নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ব্লেক ফাংগাছত আক্রান্ত প্রথমজন ৰোগীৰ মৃত্যু

ৰাজ্যবাসীৰ বাবে উদ্বেগজনক সংবাদ

নিয়মীয়া বাৰ্তা ২০ মেঃ ক’ভিডত আক্রান্ত হৈ নিতৌ মৃত্যু হোৱা লোকৰ সংখ্যাই অভিলেখ গঢ়াৰ সময়তে ৰাজ্যবাসীলৈ আহিছে আন এক উদ্বেগজনক খবৰ৷ ব্লেক ফাংগাছ নামৰ মাৰাত্মক ভেঁকুৰৰ সংক্রমণ ঘটা ৰাজ্যৰ প্রথমজন ৰোগীৰ আজি মৃত্যু ঘটিছে৷ গুৱাহাটীৰ এপল’ হাস্পতালত ব্লেক ফাংগাছত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি ল’লে নগাঁও জিলা ধিং পৌৰসভাৰ অন্তর্গত চমুৱাগাঁৱৰ ২৭ বছৰীয়া যুৱক পলমণি বৰাই৷ কালি এই যুৱকজন ব্লেক ফাংগাছত আক্রান্ত হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷

উল্লেখ্য যে কোনো ধৰণৰ ভ্রমণ বৃত্তান্ত নথকা এই যুৱকজনে কিছুদিন পূর্বে অজানিতে উতলা গৰম পানী সেৱন কৰাত কিছু অসুস্থতাৰ অনুভৱ কৰে৷ যোৱা ৬ মে’ত ধিং প্রাথমিক চিকিৎসালয়লৈ তেওঁক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল৷ সেই সময়তে ক’ভিড পৰীক্ষা কৰাত তেওঁৰ শৰীৰত ক’ভিডৰ উপস্থিতি ধৰা পৰে৷ উশাহ–নিশাহ লোৱাত কষ্ট অনুভৱ কৰাৰ বাবে সোণমণি বৰাক নগাঁৱলৈ প্রেৰণ কৰা হয়৷ সাত দিন ধৰি চিকিৎসাধীন হৈ থকাৰ পিছত যোৱা ১৩ মে’ত তেওঁৰ ক’ভিড নিগেটিভ আহে৷ ফলত তেওঁক হাস্পতালৰ পৰা ঘৰলৈ আহিবলৈ অনুমতি দিয়া হয়৷ ঘৰত হোম আইছ’লেচন হৈ থকাৰ সময়ত ক্রমাৎ যুৱকজনৰ স্বাস্থ্যৰ অৱনতি ঘটাত যোৱা ১৫ মে’ত পুনৰ তেওঁক ধিং হাস্পতাললৈ লৈ আহে পৰিয়ালৰ লোকে৷ কিন্তু সেই দিনাও উন্নত চিকিৎসাৰ বাবে যুৱকজনক নগাঁৱলৈ প্রেৰণ কৰা হয়৷ অৱশ্যে যুৱকজনৰ স্বাস্থ্যৰ যথেষ্ট অৱনতি ঘটাৰ বাবে নগাঁৱৰ পৰাই সেই দিনাই গুৱাহাটীৰ এপল’ হাস্পতালত ভর্তি কৰোৱা হয়৷

প্রাথমিক অৱস্থাত তেওঁক আইচিইউত ৰখা হৈছিল যদিও পৰৱর্তী সময়ত ভেণ্টিলেটৰৰ জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়৷ ১৫ মে’ৰ পৰা চিকিৎসাধীন হৈ থকা যুৱকজনৰ আজি পুৱা প্রায় ৬ বজাত তেওঁৰ মৃত্যু ঘটে৷

উল্লেখ্য যে ক’ভিড–১৯ত আক্রান্ত হৈ সুস্থ হোৱা যুৱকজনৰ শৰীৰত ব্লেক ফাংগাছৰ সংক্রমণৰ আশংকা কৰি যাৱতীয় পৰীক্ষা সম্পন্ন কৰিছিল এপল’ হাস্পতাল কর্তৃপক্ষই৷ এই পৰীক্ষাতে তেওঁৰ দেহত এই মাৰাত্মক সংক্রমণৰ তথ্য পোহৰলৈ আহে৷ দীগেন চন্দ্র বৰাৰ একমাত্র পুত্র সোণমণি বৰাৰ বিয়োগত ধিং অঞ্চলত শোকৰ ছাঁ পৰিছে৷ সৰবৰহী এই যুৱকজন অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান–প্রতিষ্ঠানৰ্ লগত জড়িত হৈ আছিল৷ যুৱকজনৰ দেহত এই মাৰাত্মক ভেঁকুৰৰ সংক্রমণ ধৰা পৰাৰ পিছত স্থানীয় ধিং অঞ্চলত আতংকৰ সৃষ্টি হৈছে৷

ইফালে, বুধবাৰে এপল’ হাস্পতালত এই যুৱকজনৰ শৰীৰত ব্লেক ফাংগাছৰ অৱস্থিতিৰ কথা স্বীকাৰ কৰিছে ৰাজ্যৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তয়ো৷ আজি কেন্দ্রীয় স্বাস্থ্যমন্ত্রী হর্ষবর্ধনৰ সৈতে হোৱা ভিডি’ কনফাৰেন্সিঙৰ সময়ত ৰাজ্যত ব্লেক ফাংগাছৰ সংক্রমণ বিষয়টো অৱগত কৰিছে বুলিও স্বাস্থ্যমন্ত্রীগৰাকীয়্ সদৰী কৰিছে৷ এই প্রসংগত তেওঁ কয়– ‘ব্লেক ফাংগাছৰ সংক্রমণৰ চিকিৎসাৰ বাবে যাৱতীয় ঔষধ কেন্দ্রীয় চৰকাৰে অনুমোদন দিব লাগে৷ সেয়ে এইক্ষেত্রত তাৎক্ষণিকভাৱে অনুমোদন দিবলৈ কেন্দ্রীয় স্বাস্থ্যমন্ত্রীগৰাকীক মই আহ্বান জনাইছোঁ৷ সমান্তৰালভাৱে ব্লেক ফাংগাছৰ সংক্রমণ ৰোধ কৰাৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰা হৈছে৷’

আনহাতে, মাৰাত্মক ব্লেক ফাংগাছৰ সংক্রমণক লৈ ৰাজ্যবাসীক আতংকিত নহ’বলৈ আহ্বান জনাইছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ অচ্যুত বৈশ্যই৷ বর্তমানলৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ব্লেক ফাংগাছত আক্রান্ত কোনো ৰোগী অহা নাই বুলি উল্লেখ কৰি তেওঁ কয়– ‘ব্লেক ফাংগাছত আক্রান্ত ৰোগীৰ চিকিৎসাৰ বাবে আমাৰ হাস্পতালত প্রয়োজনীয় ঔষধ আৰু ইনজেকচেন মজুত আছে৷ ৰাষ্ট্রীয় স্বাস্থ্য অভিযানৰ জৰিয়তে চৰকাৰীভাৱে ইয়াৰ ঔষধ যোগান ধৰা হয়৷ এনে ৰোগীৰ চিকিৎসাৰ বাবে আমাৰ হাস্পতাল সাজু৷ ইয়াক লৈ আতংকিত হোৱাৰ কোনো কাৰণ নাই৷’
ব্লেক ফাংগাছ সন্দর্ভত অধ্যয়ন কৰি প্রতিবেদন দিবলৈ বিশেষজ্ঞক দায়িত্ব অর্পণ ৰাজ্য চৰকাৰৰ
ৰাজ্যৰ দুজন ক’ভিড আক্রান্তৰ শৰীৰত মাৰাত্মক ব্লেক ফাংগাছ ধৰা পৰা বিষয়টোৱে আতংকৰ সৃষ্টি কৰাৰ সময়তে বিষয়টোক লৈ তৎপৰ হৈ পৰিছে কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়৷ বুধবাৰে কেন্দ্রীয় স্বাস্থ্যমন্ত্রী ডাঃ হর্ষবর্ধনে অসমৰ স্বাস্থ্যমন্ত্রী কেশৱ মহন্তৰ সৈতে অনুষ্ঠিত কৰা ভিডিঅ কনফাৰেঞ্চত ব্লেক ফাংগাছৰ বিষয়টোক লৈ বিস্তৃত চর্চা হয়৷ দিল্লী আৰু মুম্বাইত সংহাৰী ৰূপ লোৱা মাৰাত্মক ব্লেক ফাংগাছ অসমৰ ৰোগীৰ দেহত চিনাক্ত হোৱাৰ পিছত তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ৷ ব্লেক ফাংগাছৰ বিষয়টো অধ্যয়ন কৰি প্রতিবেদন দিবলৈ ইতিমধ্যে স্বাস্থ্য বিভাগে চিকিৎসা বিশেষজ্ঞক দায়িত্ব অর্পণ কৰিছে৷ আজি এই কথা স্পষ্ট কৰিলে স্বাস্থ্যমন্ত্রী কেশৱ মহন্তই৷ মন্ত্রীগৰাকীয়ে প্রকাশ কৰা মতে, বিশেষজ্ঞসকলে আজি নিশাৰ ভিতৰতে এই সন্দর্ভত ৰাজ্য চৰকাৰৰ ওচৰত প্রতিবেদন দাখিল কৰিব৷ বিশেষজ্ঞৰ প্রতিবেদন লাভৰ পিছতে ৰাজ্য চৰকাৰে ব্লেক ফাংগাছৰ সন্দর্ভত যথোচিত কার্যব্যৱস্থাৰ নির্দেশনা জাৰি কৰিব৷ মন্ত্রী মহন্তই ইয়াকো উল্লেখ কৰে যে স্বাস্থ্য বিভাগে বিষয়টোক গুৰুত্বসহকাৰে গ্রহণ কৰিছে৷ ৰাইজক ব্লেক ফাংগাছক লৈ আতংকিত নহ’বলৈ আহ্বান জনাই মন্ত্রীগৰাকীয়ে কয় যে ব্লেক ফাংগাছ কোনো ধৰণৰ সংক্রামক ৰোগ নহয়৷ ইয়াক লৈ আতংকিত হোৱাৰ প্রয়োজন নাই৷

You might also like