নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাওখেলৰ গইনাৰে ধুবুৰীৰ ভাষাণীচৰত জুৱা

নিয়মীায়া বাৰ্তা, ২৭ অক্টোবৰঃ অৱশেষত গা ল’ৰিল ধুবুৰী আৰক্ষীৰ। ধুবুৰীৰ দুৰ্গম ভাষাণীৰচৰ অঞ্চলত বৰলুইতত আয়োজিত নাও খেলৰ গইনা লৈ এটা সমাজ বিৰোধী চক্ৰই আৰম্ভ কৰা জুৱা সন্দৰ্ভত নিয়মীয়া বাৰ্তাত সবিস্তাৰে বাতৰি প্ৰকাশিত হোৱাৰ পিছত একচন মুডত নামিল ধুবুৰী আৰক্ষী। জানিব পৰা মতে, আজি সন্ধিয়া সেই জুৱাৰী চক্ৰৱৰ্তী ঘাটিত অভিযান চলায় ধুবুৰী আৰক্ষীৰ এটি দলে। দলটোৱে ১১জনকৈ জুৱাৰীকে কৰায়ত্ত কৰাৰ উপৰিও ডাব্বু নামৰ জুৱা এবিধৰ আনুসঙ্গিক সামগ্ৰী আৰু এখন পালচাৰ মটৰ চাইকেলো জব্দ কৰা বুলি প্ৰকাশ। জানিব পৰা মতে, জুৱাৰীৰ সেই দলটোক দূৰ্গম সেই অঞ্চলটোৰ পৰা বৰলুইতেৰ নদীপথেদি নাৱেৰে ধুবুৰী চহৰৰ যোগমায়া পাৰঘাটলৈ অনাৰ পিছত ধুবুৰী সদৰ থানা লৈ আনিছে ধুবুৰী আৰক্ষীৰ সেই অভিযানকাৰী দলটোৱে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like