নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাষ্ট্রীয় স্বেচ্ছামূলক ৰক্তদাতা দিৱস উপলক্ষে নাহৰকটীয়া কলেজত ৰক্তদান

বিশেষ বার্তা, ১ অক্টোবৰ : ৰক্তদানৰ প্ৰয়োজনীয়তা আৰু উপকাৰিতা সম্পৰ্কে সকলোকে অৱগত কৰাৰ উদ্দেশ্যেৰে আজিৰ দিনটোত দেশজুৰি উদযাপিত কৰা “ৰাষ্ট্ৰীয় স্বেচ্ছামূলক ৰক্তদান দিৱস” উপলক্ষে আজি নাহৰকটীয়া মহাবিদ্যালয়ত এক স্বেচ্ছামূলক ৰক্তদান শিবিৰ অনুষ্ঠিত হৈ যায়। মহাবিদ্যালয়ৰ ৰেড ৰিবন ক্লাৱ আৰু ৰাষ্ট্ৰীয় সেৱা আঁচনিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই শিবিৰৰ আৰম্ভণিতে ৰক্তদানৰ গুণাগুণ তথা উদ্দেশ্য আৰু প্ৰয়োজনীয়তা সম্পৰ্কে এক সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। উল্লেখযোগ্য যে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ ব্লাড বেংকৰ চিকিৎসক ডাঃ জাহ্নৱী চেতিয়া, ডাঃ মৌ চেং ৱেইংকেন, অৰূপজ্যোতি খাটনিয়াৰ, মুকুন্দ মাধৱ শইকীয়া, দিপু সোনোৱাল, কুমুদ শইকীয়া, পবিত্ৰ সোনোৱালে পৰিচালনা কৰা এই ৰক্তদান শিবিৰত নাহৰকটীয়াস্থিত ৰাজ্যিক কৰ আয়ুক্ত আৰু কৰ অধীক্ষকৰ কাৰ্য্যালয়ৰ সহকাৰী কৰ আয়ুক্ত মাধুৰ্য্য শইকীয়া, নাহৰকটীয়া মহাবিদ্যালয়ৰ শিক্ষক গোটৰ হৈ ডঃ ধীৰাজ কুমাৰ দাস, কুঞ্জমুকুল গগৈ, নন্দেশ্বৰ বানাই, উৰ্বশী কোঁৱৰ, যাদৱ নেৱাৰ, কৰ্মচাৰী গোটৰ হৈ শশাংক সোনোৱাল, অবিনাশ বাগ, প্ৰাঞ্জল ভূঞা, ছাত্ৰ ছাত্ৰী আদিকে ধৰি মুঠ ৩৭গৰাকী ৰক্তদাতাই স্বেচ্ছামূলক ৰক্তদান কৰে।

প্ৰেৰক প্ৰাঞ্জল ভূঞা

You might also like