ধুবুৰীত প্ৰশাসনে উঠালে BNS 163 (1) ধাৰা – খুলিল দোকান-পোহাৰ, বজাৰ-ঘাট
নিয়মীয়া বাৰ্তা, ১১ জুন : বিগত প্ৰায় দুই দিনীয়া উত্তেজনাময় পৰিৱেশৰ আজিৰ পৰা প্ৰায় স্বাভাৱিক অৱস্থাৰ দিশে ধুবুৰী জিলাৰ সদৰ, ধুবুৰীৰ পৰিৱেশ। আজি চহৰখনৰ সকলো দোকান-পোহাৰ, বজাৰ-ঘাট খুলাৰ পিছত গ্ৰাহকৰো সমাগম ঘটিছে বজাৰত।
উল্লেখ্য যে, বিগত ৮ জুনৰ দিনা ধুবুৰী চহৰৰ ৩নং ৱাৰ্ড তথা ঈদগাহ মাঠৰ সমীপৰ এটা খালি ঠাইৰ একাষে থকা এটা সৰু হনুমান মন্দিৰৰ দুৱাৰৰ কাষত সন্দেহজনক গো-মাংস উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছিল উত্তেজনাৰ।
সেই উত্তেজনাময় পৰিৱেশৰ শাম কাটিবলৈ লৈছিল যদিও পিছদিনা, অৰ্থাৎ ৯ জুনৰ দিনা সেই একেটা অঞ্চলতে তথা হনুমান মন্দিৰটোৰ নতিদূৰৰ আন এটা ৰাজপথৰ একাষত সন্দেহজনক গো-মাংস উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সৃষ্টি হৈছিল পুনৰ উত্তেজনাৰ। ঘটনাটোক লৈ অঞ্চলটোৰ ৰাইজ আৰক্ষীৰ বিৰূদ্ধে ক্ষোভত ফাটি পৰিছিল আৰু ক্ৰমশঃ সেই ঘটনাক লৈ ধুবুৰী চহৰৰ অইন একাংশ অঞ্চলতো সৃষ্টি হ’বলৈ লৈছিল ক্ৰিয়া-প্ৰতিক্ৰিয়াৰ।
ইপিনে ৯ জুনৰ সেই ঘটনাৰ পিছে পিছে চহৰখনত বন্ধ হৈ পৰিছিল সৰু-বৰ ব্যৱসায়িক প্ৰতিষ্ঠানকে ধৰি যাত্ৰীবাহী ই-ৰিক্সা, টেম্প’ৰ চলাচল। ইয়াৰ মাজতে আকৌ সিদিনা, অৰ্থাৎ ৯ জুনৰ বিয়লিৰ ফালে চহৰখনৰ ছাতিয়ানতলা অঞ্চলৰ ৰাজপথত উদ্ধাৰ হৈছিল সন্দেহজনক গৰুৰ এটা সৰু ছাল।
ইয়াৰ মাজতেই আকৌ চহৰখনত আৰম্ভ হৈছিল বিভিন্ন ধৰণৰ উৰাবাতৰিৰ আৰু সেই উৰা বাতৰিবোৰে চহৰখনৰ পৰিস্থিতিৰ অধিক অৱনতি ঘটোৱাৰ আশংকাৰো উদ্ভৱ হৈছিল। অৱশেষত, ৯ জুনৰ বিয়লিৰ পিছে পিছে ধুবুৰী থানা এলেকাত বিএনএছএছৰ ১৬৩ (ৱান) ধাৰা বলবৎ কৰিছিল ধুবুৰী জিলা আয়ুক্ত দিৱাকৰ নাথে।
সমান্তৰালকৈ আৰক্ষীও সমগ্ৰ চহৰখনতে চিআৰপিএফৰ সহযোগত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তুলিছিল। তাৰ পিছত সিদিনা নিশাৰ পৰা চহৰখনত বিশেষ কোনোধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত হোৱা নাছিল। অৱশ্যে BNS 163 (1) ধাৰা দোকান-পোহাৰবোৰ বন্ধ ৰখাৰ প্ৰশাসনিক নিৰ্দেশৰ পৰিপ্ৰেক্ষিতত যোৱাকালি ১০ জুনৰ দিনা চহৰখনৰ সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান, বজাৰ আদি বন্ধ থকাৰ সমান্তৰালকৈ ধুবুৰীল কোনো ধৰণৰ চৰকাৰী-বেচৰকাৰী যাত্ৰীবাহী লঞ্চ, ইঞ্জিন চালিত নাওঁ চলাচল কৰা নাছিল।
অৱশ্যে চহৰখনৰ অফিছ-আদালত-বেংক-পোষ্ট অফিচ আদিবিভিন্ন চৰকাৰী প্ৰতিষ্ঠানবোৰ খুলা আছিল। ঠিক অনুৰূপে চহৰখনৰ বিদ্যালয়-মহাবিদ্যালয়বোৰ খুলা থাকিলেও যোৱাকালি ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ অতি তাকৰ আছিল যদিও আজি চহৰখনৰ চৰকাৰী-বেচৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিৰ হাৰ স্বাভাবিক বুলিয়েই প্ৰকাশ। ইপিনে ৯ জুনৰ সন্ধিয়াৰ পৰা যোৱাকালি দুপৰীয়ালৈ কোনো ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত নোহোৱাৰ পৰিপ্ৰেক্ষিতত যোৱাকালি, অৰ্থাৎ ১০ জুনৰ দুপৰীয়াৰ ফালে ধুবুৰী জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ দিৱাকৰ নাথে যোৱাকালি BNS 163 (1) ধাৰাৰ অধীনত জাৰি কৰা আদেশ বাতিলৰ নিৰ্দেশ দিয়ে।
স্মৰ্তব্য যে, বিগত ৮ জুনৰ দিনা ধুবুৰী চহৰৰ হনুমান মন্দিৰত সন্দেহজনক গো-মাংস উদ্ধাৰ হোৱাৰ ঘটনাত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ইতিমধ্যে ৰমজান আলী সেখ নামৰ এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে। উল্লেখ্য যে, ঈদৰ প্ৰাক মুহূৰ্তত বিগত ৬ জুনৰ নিশা ধুবুৰী চহৰৰ বৰলুইতৰ ঐতিহ্যমণ্ডিতনেতাই ধুবুনী পাৰঘাটৰ সমীপৰ পৌৰসভাৰ সৰু উদ্যান এখনৰ তিনিটাকৈ পকী বেৰত এখনত কোনো অজান ব্যক্তিয়ে চক পেঞ্চিলেৰে লিখা তিনিটাকৈ ৰহস্যজনক দেৱাল লিখনি প্ৰত্যক্ষিত হৈছিল।
সেই ঘটনাৰ দুদিন পিছতেই ঈদৰ পিছদিনা বিগত ৮ জুনৰ পৰা দুদিন ধৰি অকষ্মাতে আপাত দৃষ্টিত শান্তিপূৰ্ণ হৈ থকা ধুবুৰী চহৰত অস্থিৰ পৰিৱেশ সৃষ্টি হোৱা পোৱা যায়। ফলত সেই বিশেষ দেৱাল লিখনিৰ সৈতে ধুবুৰীক অস্থিৰ কৰিব বিচৰা কোনো বিশেষ শক্তি এটাৰ যোগসূত্র আছে নেকি বুলি এতিয়া জন্ম দিছে এক গুৰুত্বপূৰ্ণ প্ৰশ্নৰ।
সমান্তৰালকৈ বাংলাদেশৰ সাম্প্রতিক অস্থিৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নামনি অসমৰ অতীব সংবেদনশীল বুলি পৰিচিত ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী ধুবুৰীকে ধৰি সমগ্ৰ জিলাখনতেই কোনো বিশেষ ভাৰত বিৰোধী শক্তিয়ে সাম্প্রদায়িক সম্প্রীতি বিনষ্ট কৰি অস্থিৰতাৰ সৃষ্টি কৰিব বিচাৰিছে নেকি বুলিও কিন্তু সন্দেহ প্ৰকাশ কৰা পোৱা গৈছে বহুতেই।
ধুবুৰীৰ পৰিস্থিতিৰ বুজ ললে অসম আৰক্ষী মহা-পৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিঙে
ধুবুৰীৰ মন্দিৰ এটাৰ সমীপত সন্দেহজনক গো-মাংস উদ্ধাৰ হোৱাৰ ঘটনাক লৈ সৃষ্টি হোৱা পৰিৱেশৰ বুজ ল’বলৈ যোৱাকালি সন্ধিয়া ধুবুৰীত উপস্থিত হয় অসম আৰক্ষী মহা-পৰিদৰ্শক (আইন-শৃংখলা) অখিলেশ কুমাৰ সিং। সিঙে চহৰখনৰ স্পৰ্শকাতৰ অঞ্চলসমূহ পৰিভ্ৰমণ কৰি পৰিস্থিতিৰ বুজ লোৱাৰ পিছত স্থানীয় সাংবাদিকৰে হোৱা কথা-বতৰাত ধুবুৰী চহৰৰ ৩ নং ৱাৰ্ডৰ হনুমান মন্দিৰৰ সন্মুখ ভাগত দুষ্ট চক্ৰই গৰুৰ মূৰৰ অৱশিষ্ট অংশ আৰু ছাল পেলাই ৰখা ঘটনাক কেন্দ্ৰ কৰি বৰ্তমানলৈ ৭ জনক আটক কৰা হৈছে বুলি সদৰি কৰে। ভৱিষ্যতে ধুবুৰীত এনে ধৰণৰ অপ্রীতিকৰ ঘটনা সংঘটিত যাতে নহয় তাৰ বাবে ৰাইজক শান্তি সম্প্ৰীতি বজাই ৰখাৰ বাবে আহ্বানো জনায় অসম আৰক্ষীৰ শীৰ্ষ বিষয়াগৰাকীয়ে।