গ্রেপ্তাৰ কৰা কার্যক গৰিহণা দিছে৷ তেওঁ কয় যে এয়া সংবাদ মাধ্যমৰ ওপৰত আক্রমণ৷ সংবাদ মাধ্যমৰ মুখ বন্ধ কৰিবলৈ চৰকাৰে এনে দমনমূলক নীতি লৈছে৷ এটা পুৰণি গোচৰত ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অর্ণৱ গোস্বামীক গ্রেপ্তাৰ কৰা কার্যক দুর্ভাগ্যজনক আখ্যা দিছে গুৱাহাটী প্রেছ ক্লাবে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক সঞ্জয় ৰয়ে কয় যে দেশৰ ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ বিশ্বাস আছে৷ এইক্ষেত্রত ন্যায় প্রদান কৰা হ’ব বুলি আমি আশাবাদী৷ তদুপৰি সন্ত্রাসবাদীলৈ পুঁজি যোগান গোচৰৰ নামত জম্মু–কাশ্মীৰত যাতে কোনো সাংবাদিকক হাৰাশাস্তি কৰা নহয়, সেয়া নিশ্চিত কৰিবলৈও গুৱাহাটী প্রেছ ক্লাবে কেন্দ্রীয় গৃহ মন্ত্রালয়লৈ আহ্বান জনাইছে৷ দেশৰ আগশাৰীৰ সাংবাদিক গোস্বামীক মুম্বাই আৰক্ষীয়ে গ্রেপ্তাৰ আৰু তেওঁৰ পৰিয়ালক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাত ইলেক্ট্রনিক মিডিয়া ফ’ৰাম, অসমে উদ্বিগ্ণতা প্রকাশ কৰিছে৷ কাকতলৈ প্রেৰণ কৰা এক বিবৃতিত সংগঠনটোৰ সভাপতি মনোজ কুমাৰ গোস্বামীয়ে কয় যে এয়া এক সাধাৰণ আইনী ব্যৱস্থা বুলি গণ্য কৰাটো ভুল হ’ব৷ মুম্বাই আৰক্ষীৰ এই হঠকাৰী কার্য আৰু সংবাদ মাধ্যমৰ ওপৰত অনধিকাৰ হস্তক্ষেপ গৰিহণাযোগ্য৷ দিছপুৰ প্রেছ ক্লাবেও গোস্বামীক গ্রেপ্তাৰ কৰা কার্যক নিন্দা কৰিছে৷ দিছপুৰ প্রেছ ক্লাবৰ সভাপতি নৰেন হাজৰিকা আৰু সাধাৰণ সম্পাদক কুঞ্জমোহন ৰায়ে কয় যে অর্ণৱ গোস্বামীক পুৰণি গোচৰ এটাত যিধৰণে গ্রেপ্তাৰ কৰা হ’ল তাত বহুতেই ৰাজনৈতিক ষড়যন্ত্রৰ গোন্ধ পাইছে৷ জার্নেলিষ্ট ফ’ৰাম আছাম (জেএফএ)–এ তীব্র গৰিহণা দিছে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গোস্বামীক মহাৰাষ্ট্র আৰক্ষীয়ে গ্রেপ্তাৰ কৰা কার্যক৷ সংগঠনটোৰ সভাপতি ৰূপম বৰুৱা আৰু সম্পাদক নৱ ঠাকুৰীয়াই কয় যে এজন জ্যেষ্ঠ সাংবাদিকক অপৰাধীৰ দৰে গ্রেপ্তাৰ কৰা কার্য কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে৷ গোস্বামীক গ্রেপ্তাৰ কৰা আৰু তেওঁৰ পৰিয়ালক শাৰীৰিকভাৱে অপদস্থ কৰা ঘটনাক ৰহস্যজনক আখ্যা দিছে জার্নেলিষ্ট এছ’চিয়েচন অৱ আছাম আৰু নেচনেল ইউনিয়ন অৱ জার্নেলিষ্ট ইণ্ডিয়াই৷ সাংবাদিক সংগঠন দুটাই গোস্বামীক বিনাচর্তে মোকলাই দিয়াৰ দাবী উত্থাপন কৰিছে৷

You might also like