ধুবুৰীৰ গোলকগঞ্জৰ সোনাহাট বাণিজ্য কেন্দ্ৰৰে বাংলাদেশলৈ অহা–যোৱা কৰা ট্ৰাকসমূহৰ পৰীক্ষণ ব্যৱস্থাৰ কাৰ্য্যকাৰিতাক লৈ প্ৰশ্ন
- বিনা বাধায় বাণিজ্যে কেন্দ্ৰৰ সমীপৰ সীমান্ত অতিক্ৰমি মটৰ চাইকেলেৰে বাংলাদেশলৈ প্ৰৱেশ কৰিলে অসমৰ যুৱকে
- সীমান্তৰ নিৰাপত্তাৰ শিথিলতাৰ সুযোগ ভাৰতবিৰোধী চক্ৰই লোৱাৰ আশাংকা
নিয়মীয়া বাৰ্তা, ১১ নৱেম্বৰঃ অত্যাধুনিক প্ৰযুক্তি অৱিহনে ধুবুৰী জিলাৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে বাংলাদেশলৈ দৈনিক অহা–যোৱা কৰা শতাধিক ট্ৰাকৰ পৰীক্ষণ ব্যৱস্থাৰ শিথিলতাৰ সুযোগ লৈ আছে নেকি কোনো ভাৰতবিৰোধী শক্তি অথৱা চোৰাং বেহাৰ সৈতে জড়িত কোনো চক্ৰই। যোৱাকালি সোনাহাট বাণিজ্য কেন্দ্ৰ পৰা বাংলাদেশৰ ভূৰুংগামাৰী স্থল বন্দৰ গামীপথেৰে অনায়াসে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ মটৰ চাইকেলেৰে বাংলাদেশত প্ৰৱেশ কৰাৰ এক চাঞ্চল্যকৰ ঘটনাই জন্ম দিছে এই প্ৰশ্নৰ। তাৰোপৰি সীমান্তৰ সেই পথচোৱাত সোনাহাটৰ পৰা বাংলাদেশলৈ অহা–যোৱা কৰা ট্ৰাকসমূহৰ পৰীক্ষণৰ বাবে নিয়োজিত বিএছএফৰ বেহু ফালি দিনৰ পোহৰতে কিদৰে সেই যুৱকজন বাংলাদেশলৈ যাব পাৰিলে সেয়াও গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠি আহিছে এতিয়া। অৱশ্যে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঝসকাল তৃতীয় খণ্ডৰ বাসিন্দা, অপ্ৰাপ্তবয়স্ক বয়সৰ বুলি চৰ্চিত শ্বেইখ উপাধিৰ সেই যুৱকজনক বাংলাদেশৰ অৰ্ধসামৰিক বাহিনী বোৰ্ডাৰ গাৰ্ড বাংলাদেশে যোৱানিশাই বিএছএফক চমজাই দিয়ে।
আনহাতে বিএছএফে যোৱানিশাই জিলাখনৰ গোলকগঞ্জ থানাত চমজাই দিয়াৰ পিছত আৰক্ষীয়ে যুৱকজনক পৰিয়ালৰ লোকক চমজাই দিয়া বুলি প্ৰকাশ। ইফালে বিনা অনুমতিত সীমান্ত পাৰ হৈ বাংলাদেশলৈ অৱৈধ ভাৱে প্ৰৱেশ কৰা সেই যুৱকজনৰ বিৰূদ্ধে কোনো ধৰণৰ গোচৰ ৰুজু নকৰাকৈ মুকলি কৰি দিয়াক লৈও কিন্তু প্ৰশ্নও উত্থাপিত কৰা পোৱা গৈছে একাংশই। অৱশ্যে গোলকগঞ্জ আৰক্ষীয়ে বিষয়টো লৈ আনুষ্ঠানিক ভাৱে একো কোৱা নাই যদিও বিএছএফে কোনো ধৰণৰ গোচৰ দাখিল নকৰাৰ বাবেই যুৱকজনক যাবলৈ দিয়া হোৱা বুলি অসমৰ্থিত এক সূত্ৰযোগে প্ৰকাশ। ইপিনে যোৱাকালিৰ এই ঘটনাই সোনাহাট বাণিজ্যিক কেন্দৰ সমীপৰ ভাৰত–বাংলাদেশ সীমান্তৰ নিৰাপত্তাৰ শিথিলতাৰ দিশটো উদঙাই দিয়াৰ সমান্তৰালকৈ ভাৰত চৰকাৰৰ ‘‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০’’ (Land Ports Authority of India Act, 2010)ৰ এটা গুৰুত্বপূৰ্ণ দফা সম্পূৰ্ণ ৰূপে উলংঘা কৰি সেই স্থল বন্দৰটো চলি থকাৰ বিষয়টোও আঙুলীয়াই দিছে বহুতেই।
উল্লেখ্য যে, ভাৰত চৰকাৰৰ সেই আইন অনুসৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চলা দেশৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰলৈ অহা যোৱা কৰা মালবাহী বাহন পৰীক্ষণৰ বাবে স্কেনাৰ অথৱা এক্সৰে মেছিন থকাটো বাধ্যতামূলক। কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাৱে ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে নিতৌ বাংলাদেশলৈ অহা যোৱা কৰি থকা শতাধিক ট্ৰাকসমূহ পৰীক্ষণৰ বাবে নাই কোনো ধৰণৰ স্কেনাৰ, এক্সৰে মেছিন, নাই কোনো ধৰণৰ আধুনিক প্ৰযুক্তি ব্যৱস্থপনাও। ফলত সোনাহাট বাণিজ্য কেন্দ্ৰৰ সমীপৰ সীমান্ত অতিক্ৰমি দৈনিক অহা–যোৱা কৰা ট্ৰাকসমূহত চলোৱা তালাচী কিমান বিজ্ঞানসন্মত অথৱা ‘ফুল প্ৰুফ’সেয়া লৈও সময়ে সময়ে উদ্বেগ প্ৰকাশ কৰি অহাও পোৱা গৈছে একাংশ ভূৰখা মহলে। কিন্তু তাৎপৰ্য্যপূৰ্ণ ভাৱে অসম তথা দেশৰ নিৰাপত্তাৰ সৈতে জড়িত থকা অতীৱ গুৰুত্বপূৰ্ণ এই বিষয়টো লৈ আজিলৈ গা ল’ৰা পোৱা যায় বাণিজ্য কেন্দ্ৰটোৰ কৰ্তপক্ষকে ধৰি বিএছএফেও। ফলত স্বাভাৱিক ভাৱেই ভাৰত চৰকাৰৰ ‘‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০ অনুসৰি সোনাহাট বাণিজ্য কেন্দ্ৰটোৰে বাংলাগেশলৈ অহা–যোৱা কৰা মালবাহী ট্ৰাকসমূহ পৰীক্ষণৰ বাবে স্কেনাৰ অথৱা এক্সৰে মেছিন স্থাপন কৰাৰ অনীহাৰ আঁৰত ৰহস্য লুকাই আছে নেকি বুলিও কিন্তু উত্থাপিত হৈছে।
অমিতাভ চক্ৰৱৰ্তী, ধুবুৰী