নিয়মীয়া বাৰ্তা ডিজিটেল, ৩ মাৰ্চঃ কংক্ৰিটৰ মহানগৰীত মানুহে দৈনন্দিন সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহক নেওচি শাৰীৰিক আৰু মানসিক সুস্থতা বজাই ৰাখিবলৈ সক্ৰিয় জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰিব লাগে। জুপিটাৰ হাস্পতাল থানেৰ সহযোগত গগনা আছামিজ পিপলছ এছ’চিয়েচন মুম্বাই (গগনা মুম্বাই)ৰ উদ্যোগত কালি লোধা কাছা মেক্সিমা হাউছিং ছ’চাইটিৰ ক্লাব হাউচ মীৰা ভাইন্দৰত মেদবহুলতা পৰীক্ষা আৰু ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। যোৱা বছৰৰ দৰে এই স্বাস্থ্য অভিযানৰ লক্ষ্য আছিল মুম্বাইৰ পশ্চিম উপকণ্ঠ অঞ্চল, মীৰা ভাইন্দৰ আৰু থানেত থকা অসমীয়া লোকসকলৰ মাজত সুস্বাস্থ্য আৰু জীৱনশৈলীৰ প্ৰসাৰ কৰা। উক্ত শিবিৰত অসমীয়া ৰাইজৰ উপৰি স্থানীয় অনা-অসমীয়া লোকেও অংশগ্ৰহণ কৰে। জুপিটাৰ হাস্পতালৰ মুখ্য বেৰিয়াট্ৰিক আৰু মেটাবলিক ছাৰ্জন ডাঃ প্ৰশান্ত ছালভিয়ে মেদবহুলতা সম্পৰ্কীয় স্বাস্থ্যজনিত সমস্যা তথা চিকিৎসাৰ বাবে সুস্থ জীৱন যাপন আৰু উপলব্ধ নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। বডী কম্প’জিছন এনালাইচিচ মেচিনৰ দ্বাৰা প্ৰস্তুত স্বাস্থ্যজনিত ৰিপৰ্ট কাৰ্ডখন কেনেকৈ বুজিব পাৰি, উপস্থিত ৰাইজক সুন্দৰভাৱে বুজাই দিয়ে। তেওঁৰ বক্তৃতাত মেদবহুলতাৰ কাৰণে হোৱা গুৰুতৰ স্বাস্থ্যজনিত পৰিণতিৰ ওপৰত আলোকপাত কৰে, য’ত হৃদৰোগ, ষ্ট্ৰোক, টাইপ ২ ডায়েবেটিছ ইত্যাদিৰ পৰা বাচিবলৈ সুষম আহাৰ আৰু সহজ শাৰীৰিক পৰিশ্ৰম কেনেকৈ কৰিব পাৰি সেয়া বহলাই কয়। ইয়াৰ উপৰি তেওঁ কম খৰচত ন্যূনতম আক্ৰমণাত্মক অস্ত্ৰোপচাৰ (minimal invasive surgery) প্ৰয়োগ কৰি জুপিটাৰ হাস্পতালত উপলব্ধ অত্যাধুনিক স্বাস্থ্যসেৱা প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ ৰাইজলৈ আহ্বান জনায়।