হাগ্রামাৰ ট্রেকৰ বাহিৰলৈ বড়ো ৰাজনীতি
বড়োক সহযোগী ভাষাৰ স্বীকৃতি–নতুন স্বায়ত্তশাসিত পৰিষদ গঠনেৰে সোণোৱাল চৰকাৰ ‘ট্রাম্প কার্ড’
নিয়মীয়া বাৰ্তা ৯ অক্টোবৰঃ বড়ো ভাষাক সহযোগী চৰকাৰী ভাষাৰ স্বাকৃতিৰ লগতে ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰত থকা বড়ো অধ্যুষিত অঞ্চলক সামৰি বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠন সন্দর্ভত কালি মন্ত্রী পৰিষদৰ বৈঠকে সিদ্ধান্ত লোৱাৰ লগে লগে উৎফুল্লিত হৈ পৰিছে ৰাজ্যখনৰ বিভিন্ন স্থানত সিঁচৰতি হৈ থকা বড়ো জনগোষ্ঠীৰ লোকসকল৷ ৰাজ্যখনৰ ভিন্ন প্রান্তত যুগ যুগ ধৰি বঞ্চিত আৰু অৱহেলিত হৈ থকা বড়ো জনগোষ্ঠীৰ লোকসকলে ঠায়ে ঠায়ে বন্তি জ্বলাই উৎসৱমুখৰ পৰিস্থিতি সৃষ্টি কৰে৷ ইয়াৰ লগে লগে বি পি এফৰ সভাপতি তথা প্রাক্তন বিটিচিপ্রধান হাগ্রামা মহিলাৰীৰ ট্রেকৰ বাহিৰলৈ গ’ল বড়ো ৰাজনীতি৷ মন কৰিবলগীয়া এয়ে যে ২০০৩ চনত বিটিচি গঠনৰ পাছৰে পৰাই তদানীন্তন বিটিএডি তথা বর্তমানৰ বিটিআৰৰ অধীনস্থ ১২ৰ পৰা ১৪টা বিধানসভা সমষ্টি মূলতঃ বি পি এফৰ নিয়ন্ত্রণাধীন হৈ আহিছে৷ প্রতিটো বিধানসভা নির্বাচনতে বি পি এফে ১২ৰ পৰা ১৩টা সমষ্টি দখল কৰি অসমৰ ৰাজনীতিত এক শক্তিশালী ভূমিকা গ্রহণ কৰি আহিছে৷ বিটিচিৰ ভিতৰত হাগ্রামা মহিলাৰী নেতৃত্বাধীন বি পি এফে সেই সফলতাক আধাৰ হিচাপে লৈয়ে বিটিচিৰ বাহিৰত থকা বড়ো ভোটাৰ ৰাইজৰ বিভিন্ন সমস্যাক ইছ্যু হিচাপে লৈ সেইসকল ভোটাৰকো কোকৰাঝাৰৰ পৰাই মহিলাৰীয়ে নিজৰ নিয়ন্ত্রণত ইমানদিনে ৰাখি আহিছে৷ সাধাৰণ ভোটাৰ ৰাইজেও যোৱা সময়ছোৱাত মহিলাৰীৰ পৰামর্শ অনুসৰিয়েই বিভিন্ন নির্বাচনত নির্দিষ্ট কৰি দিয়া দলৰ সপক্ষেই ভোটদান কৰে৷ ইয়াৰ বাবে অসমৰ ৰাজনীতিত যোৱা ডেৰ দশকজুৰি মহিলাৰীয়ে দপদপাই থাকিবলৈ সক্ষম হয়৷ কিন্তু কালি অসম মন্ত্রীসভাৰ কেবিনেটে বিটিচিৰ বাহিৰৰ বড়ো অধ্যুষিত অঞ্চলক লৈ বড়ো কছাৰী কল্যাণ স্বায়ত্ত পৰিষদ গঠনৰ লগে লগে তেওঁলোকে নিজৰ সমস্যা সমাধানৰ লগতে উন্নয়নৰ যাত্রাৰ বাবে স্বনিয়ন্ত্রণৰ অধিকাৰ লাভ কৰে৷ বিটিচিৰ বাহিৰত থকা মহিলাৰীৰ অধীনস্থ প্রাক্তন বি এল টিসকলো চৰকাৰৰ এই সিদ্ধান্তত উৎসাহিত হৈ এতিয়া বিজেপিমুখী হৈছে৷ এক কথাত ক’বলৈ গ’লে সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ এই ‘ট্রাম্প কার্ড’–এ মহিলাৰীৰ ইমান দিনীয়া একছত্রী সম্রাজ্যত একপ্রকাৰ মোক্ষম আঘাত বুলিব পাৰি৷
ইয়াৰ সমান্তৰালভাৱে ২০২১ চনৰ বিধানসভা নির্বাচনৰ পূর্বে আৰম্ভ হৈছে নতুন সমীকৰণ৷ কিয়নো বি টি আৰ অঞ্চলক বাদ দি কার্বি আংলং, ধেমাজি, লখিমপুৰ, গোলাঘাট, শোণিতপুৰ, বৰপেটা, গোৱালপাৰা, ধুবুৰী জিলাকে ধৰি ২১খন জিলাত ১০ লক্ষাধিক বড়ো জনগোষ্ঠীৰ লোক আছে৷ তদুপৰি জোনাই, চতিয়া, গহপুৰ, ঢ়েকীয়াজুলি, গোলাঘাট, সৰুপথাৰ, বোকাজান, হাওৰাঘাট, দিছপুৰ, দুধনৈ, গৌৰীপুৰ, বকো, ছয়গাঁও, ৰঙিয়া, বিলাসীপাৰা পূব আৰু বিলাসীপাৰা পশ্চিম এই ১৬টা বিধানসভা সমষ্টিত বৃহৎসংখ্যক বড়ো ভোটাৰ আছে৷ পূর্বতে এই সমষ্টিসমূহৰ বড়ো ভোটাৰক আহিলা হিচাপে লৈয়ে মহিলাৰীয়ে নিজ ইচ্ছা অনুসৰি মিত্রদলৰ সৈতে ৰাজনৈতিক দৰ–দাম চলাই আহিছে৷ কিন্তু এতিয়া সংবিধানৰ ষষ্ঠ অনুসূচীভুক্ত এলেকাৰ বাহিৰৰ বড়ো জনগোষ্ঠীক স্বনিয়ন্ত্রণৰ বাবে স্বায়ত্তশাসন প্রদান কৰাৰ লগে লগে তেওঁলোক এতিয়া মহিলাৰীৰ ট্রেকৰ পৰা আঁতৰি যোৱাৰ সম্ভাৱনাই অধিক প্রকট হৈ পৰিছে৷ মহিলাৰীৰ পৰিৱর্তে এতিয়াৰে পৰা বি টি আৰৰ বাহিৰৰ বড়ো জনগোষ্ঠীৰ বাবে প্রধান নেতা ৰূপে পৰিগণিত হ’ব সংযুক্ত বড়ো গণ মঞ্চহে (ইউ বি পি অ’)৷ কিয়নো ২০১৪ চনৰ ১৮ জুলাইত ধেমাজি জিলাৰ সানজাৰি নৌগৌৰৰ চিমেন চাপৰিত প্রতিষ্ঠা হোৱা ইউ বি পি অ’ই পূর্বৰ বি টি এ ডিৰ বাহিৰৰ বড়ো জাতীয় সংগঠনসমূহৰ সহযোগত বিগত ছটা বছৰে বড়ো কছাৰী স্বায়ত্তশাসিত পৰিষদ গঠনৰ দাবী জনাই আহিছিল৷ যোৱা ২৭ জানুৱাৰীত নতুন দিল্লীত কেন্দ্রীয় চৰকাৰ, অসম চৰকাৰ, এবছু, এন ডি এফ বিৰ চাৰিওটা গোট আৰু ইউ বি পি অ’ৰ মাজত সম্পাদিত বি টি আৰ চুক্তিৰ ৫নং দফাৰ ৫.১ত বি টি আৰৰ বাহিৰৰ বড়ো জনগণৰ আর্থ–সামাজিক উন্নয়নৰ বাবে বড়ো কছাৰী কল্যাণ স্বায়ত্তশাসিত পৰিষদ গঠনৰ প্রস্তাৱ ৰখা হয়৷ চুক্তিখনৰ সেই দফাৰ কার্যকৰীকৰণৰ বাবে কালি অসম মন্ত্রী পৰিষদৰ বৈঠকে স্বায়ত্তশাসিত পৰিষদখন গঠনত অনুমোদন জনায়৷ ইউ বি পি অ’ই চৰকাৰক দাখিল কৰা খচৰাৰ আর্হিত তৎকালে অন্তর্ৱর্তীকালীন ভিত্তিত স্বায়ত্ত পৰিষদখন গঠনৰ স্বার্থত ইউ বি পি অ’ৰ ছয় শতাধিক নেতা–কর্মীয়ে বিজেপিত যোগদানৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ কাইলৈ ইউ বি পি অ’ৰ সভাপতি মিহিনিশ্বৰ বসুমতাৰী, সাধাৰণ সম্পাদক অনিল বসুমতাৰী, উপ–সভাপতি গাম্বাৰু মুছাহাৰী, ৰতন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক বিজেন্দ্র কুমাৰ বসুমতাৰী, সম্পাদক শুক্রেশ্বৰ গয়াৰী, প্রদীপ স্বর্গীয়াৰী, বিনোদ বসুমতাৰী, সাংগঠনিক সম্পাদক সুভাষ বড়ো, মধুৰা বসুমতাৰীকে ধৰি সংগঠনটোৰ কেন্দ্রীয় সমিতিৰ ৩৫গৰাকী নেতাই আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব৷ সেইদৰে সংগঠনটোৰ ধেমাজি জিলা সমিতিৰ সভাপতি মনোৰঞ্জন বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সন্তলা গয়াৰী, হেমকান্ত দৈমাৰী, সম্পাদক প্রদীপ ৰামচিয়াৰী, বানেশ্বৰ গয়াৰী, চুদেম বসুমতাৰী, উপ–সভাপতি মণ্টু বসুমতাৰী, প্রাক্তন বি এল টি কল্যাণ পৰিষদৰ অবিভক্ত লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা বিউটি গয়াৰী, উপ–সভাপতি বিষ্টিৰাম নার্জাৰী, জোনাই প্রাইমাৰী সমিতিৰ উপদেষ্টা ৰবীন স্বর্গীয়াৰী, সোৱণশিৰি প্রাইমাৰী সমিতিৰ জয়থশ নার্জাৰী, আবৌফৰ ধেমাজি জিলা সমিতিৰ উপ–সভানেত্রী শীলা বসুমতাৰী, চিমেন আঞ্চলিকৰ সভানেত্রী সবিতা স্বর্গীয়াৰী, চিলাপথাৰ আঞ্চলিকৰ উপ–সভানেত্রী ৰঞ্জু গয়াৰী, এন ডি এফ বি (এছ)ৰ ধেমাজি জিলা সমিতিৰ সভাপতি প্রসেনজিৎ বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক ভদ্রেশ্বৰ বসুমতাৰী, দৈমালু নার্জাৰী, চিমেন প্রাইমাৰী সমিতিৰ সভাপতি শশীধৰ গয়াৰী, জোনাই প্রাইমাৰী সমিতিৰ সভাপতি ৰঞ্জয় নার্জাৰীকে ধৰি ধেমাজি জিলাৰ মুঠ ৯০গৰাকী, ইউ বি পি অ’ৰ লখিমপুৰ জিলা সমিতিৰ উপদেষ্টা উদয় বসুমতাৰী, উপ–সভাপতি প্রফুল্ল খেৰকটাৰী, অধ্যক্ষ কামেশ্বৰ বসুমতাৰী, সহঃ সাধাৰণ সম্পাদক সুশান্ত মুছাহাৰীৰ সৈতে লখিমপুৰ জিলাৰ পৰা ২০গৰাকী, তিনিচুকীয়া জিলাৰ সভাপতি বিষ্ণুৰাম নার্জাৰী, সাধাৰণ সম্পাদক জয়ন্ত নার্জাৰীৰ নেতৃত্বত ২০গৰাকী, ডিব্রুগড় জিলা ইউ বি পি অ’ৰ সভাপতি পিনাংক্ষি বসুমতাৰীৰ নেতৃত্বত ২০গৰাকী, চৰাইদেউ জিলাৰ পৰা ২৫গৰাকী, কার্বি আংলং জিলা ইউ বি পি অ’ৰ সভাপতি বাদল মুছাহাৰীৰ নেতৃত্বত ২৫গৰাকী, শোণিতপুৰ জিলা ইউ বি পি অ’ৰ ভাৰপ্রাপ্ত সভাপতি জেমছ স্বর্গীয়াৰী, সাধাৰণ সম্পাদক অমিত কুমাৰ বসুমতাৰীৰ নেতৃত্বত ৩০গৰাকী, গোলাঘাট জিলা ইউ বি পি অ’ৰ সভাপতি মুকুন্দ বসুমতাৰীৰ নেতৃত্বত ২৫গৰাকী, নগাঁও জিলাৰ ২৫গৰাকী, মৰিগাঁও জিলাৰ ৪৫গৰাকী, হোজাই জিলাৰ ২৫গৰাকী, কামৰূপৰ ২২গৰাকী, কামৰূপ (ম)ৰ ৪৫গৰাকী, দক্ষিণ কামৰূপৰ ২৫গৰাকী, ধুবুৰীৰ ২০গৰাকী, বৰপেটাৰ ২০গৰাকী, গোৱালপাৰা–বঙাইগাঁও জিলাৰ পৰা ১০গৰাকীকৈ নেতাই বিজেপিত যোগদান কৰিব৷ গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্রত আয়োজিত এই যোগদান অনুষ্ঠানত ইউ বি পি অ’ৰ উপৰি প্রাক্তন বি এল টি, এন ডি এফ কেডাৰৰ লগতে আন বড়ো সংগঠনৰ কর্মীও আছে৷ বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিবৰ বাবে ইউ বি পি অ’ৰ নেতৃত্বত ৰে’ল–বাছেৰে ধেমাজি, লখিমপুৰকে ধৰি অসমৰ ২১খন জিলাৰ পৰা দলে দলে গুৱাহাটী অভিমুখে লোকসকল ৰাওনা হৈছে৷ ইফালে ৰাজ্য চৰকাৰে কালি গ্রহণ কৰা সিদ্ধান্তত উৎসাহিত হৈ পৰিছে মহিলাৰীৰ অতি ঘনিষ্ঠ ৰূপে পৰিচিত ৰাজ্যসভাৰ সাংসদ তথা বি পি এফৰ কার্যকৰী সভাপতি বিশ্বজিৎ দৈমাৰী৷ ইয়াৰ বাবে তেওঁ প্রধানমন্ত্রী নৰেন্দ্র মোদী, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, ‘নেডা’ৰ আহ্বায়ক তথা ৰাজ্যৰ বিত্তমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বি টি আৰ চুক্তিৰ স্বাক্ষৰকাৰী এবছু, এন ডি এফ বি, ইউ বি পি অ’ক ধন্যবাদ জ্ঞাপন কৰে৷ বড়ো ভাষাক সহযোগী চৰকাৰী ভাষাৰ মর্যাদা দিয়াৰ বাবেও আনন্দ প্রকাশ কৰি দৈমাৰীয়ে কয় যে বড়ো ভাষা হৈছে অসমৰ আদিম ভাষা৷ বড়ো ভাষাই অসমৰ সহযোগী ভাষাৰ মর্যাদা লাভ কৰাত এজন বড়ো জনগোষ্ঠীয় লোক হিচাপে তেওঁ আনন্দিত হৈছে বুলি কয়৷