নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিম কাৰ্বি আংলঙত কপিলী নৈত শোকাৱহ নাও দুৰ্ঘটনা

নিয়মীয়া বাৰ্তা, ১৮ অক্টোবৰঃ পশ্চিম কাৰ্বি আংলং আৰু হোজাই জিলাৰ সীমান্তৰ কপিলী নৈত কালি গধূলি শোকাবহ নাও দুৰ্ঘটনা সংঘটিত হয়। লক্ষ্মী পূজা উপলক্ষে ২নং তৰাডুবি নামঘৰত অনুষ্ঠিত হোৱা অংকীয়া ভাওনা চোৱাৰ উদ্দেশ্যে গৰৈমাৰিৰ পৰা ২নং তৰাডুবি লক্ষ্মী নাৰায়ণ নামঘৰলৈ নৌকাৰে গৈ আছিল শিশু মহিলা পুৰুষসহ প্ৰায় ১০জন লোক। কিন্তু নাওখন কপিলী নৈৰ মাজভাগত হঠাৎ দুৰ্ঘটনাগ্ৰস্ত হয় যদিও ইয়াৰে ৮জন লোক নদীৰ পাৰলৈ উঠি আহিবলৈ সক্ষম হোৱাৰ বিপৰীতে অনুৰাগ বৰ্মন (২ বছৰ) আৰু শিবা বৰ্মন (৩ বছৰ)ৰ সলিল সমাধি ঘটে। ইফালে আজি পুৱা স্থানীয় লোকে শিবা বৰ্মনৰ মৃতদেহ কঁপিলী নদীত ওপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। অন্যহাতে দুবছৰীয়া অনুৰাগ বৰ্মন এই পৰ্যন্ত সন্ধান ওলোৱা নাই। উল্লেখযোগ্য যে জিলা প্ৰশাসন বা SDRF এ শিশুটিৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে।

প্ৰেৰক হেমন্ত কুমাৰ নাথ

You might also like