নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ

🔹 টকা কঢ়িওৱা বাহনত উদ্ধাৰ সমৰ ৰঞ্জনৰ মৃতদেহ

বিশেষ বাৰ্তা, ৩০ অক্টোবৰ : গুৱাহাটী মহানগৰীত পুনৰ মৃতদেহ উদ্ধাৰ হৈছে। লক্ষ্মীপূজাৰ দিনা দুটাকৈ মৃতদেহ উদ্ধাৰ হোৱাৰ পিছত আজি পুনৰ মৃতদেহ উদ্ধাৰ হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। সমৰ ৰঞ্জন দাস নামৰ ব্যক্তিগৰাকীৰ মৃতদেহ উদ্ধাৰ হয় এখন বাহনত। গীতামন্দিৰৰ সমীপত এটিএমৰ বাবে টকা কঢ়িওৱা এখন বাহনত উদ্ধাৰ হয় মৃতদেহটো। উল্লেখ্য যে তিনি দিন ধৰি নিৰুদ্দিষ্ট হৈ আছিল মৃত সমৰ ৰঞ্জন দাস।  সমৰ ৰঞ্জন তিনি দিন ধৰি সন্ধানহীন হৈ থকা সন্দৰ্ভত পৰিয়ালৰ লোকে নুনমাটি আৰক্ষীক অৱগত কৰিছিল। আজি গাড়ীখনত মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত আৰক্ষীয়ে পৰিচয় পত্ৰ উদ্ধাৰ কৰি পৰিয়ালৰ লোকক খবৰ দিয়ে। পিছত ঘটনাস্থলীত উপস্থিত হয় পৰিয়ালৰ লোক। নুনমাটি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে।

You might also like