নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গৰৈমাৰীত ৰক্তদান শিবিৰ-সজাগতা সভা

নিয়মীয়া বাৰ্তা,  ১৯ ছেপ্টেম্বৰ : ছয়গাঁও সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ সমূহীয়া ভৱনত আজি ‘আয়ুষ্মান ভৱ’ কাৰ্যসূচীৰ লগত সংগতি ৰাখি ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ উদ্যোগত এছ পি এছ ব্লাড ড’নাৰ ছেলৰ সহযোগত ৰক্তদান শিবিৰৰ লগতে এখনি সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ জানিব পৰা মতে, এছ পি এছ ব্লাড ড’নাৰ ছেলৰ প্ৰাক্তন সভাপতি ছাইফুল ইছলামৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাত ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ এছ ডি এম ডাঃ চিন্ময় কুমাৰ দাস, এছ পি এছৰ মুখ্য উপদেষ্টা অৰূপ কুমাৰ মেধি, গৰৈমাৰীৰ ফখৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ আব্দুল আৱাল চাহাব, বাতাহিদিয়া প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্য বিষয়া ডাঃ ৰহুল আমিন আহমেদ, ছয়গাঁও খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ বি চি এম ডিম্পী বৰঠাকুৰ, গৰৈমাৰী আঞ্চলিক ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক দোস্ত হাবিবুৰ ৰহমান, গৰৈমাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কৃষ্ণা হাজৰিকা, সোণতলী সামূহিক স্বাস্থ্যকেন্দ্ৰৰ চিকিৎসক ডাঃ আফজালুৰ ৰহমান, এছ পি এছৰ সম্পাদক হীৰু ডেকা, প্ৰাক্তন সভাপতি দীপজ্যোতি দাসকে প্ৰমুখ্য কৰি এছ পি এছ ব্লাড ড’নাৰ ছেলৰ কৰ্মকৰ্তা-বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে ৷ আনহাতে, সজাগতা সভাৰ অন্তত ৰক্তদান শিবিৰ অনুষ্ঠিত হয় ৷
প্ৰেৰক নুৰুল ইছলাম
You might also like