নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এবছৰে ৰহস্যজনকভাৱে নিৰুদ্দেশ টিংখাঙৰ ববিতা

নিয়মীয়া বাৰ্তা, ২১ ফেব্ৰুৱাৰীঃ এটা বছৰে সন্ধান নাই টিংখাঙৰ এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ। ২০২৪ চনৰ জানুৱাৰী মাহতে‌ গোপনে স্থানীয় এগৰাকী মহিলাই কিশোৰীগৰাকীক বহিৰাজ্যলৈ লৈ যোৱাৰ অভিযোগ পৰিয়ালৰ। কিশোৰীগৰাকীৰ নিৰুদ্দেশ সন্দৰ্ভত তিনিবাৰকৈ আৰক্ষীক অৱগত কৰাৰ পাছতো আৰক্ষীয়ে গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ দুভগীয়া পিতৃ মাতৃৰ। ঘটনা অনুসৰি টিংখাং থানাৰ অন্তৰ্গত কদমণি গাঁৱৰ  হেমন্ত গোৱালা আৰু গোলাপী গোৱালাৰ একমাত্ৰ কন্যা ববিতা গোৱালা (১৬) নামৰ কিশোৰীগৰাকী বিগত এবছৰে ঘৰৰ পৰা বিছিন্ন হৈ আছে। ২০২৪ বৰ্ষৰ জানুৱাৰী মাহৰ কোনোবা এটা দিনতে ঘৰত পিতৃ মাতৃ নথকাৰ সময়ত ৰহস্যজনক ভাৱে নিৰুদ্দেশ হয় ববিতা গোৱালা নামৰ কিশোৰী গৰাকী। পৰৱৰ্তী সময়ত একে গাঁৱৰে হেমন্তি ঘাটোৱাৰ নামৰ এগৰাকী মহিলাই সপ্তম শ্ৰেণীত পঢ়ি থকা ববিতা গোৱালা (১৬)ক গোপনে বহিঃৰাজ্যলৈ লৈ যায় বুলি অভিযোগ কৰে কিশোৰীগৰাকীৰ পিতৃ মাতৃয়ে। নিৰুদ্দেশৰ তিনি মাহৰ পাছত পৰিয়ালৰ লোকৰ সৈতে ববিতাৰ ফোনযোগে কথা পাতিছিল আৰু তাই ৰাজস্থানত থকা বুলি জনাইছিল। কিন্তু ইয়াৰ পাছৰে পৰা পৰিয়ালৰ সৈতে কোনো যোগাযোগ নাই ববিতাৰ। পৰিয়ালৰ লোকে স্থানীয় টিংখাং আৰক্ষী থানাত ববিতা নিৰুদ্দেশ সন্দৰ্ভত তিনিবাৰ কৈ অৱগত কৰিছে যদিও প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে পিতৃ মাতৃয়ে। বিগত এবছৰে সন্ধানহীন হৈ থকা একমাত্ৰ কন্যাক বিচাৰি হাবাথুৰি খাব লগা হৈছে পৰিয়ালৰ লোকে। কোনো লোকে  ববিতাৰ কিবা সন্ধান লাভ কৰিলে পৰিয়ালৰ 9395682128 নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনায় পিতৃ মাতৃয়ে।
প্ৰেৰক কৃষ্ণ গগৈ
You might also like