নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এএমচিএইচত ক’ভিডৰ পৰা সুস্থ হোৱা ৰোগীৰ দেহত ব্লেক ফাংগাছ

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্রমণ৷ দেওবাৰে পুনৰ ৰাজ্যত ক’ভিডত আক্রান্ত হৈছে ১,৭৭৫জন লোক৷ বিগত ২৪ ঘণ্টাত ৰাজ্যত মুঠ ৭৮,০৫০টা নমুনাৰ পৰীক্ষা সম্পন্ন কৰা হৈছে৷ আক্রান্তৰ হাৰ হৈছে ২.২৭ শতাংশ৷ আক্রান্ত লোকসকলৰ ভিতৰত সর্বাধিক ১৬০জন শোণিতপুৰ জিলাৰ৷

তদুপৰি ডিব্রুগড়ৰ ১৩৬জন, কামৰূপ মহানগৰ জিলাৰ ১৩৩জন আৰু যোৰহাটৰ ১২৩জন লোক আক্রান্ত হৈছে ক’ভিডত৷ দেওবাৰে মৃত্যু হোৱা লোকৰ সংখ্যা হৈছে ৩০জন৷ ইয়াৰে সর্বাধিক ৫জন যোৰহাটৰ৷ তদুপৰি কামৰূপৰ চাৰিজন, কামৰূপ মহানগৰৰ তিনিজন, ডিব্রুগড়–গোলাঘাট–কাছাৰত দুজনকৈ, কাছাৰ–দৰং–গোৱালপাৰা আংলং–নগাঁও–বঙাইগাঁও এজনকৈ লোকে ক’ভিডত প্রাণ হেৰুৱাইছে৷ আজি সুস্থ হোৱা ৰোগীৰ সংখ্যা হৈছে ৩,৫৫৯জন৷ সম্প্রতি চিকিৎসাধীন হৈ আছে ৩২,২০৭জন৷

ইফালে ক’ভিডৰ ব্যাপক সংক্রমণে পৰিস্থিতি অত্যন্ত জটিল কৰি তোলা ডিব্রুগড়ত এইবাৰ বিয়পিছে ব্লেক ফাংগাছৰ আতংক৷ ডিব্রুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত (এ এম চি এইচ) চিনাক্ত হৈছে প্রথমজন ব্লেক ফাংগাছত সংক্রমিত ৰোগী৷ অণুজীৱ বিজ্ঞান আৰু চকু চিকিৎসা বিভাগৰ এটা যুটীয়া বিশেষজ্ঞৰ দলে কৰা পৰীক্ষাত যোৱানিশা ৰোগীজনৰ শৰীৰত এই মাৰাত্মক ভেঁকুৰবিধৰ উপস্থিতি ধৰা পৰে৷

প্রাপ্ত তথ্য অনুসৰি ৪৭ বছৰীয়া ব্যক্তিজন লখিমপুৰ নিৱাসী৷ এই ৰোগীজন ক’ভিডত আক্রান্ত হৈ সুস্থ হৈছিল যদিও বিগত কিছুদিন ধৰি তেওঁ পুনৰ অসুস্থতাত ভুগিছিল৷ লখিমপুৰ অসামৰিক চিকিৎসালয়ত ক’ভিডৰ চিকিৎসা কৰি সুস্থ হোৱা ৰোগীজনে কেইবাদিনো ধৰি কাহৰ লগতে উশাহ–নিশাহ লোৱাত অসুবিধা পাই আহিছিল৷ যোৱা ১৫ জুনত তেওঁক এ এম চি এইচত ভর্তি হৈছিল৷ সেই সময়ত মূৰৰ বিষ, সোঁচকু ৰঙা পৰা, মুখমণ্ডলৰ হনুৰ বিষ আদিকে ধৰি কেইবাটাও লক্ষণে দেখা দিছিল ৰোগীজনৰ শৰীৰত৷

সন্দেৱশতঃ এ এম চি এইচত বিভিন্ন পৰীক্ষাৰ লগতে চিটি স্কেন কৰাত এই ৰোগীজনৰ শৰীৰত ব্লেক ফাংগাছৰ অৱস্থিতি ধৰা পৰে৷ এ এম চিৰ অধ্যক্ষ ড০ সঞ্জীৱ কাকতিয়ে প্রকাশ কৰা অনুসৰি সম্প্রতি ৰোগীজনক মেডিচিন ইউনিট–১ত চিকিৎসা চলাই থকা হৈছে৷ বর্তমান ৰোগীজনৰ স্বাস্থ্য সুস্থিৰ৷ তদুপৰি এই ৰোগীজনৰ শৰীৰত ছুগাৰৰ পৰিমাণ অত্যধিক বুলি জানিব পৰা গৈছে৷ ক’ভিডৰ সংক্রমণৰ সময়তে ব্লেক ফাংগাছত আক্রান্ত ৰোগী চিনাক্ত হোৱাত সমগ্র জিলাখনতে আতংক সৃষ্টি হৈছে৷

You might also like